টংলাৰ পৰা চিন্ময় ডেকাঃ আছাম প্ৰেছ ক’ৰেছপণ্ডেন্ট ইউনিয়ন চমুকৈ আপকুৰ ওদালগুৰি জিলা সমিতি আৰু সাংবাদিক কল্যাণ ন্যাসৰ উদ্যোগত আজি ৩০ ছেপ্টেম্বৰ তাৰিখে ওৰাং ৰ শেৱালি ধাবাৰ সভাকক্ষত এক অন্তৰংগ আলাপ আৰু সম্বৰ্ধনা অনুষ্ঠান অনুষ্ঠিত হয়।
সাংবাদিক কল্যাণ ন্যাসৰৰ সভাপতি বাপন শৰ্মাই সঞ্চালনা কৰা গাম্ভীর্যপূর্ণ অনুষ্ঠান আনুষ্ঠানিকভাৱে উদ্বোধন কৰে আপকুৰ উপদেষ্টা আব্দুল খালেকে। সভা উদ্বোধন কৰি তেখেতে কয়, মফচলীয় সংবাদকৰ্মী সকলে বহু শ্ৰম-কষ্ট, প্ৰত্যাহ্বান গ্ৰহণ কৰি সংবাদ সেৱা আগবঢ়াই আহিও প্ৰাপ্যৰ পৰা বঞ্চিত হৈ অহাটো এক পৰিতাপৰ বিষয়।
অসম সাহিত্য সভাৰ সাংগঠনিক সম্পাদক তথা বিশিষ্ট সাংবাদিক গৌতমানন্দ গোস্বামীয়ে মফচলীয় সংবাদকৰ্মীসকল সংবাদ পত্ৰৰ মেৰুদণ্ড বুলি মন্তব্য কৰে। সংবাদকৰ্মী নাৰায়ণ ডেকা আৰু মুনিন্দ্ৰ কলিতাই সংবাদ ক্ষেত্ৰখনৰ শেহতীয়া গতিধাৰা সম্পৰ্কে বক্তব্য প্রদান কৰি সংবাদকৰ্মী সকলক নিজৰ ধৰ্ম বাৰ্তাই ৰাখিবলৈ আহ্বান জনায়।
অনুষ্ঠানত জিলাখনৰ ২১গৰাকী কৃতী শিক্ষক, হাইস্কুল শিক্ষান্ত পৰীক্ষাত অৱতীর্ণ চাৰি কৃতী শিক্ষাৰ্থী ক্ৰমে দীপান্বিতা ডেকা (৮৯ শতাংশ), গীতাৰ্থ শৰ্মা দাস (৮৫.৬ শতাংশ), চয়নিকা শৰ্মা (৮০.৮৫ শতাংশ)লগতে সংবাদকৰ্মী ধীৰেন মহলীয়া, প্ৰফুল্ল কুমাৰ বড়ো, যতীন নাথ, বিপুল হাজৰিকাক সমাজ সেৱামূলক সাংবাদিকতা বঁটা প্ৰদান কৰে আপকুৰ ওদালগুৰি জিলা সমিতিয়ে।
ওদালগুৰি জিলা আপকুৰ সম্পাদক ফটিক নন্দন ৰাভাই আঁতধৰা এই অনুষ্ঠানত বিশিষ্ট সাংবাদিক শংকৰ গোহাঁই, বি টি চিৰ পৰিষদীয় সমস্য দীপক মৌৰ, বিজেপি নেতা জিতু কিষাণ, মাজবাট মহাবিদ্যালয়ৰ অধ্যক্ষ ড০ প্ৰদীশ কুমাৰ শৰ্মা, অসম সাহিত্য সভাৰ আপকুৰ উপ-সভাপতি সুজিত কটকী, সাংগঠনিক সম্পাদক নৱ কুমাৰ ডেকা প্ৰমুখ্যে ভালেসংখ্যক বিশিষ্ট ব্যক্তি উপস্থিত থাকে।
Leave a Reply