31.3 C
Guwahati
Tuesday, November 11, 2025
More

    শেহতীয়া আপডেটঃ

    বিশ্বনাথত ঋণ মুক্ত প্ৰমাণ পত্ৰ বিতৰণৰ শুভাৰম্ভ কৰিলে কেবিনেট মন্ত্ৰী উৰ্খাও গৌড়া ব্ৰহ্মই

    বিশ্বনাথত ঋণ মুক্ত প্ৰমাণ পত্ৰ বিতৰণৰ শুভাৰম্ভ কৰিলে কেবিনেট মন্ত্ৰী উৰ্খাও গৌড়া ব্ৰহ্মই

    বিশ্বনাথত অসম মাইক্ৰফাইনেন্স উদগনি আৰু সকাহ আঁচনিৰ তৃতীয় শ্ৰেণীৰ অধীনত উপকৃত হ’ব ২৭১৩ গৰাকী হিতাধিকাৰী

     

    বিশ্বনাথ ১৬ অক্টোবৰ অসম চৰকাৰে ৰাজ্যখনৰ মাইক্ৰ’ফাইনেন্স খণ্ডৰ ঋণী সকলে সম্মুখীন হোৱা অসুবিধাৰ প্ৰতি লক্ষ্য ৰাখি অসম মাইক্ৰফাইনেন্স উদগনি আৰু সকাহ আঁচনি, ২০২১ৰ অধীনত আৰ্থিক সকাহ প্ৰদান কৰি আহিছে । এই সকাহ আঁচনিৰ তৃতীয় শ্ৰেণীৰ (CATEGORY – III) অধীনত বিশ্বনাথ জিলাতো আজি ঋণ গ্ৰহণ কাৰীক ঋণ মুক্ত প্ৰমাণ পত্ৰ (No Dues Certificate) আনুষ্ঠানিকভাৱে বিতৰণ শুভাৰম্ভ কৰা হয়।

    বিশ্বনাথ চাৰিআলিৰ আৱৰ্ত ভৱনৰ সমিপৰ খেল পথাৰত অনুষ্ঠিত হোৱা এখন ৰাজহুৱা সভাত হিতাধিকাৰী সকলৰ মাজৰে পাঁচ গৰাকীক ঋণ মুক্ত প্ৰমাণ পত্ৰ প্ৰদান কৰি এই বিতৰণ প্ৰক্ৰিয়াৰ আনুষ্ঠানিকভাৱে শুভাৰম্ভ কৰে অসম চৰকাৰৰ হস্ততাঁত বস্ত্ৰ শিল্প, ৰেচম আৰু ভূমি সংৰক্ষণ বিভাগৰ মন্ত্ৰী উৰ্খাও গৌড়া ব্ৰহ্মই । তেজপুৰ লোকসভা সমষ্টিৰ সাংসদ পল্লৱলোচন দাস, গহপুৰ বিধানসভা সমষ্টিৰ বিধায়ক উৎপল বৰা, বিশ্বনাথ বিধানসভা সমষ্টিৰ বিধায়ক প্ৰমোদ বৰঠাকুৰ প্ৰমুখ্যে গণ্য মান্য ব্যক্তি সকলৰ উপস্থিতিত মুখ্য অতিথি হিচাপে উপস্থিত থাকি অসম চৰকাৰৰ কেবিনেট মন্ত্ৰী উৰ্খাও গৌড়া ব্ৰহ্মই প্ৰমাণ পত্ৰ বিতৰণ আনুষ্ঠানিকভাৱে শুভাৰম্ভ কৰি প্ৰদান কৰা ভাষণত কয় যে, এই তৃতীয় পর্যায়ত চৰকাৰে ২৫,০০০ টকালৈকে ঋণ লোৱাসকলক অগ্ৰাধিকাৰ দিছো। চৰকাৰে ২৫,০০০ৰ পৰা ৫০,০০০ টকালৈকে ঋণগ্রহণকাৰীসকলকো এই সুবিধা প্ৰদানৰ কথা সক্রিয়ভাৱে বিবেচনা কৰি আছে, যাৰ ফলত তেওঁলোক পুনৰবাৰ ঋণ লোৱাৰ বাবে যোগ্য হৈ উঠিব ।মন্ত্ৰী গৰাকীয়ে জিলাখনৰ সকলো মাইক্ৰ’ফাইনেন্স ঋণ গ্রহণকাৰীকে তেওঁলোকৰ বকেয়া ঋণসমূহ সময়মতে পৰিশোধ কৰিবলৈ আহ্বান জনাই প্রতিষ্ঠানসমূহে যিদৰে প্ৰয়োজনৰ সময়ত আইমাতৃ সকলক ঋণ প্ৰদান কৰি সহায় কৰিছে, তেওঁলোককো ঋণ পৰিশোধ কৰি সহায় কৰাটো সকলোৰে দায়িত্ব বুলি উল্লেখ কৰে ।

    উল্লেখযোগ্য যে, বিশ্বনাথ জিলাখনত এই আঁচনিৰ অধীনত মুঠ ২৭১৩ গৰাকী হিতাধিকাৰী আইমাতৃ উপকৃত হ’ব। উল্লেখ্য যে অসম মাইক্ৰফাইনেন্স উদগনি আৰু সকাহ আঁচনি, ২০২১ৰ দ্বিতীয় পৰ্যায়ৰ অধীনত বিশ্বনাথ জিলাত মুঠ ১২,৫৯০ গৰাকী প্ৰথম শ্ৰেণীৰ হিতাধিকাৰী উপকৃত হৈছে। সেইদৰে জিলাখনত দ্বিতীয় শ্ৰেণীৰ ৩০৯৯ গৰাকী হিতাধিকাৰীও উপকৃত হৈছিল।

    অনুষ্ঠানটিত তেজপুৰ লোকসভা সমষ্টিৰ সাংসদ পল্লৱলোচন দাস, বিশ্বনাথ সমষ্টিৰ বিধায়ক প্ৰমোদ বৰঠাকুৰ আৰু গহপুৰ সমষ্টিৰ বিধায়ক উৎপল বৰাই নাতিদীৰ্ঘ ভাষণ প্ৰদান কৰি মাইক্ৰফাইনেন্স প্ৰতিষ্ঠানৰ পৰা ঋণ গ্ৰহণ কৰি বিভিন্ন কাৰণত সমস্যাৰ সন্মুখীন হোৱা ৰাজ্যখনৰ আই-মাতৃ সকলৰ বাবে বৰ্তমান চৰকাৰখনে এই অভিলাষী আঁচনি গ্ৰহণ কৰিছে বুলি উল্লেখ কৰি এনে অভিলাষী আঁচনিৰে আইমাতৃ সকলক উপকৃত কৰাৰ বাবে মুখ্যমন্ত্ৰী গৰাকীক কৃতজ্ঞতা জ্ঞাপন কৰে।তেওঁলোকে লগতে ইয়াকো কয় যে, প্ৰতিগৰাকী আইমাতৃ আত্ম নিৰ্ভৰশীল হ’বৰ বাবে চৰকাৰে বিভিন্ন আঁচনি গ্ৰহণ কৰি আহিছে ।

    ভাস্কৰজ্যোতি বৰাই আঁত ধৰা আৰু জিলাখনৰ কেইবাহাজাৰ হিতাধিকাৰী আইমাতৃ উপস্থিত থকা এই অনুষ্ঠানত বিশ্বনাথৰ জিলা আয়ুক্ত ডাঃ নেহা যাদৱে আদৰনি ভাষন প্ৰদান কৰে। নাতিদীৰ্ঘ অনুষ্ঠানটিত বিশ্বনাথ চাৰিআলি পৌৰ সভাৰ পৌৰপতি অমৰজ্যোতি বৰঠাকুৰ, বিশ্বনাথ জিলা পৰিষদৰ সভানেত্ৰী লাবণ্য চাৰেঙীয়া, পিছপৰা জাতি পৰিষদৰ উপাধ্যক্ষ ডা:ৰঞ্জন গগৈ, সমাজকৰ্মী পংকজ বৰা, দিগন্ত ঘাটোৱাৰ, আৰক্ষী অধীক্ষক শুভাশীষ বৰুৱা, অতিৰিক্ত জিলা আয়ুক্ত ধ্ৰুৱজ্যোতি দাস, অতিৰিক্ত জিলা আয়ুক্ত তথা গহপুৰ মহকুমাৰ ভাৰপ্ৰাপ্ত মহকুমাধিপতি লুকুমনি বৰা আদিৰ লগতে কেইবাহাজাৰ হিতাধিকাৰী, বিভিন্ন বিভাগৰ মুৰব্বী বিষয়া আৰু জিলা প্ৰশাসনৰ কৰ্মচাৰীসকল উপস্থিত আছিল ।

    album-art
    Roi Roi Binale A Zubeen Garg Musical
    00:00
    Sorry, no results.
    Please try another keyword
    • Mur Mon (Roi Roi Binale) · Zubeen Garg Mur Mon (Roi Roi Binale) ℗ Zeal Creations Released on: 2025-10-07 Producer: Zubeen Garg Composer: Zubeen Garg Lyricist: Zubeen Garg
    • Xopun Xopun | Roi Roi Binale | Zubeen Garg | Eye Creations | Zeal Creations | Saregama Song Name: Xopun Xopun Film: Roi Roi Binale Label: Eye Creations & Zeal Creations
    • JUN JWOLI-(ROI ROI BINALE) |ZUBEEN GARG |EYE CREATIONS |ZEAL CREATIONS
    • FILM- ROI ROI BINALE SONG-চকুলোৰে ৰৈ ৰৈ বিনালে(The Last Song) LABEL- ZEAL CREATIONS & EYE CREATIONS AUDIO CREDITS- COMPOSITION- ZUBEEN GARG LYRICS-ZUBEEN GARG MUSIC PRODUCER- ZUBEEN GARG CO-PRODUCER- NILOTPAL BORA & GAURI SHANKAR LAHON VOCALS- ZUBEEN GARG, ACHURJYA BORPATRA ACOUSTIC GUITAR- ISHANU NYLON & ELECTRIC GUITAR- PRITOM GOHAIN BARUAH BASS GUITAR- BISWAJIT CHAKRABORTY CHORUS VOICES-[...]

    Latest Posts

    বিশেষঃ

    Stay in touch

    To be updated with all the latest news, offers and special announcements.

    NOTICE ROI ROI BINALE Film

    •   আবেগ-অনুভূতিত কোনেও যাতে চিনেমাখনৰ ভিডিঅ' ১ ছেকেণ্ডো যাতে আপলোড নকৰে। আনকি ফটোও।  

    •   ট্ৰেলাৰটো ইতিমধ্যে দেখিছেই সকলোৱে। এই কাম নকৰিব। কিয়নো যি কাম তেওঁ বেয়া পাইছিল। সকলোলৈকে আহ্বান।  

    This will close in 30 seconds