কবি উজ্জ্বল ডেকালৈ ৰাষ্ট্ৰীয় আম্বেদকাৰ বঁটা

♦ৰঙিয়াৰ পৰা চৈয়দ মোস্তাফা আহমেদঃ কামৰূপ জিলাৰ ৰঙিয়াৰ নিকটৱৰ্তী চাপনীয়া গাঁওৰ নিৱাসী কবি উজ্জ্বল ডেকালৈ ৰাষ্ট্ৰীয় আম্বেদকাৰ বঁটা। দিল্লীৰ বুৰাৰী অঞ্চলৰ পঞ্চশীল আশ্ৰমত অনুষ্ঠিত এক গাম্ভিৰ্যপূৰ্ণ অনুষ্ঠানত এই বটা প্ৰদান কৰা হয়। ভাৰতীয় দলিত সাহিত্য একাডেমীয়ে ৰাষ্ট্ৰীয় দলিত সাহিত্য সন্মিলনৰ লগত সংগতি ৰাখি প্ৰতিবছৰেই বিভিন্ন শিতানত আন্তঃৰাষ্ট্ৰীয় আৰু ৰাষ্ট্ৰীয় বঁটা আগবঢ়াই আহিছে৷ দলিত সাহিত্য একাডমীয়ে প্ৰদান কৰা ২০২১ বৰ্ষৰ ৰাষ্ট্ৰীয় আম্বেদকাৰ ফেল্‌শ্বীপ বঁটা অসমৰ কেইবাগৰাকী বিশিষ্ট ব্যক্তিৰ লগতে ৰঙিয়াৰ সুযোগ্য সন্তান উজ্বল ডেকাকো এই বঁটাৰ বাবে বিবেচিত হৈছে। বৃত্তিত দ্বাৰকুছি উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অৰ্থনীতি বিষয় শিক্ষক তথা কবি উজ্জ্বল ডেকাই বিগত ডিচেম্বৰ মাহতো কাব্যশ্ৰী বঁটা গ্ৰহণ কৰি ৰঙিয়ালৈ সুনাম কঢ়িয়াই আনিবলৈ সক্ষম হৈছিল৷ উজ্জ্বল ডেকাৰ সাহিত্যৰ প্ৰতি থকা সৃষ্টিশীল কৰ্মৰাজিৰ বাবেই তেখেতক এই বঁটাৰ বাবে বাচনি কৰা হয় বুলি জানিব দিয়ে৷ কবি গৰাকীক স্বাভাবিকতেই এই বঁটাগ্ৰহণ কৰি উৎফুল্লিত হোৱা দেখা গৈছে।

Be the first to comment

Leave a Reply

Your email address will not be published.


*