মধ্যপ্রদেশ, ছত্তীশগড়, ৰাজস্থান আৰু তেলেংগানা বিধানসভা নিৰ্বাচনৰ দেওবাৰে ভোট গণনা

◆মধ্যপ্রদেশ, ছত্তীশগড়, ৰাজস্থান আৰু তেলেংগানা বিধানসভা নিৰ্বাচনৰ দেওবাৰে ভোট গণনা কৰা হ’ব। ভোটগণনা সুচাৰুৰূপে সম্পন্ন কৰাৰ বাবে ইতিমধ্যে ৰাজ্যকেইখনত নিৰাপত্তা ব্যৱস্থা কটকটীয়া কৰি তোলা হৈছে। ৰাজ্যকেইখনৰ মুখ্য নির্বাচনী বিষয়াসকলে প্রকাশ কৰা অনুসৰি ভোটগণনা শান্তিপূৰ্ণ আৰু ত্রুটিপূর্ণভাৱে সম্পন্ন কৰাৰ বাবে প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণ কৰা হৈছে।

Madhya Pradesh election results 2023: When, where, how to check results on Dec 3 | Latest News India - Hindustan Times

ৰাজস্থানত ১৯৯ খন বিধানসভা আসনৰ বাবে ৩৬ টা কেন্দ্ৰত ভোটগণনা কৰা হ’ব। ইপিনে, মধ্য প্ৰদেশৰ ২৩০ খন আসনৰ বাবে কাইলৈ ভোটগণনা অনুষ্ঠিত হ’ব। ৰাজ্যখনত এই নির্বাচনত ২৫২ গৰাকী মহিলা প্রার্থীকে ধৰি ২,৫৩৩ গৰাকী প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দিতা আগবঢ়াইছে। তেলেংগানাত ১১৯ জনীয়া বিধানসভাৰ বাবে কাইলৈ ৪৯ টা গণনাকেন্দ্ৰত ভোটগণনা কৰা হ’ব। ৰাজ্যখনত এই প্ৰক্ৰিয়া নিয়াৰিকৈ সম্পন্ন কৰাৰ বাবে কেন্দ্ৰীয় বাহিনীৰ ৪০ টা কোম্পানী নিয়োগ কৰা হৈছে। ইপিনে, চত্তিশগড়ত ৯০ খন আসনৰ বাবে কাইলৈ ভোটগণনা প্রস্তুতি সম্পূৰ্ণ হৈছে।

ইফালে মিজোৰাম বিধানসভাৰ ভোট গণনা পৰহিলৈ অনুষ্ঠিত হ’ব। মিজোৰাম বিধানসভাৰ নিৰ্বাচনৰ ভোটগণনাও দেওবাৰে হোৱাৰ কথা আছিল যদিও নির্বাচন আয়োগে ভোটগণনাৰ দিন সলনি কৰি ৪ ডিচেম্বৰ ধাৰ্য কৰিছে। ৩ ডিচেম্বৰ দেওবাৰ হোৱাৰ বাবে ভোটগণনাৰ দিন সলনি কৰিবলৈ বিভিন্ন পক্ষৰ পৰা লাভ কৰা আবেদনৰ পৰিপ্ৰেক্ষিতত আয়োগে এই সিদ্ধান্ত গ্ৰহণ কৰিছে বুলি জানিবলৈ দিয়ে।

Be the first to comment

Leave a Reply

Your email address will not be published.


*