31.3 C
Guwahati
Wednesday, October 15, 2025
More

    শেহতীয়া আপডেটঃ

    শিশু সাহিত্য অকাডেমি বঁটা লাভ কৰি গৌৰৱ কঢ়িয়াই আনিছে শিৱসাগৰলৈ মাধুৰিমাই

    ♠ মাতৃৰ চকুত আজি আনন্দৰ চকু পানী।

    ♦শিৱসাগৰ পৰা পাৰ্থ প্ৰতিম বৰুৱাঃ “ফচং” নামৰ এখনি শিশু উপন্যাস ৰচনা কৰি শিৱসাগৰ জিলাৰ বকতা মলিয়া গাৱঁৰ বোৱাৰী ৷ প্ৰদিপ গগৈ পত্নী মাধুৰীমা ঘৰফলীয়াই শিশু সাহিত্য অকাডেমী বঁটা পাবলৈ সক্ষম হৈছে ৷ কৰ্ম সূত্ৰে স্বামী উত্তৰ প্ৰদেশৰ গাজিয়াবাদৰ বৰ্তমান নয়ডাত কম্পিউটাৰ ছফ্টৱেৰত কৰ্মৰত হৈ আছে ৷

     বিগত ১০বছৰৰ পৰা নয়ডাত আছে ৬ বছৰীয়া পুত্ৰৰ সৈতে ৷ ৰাজ্যৰ বাহিৰত থাকিলেও অসমীয়া সাহিত্যৰ লগত জড়িত হৈ থকা মাধুৰীমাই শিশু সাহিত্য বঁটা লাভ কৰিবলৈ সক্ষম হৈছে।

    এই খবৰ লাভ কৰি আমাৰ সাংবাদিক তেখেতৰ বাসগৃহত উপস্থিত হোৱাত তেখেতৰ মাতৃৰ চকুৱে বৈ আহিছে আনন্দৰ চকু পানী।

     শিৱসাগৰ জিলাৰ বকতাৰেই ভকত গাৱঁৰ নিবাসী মাতৃ ৰুনুমী ঘৰফলীয়া আৰু পিতৃ বলীন ঘৰফলীয়া সৰু জী মাধুৰীমা ঘৰফলীয়া।  তেখেতৰ সাফল্যত ঘৰৰ পৰিয়ালৰ লগতে শিৱসাগৰবাসী আজি গৌৰাম্বিত।

    album-art
    Roi Roi Binale A Zubeen Garg Musical
    00:00
    Sorry, no results.
    Please try another keyword
    • Mur Mon (Roi Roi Binale) · Zubeen Garg Mur Mon (Roi Roi Binale) ℗ Zeal Creations Released on: 2025-10-07 Producer: Zubeen Garg Composer: Zubeen Garg Lyricist: Zubeen Garg

    Latest Posts

    বিশেষঃ

    Stay in touch

    To be updated with all the latest news, offers and special announcements.