বিলাসীপাৰা মহাবিদ্যালয়ত ‘DOTARA’ৰ শুভ উদ্ধোধন

বিলাসীপাৰাৰ পৰা আলী আজাত ইছলামঃ সমাগত লোকসভা নিৰ্বাচনত নতুন ভোটাৰৰ ভোটদান সন্দৰ্ভত সজাগতামূলক এখনি চুটি নাট প্ৰদৰ্শন কৰা হয়। উল্লেখযোগ্য যে আগন্তুক ২০২৪ চনৰ লোকসভা নিৰ্বাচনৰ লগত সংগতি ৰাখি বিলাসীপাৰা মহাবিদ্যালয়ত অনুষ্ঠিত এখনি সভাত বিলাসীপাৰা মহকুমা আয়ুক্ত সৃষ্টি সিঙে বিলাসীপাৰা নিৰ্বাচনী জিলাৰ নিৰ্বাচনী প্ৰতীক চিহ্ন উন্মোচন কৰে।

নিৰ্বাচনী সজাগতা সৃষ্টিৰ উদ্দেশ্যে বাটৰ নাট প্ৰদৰ্শনেৰে আৰম্ভ হোৱা উক্ত সভাত উপস্থিত ব্যক্তি, ছাত্ৰ-ছাত্ৰী আৰু নতুন ভোটদাতাসকলক উৎসাহিত কৰাৰ উদ্দেশ্যে সাৱলীল ভাষণ প্ৰদান কৰে, বিলাসীপাৰা মহকুমা আয়ুক্ত সৃষ্টি সিং, নিৰ্বাচনী আয়ুক্ত ৰৌশিনুল আলম, সহকাৰী আয়ুক্ত তথা ভাৰপ্ৰাপ্ত মহকুমা তথ্য আৰু জনসংযোগ বিষয়া জিয়াউৰ ৰহমানে।

“দোতাৰা” নামৰ উক্ত নিৰ্বাচনী প্ৰতীক চিহ্নটো ডিজাইন কৰে কাৰ্টুনিষ্ট কল্যাণী অধিকাৰীয়ে। উক্ত সভাত উপস্থিত থাকে বিলাসীপাৰা মহাবিদ্যালয়ৰ অধ্যক্ষ ড০ বিশ্বজিৎ বিশ্বাস, লাইব্ৰেৰীয়ান ড০ হৰিচৰণ দাসৰ লগতে সহকাৰী শিক্ষক মানস ৰঞ্জন কাশ্যপ, অৰূপ ভূঞা, বিদ্যুৎ গোস্বামী আৰু বিলাসীপাৰা মহাবিদ্যালয়ৰ অন্যান্য প্ৰবক্তা আৰু ছাত্ৰ-ছাত্ৰীসকল।

ইয়াৰ উপৰিও আজি শালকোচা বজাৰত দিনৰ ১১.৩০ বজাত ৰাইজৰ মাজত নিৰ্বাচনৰ সজাগতা বৃদ্ধি কৰাৰ উদ্দেশ্যে বাটৰ নাট এখনি প্ৰদৰ্শন কৰা হয়। বাটৰ নাটখনি প্ৰদৰ্শন কৰে গোলকগঞ্জৰ স্বস্তিদূত নাট্য গোষ্ঠীয়ে।

Be the first to comment

Leave a Reply

Your email address will not be published.


*