31.3 C
Guwahati
Sunday, October 19, 2025
More

    শেহতীয়া আপডেটঃ

    দিল্লীৰ সুৰা কেলেংকাৰীৰ সৈতে জড়িত থকাৰ বাবে বিজেপিৰ সভাপতি জেপি নাড্ডাক গ্ৰেপ্তাৰ কৰক

    • দিল্লীৰ তথাকথিত সুৰা কেলেংকাৰীৰ প্ৰকৃত খলনায়ক বিজেপিঃ আপ
    • আপ, অসমৰ ৰাজ্যিক কাৰ্যনিৰ্বাহক হেমন্ত ফুকনৰ বিস্ফোৰণঃ দিল্লীৰ তথাকথিত সুৰা কেলেংকাৰীৰ সৈতে জড়িত সাৰথ ৰেড্ডীৰ সৈতে ধনৰ বিনিময় বিজেপিৰ

    গুৱাহাটীঃ গুৱাহাটীৰ গণেশগুৰিস্থিত আপ, অসমৰ ৰাজ্যিক কাৰ্যালয়ত এখন সংবাদমেল সম্বোধন কৰি দিল্লীৰ সুৰা কেলেংকাৰীৰ সম্পৰ্কে কেতবোৰ বিস্ফোৰক তথ্য সদৰি কৰে আপ, অসমৰ ৰাজ্যিক কাৰ্যনিৰ্বাহক হেমন্ত ফুকনে। সংবাদ মেলখনত ফুকনে উল্লেখ কৰে যে যোৱা দুটা বছৰ ধৰি EDয়ে ৫০০টাতকৈ অধিক তালাচী চলালে। ১০০০ জনতকৈ অধিক লোকক সোধপোছ কৰিলে। কিন্তু EDয়ে অৰবিন্দ কেজৰিৱাল তথা আম আদমি পাৰ্টীৰ বিৰুদ্ধে কোনো প্রমাণ নাপালে। দৰাচলতে দিল্লীৰ তথাকথিত সুৰা কেলেংকাৰীৰ সৈতে আম আদমি পাৰ্টী নহয়, বৰং বিজেপিহে জড়িত- এই বিস্ফোৰক তথ্য সদৰি কৰি ৰাজ্যিক কার্যনির্বাহকজনে কয় যে দিল্লী সুৰা কেলেংকাৰীৰ মুখ্য অভিযুক্ত হিচাপে পূর্বতে বিবেচিত হোৱা সাৰথ ৰেড্ডীয়ে বিজেপিক Aurobindo Pharma, Eugia Pharma আৰু APL Healthcareৰ যোগেদি ৫৯.৫০ কোটি টকাৰ অনুদান ইলেক্ট’ৰেল ব’ণ্ডৰ যোগেদি প্ৰদান কৰে। এই বৃহৎ অনুদানৰ পাছতেই সাৰথ ৰেড্ডীক জামিনত মুকলি কৰাই তেওঁক ৰাজসাক্ষী হিচাপে গ্ৰহণ কৰা হয়। হেমন্ত ফুকনে কয় যে দিল্লীৰ তথাকথিত সুৰা কেলেংকাৰীৰ সৈতে বিজেপিহে জড়িত হৈ আছে আৰু সেইবাবে বিজেপিৰ সভাপতি জেপি নাড্ডাক গ্ৰেপ্তাৰ কৰি বিজেপিকো এই তদন্তৰ আওঁতালৈ আনিব লাগে। সংবাদ মেলখনত আপৰ ৰাজ্যিক উপ-সভাপতি ৰাজীৱ শ‍ইকীয়া আৰু মিডিয়া সমন্বয়ক জয়ন্ত কুমাৰ কলিতাও উপস্থিত থাকে।

    album-art
    Roi Roi Binale A Zubeen Garg Musical
    00:00
    Sorry, no results.
    Please try another keyword
    • Mur Mon (Roi Roi Binale) · Zubeen Garg Mur Mon (Roi Roi Binale) ℗ Zeal Creations Released on: 2025-10-07 Producer: Zubeen Garg Composer: Zubeen Garg Lyricist: Zubeen Garg

    Latest Posts

    বিশেষঃ

    Stay in touch

    To be updated with all the latest news, offers and special announcements.

    This will close in 0 seconds