অসম চৰকাৰৰ সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ দহ দিনীয়া গ্ৰীষ্মকালীন নাট কৰ্মশালাৰ বিহালী স্নাতক মহাবিদ্যালয়ত সফল সামৰণি
বিহালী/ বেদেতী ২৫ জুলাইঃ
অসম চৰকাৰৰ সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ উদ্যোগত আৰু শোণিতপুৰ জিলা প্ৰশাসনৰ সহযোগত প্ৰতিটো বিধান সভা সমষ্টিৰ দুটাকৈ স্থানত অনুষ্ঠিত দহ দিনীয়া নাট কৰ্মশালাৰ আজি সামৰণি পৰে । বিহালী স্নাতক মহাবিদ্যালয় আৰু জিনজিয়া মহাবীৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ত অনুষ্ঠিত কৰ্মশালা পৰিচালনা কৰে বিহালী স্নাতক মহাবিদ্যালয়ৰ অসমী বিভাগৰ মূৰব্বী অধ্যাপক ড° টুনটুন বৰা আৰু বেদেতী আৰ কে সোঁৱৰণি কনিষ্ঠ মহাবিদ্যালয়ৰ অধ্যক্ষ পলাশজ্যোতি কোঁছে । বিহালী স্নাতক মহাবিদ্যালয়ৰ কৰ্মশালাত নাট্যাভিনয়, গীত-মাত আদিৰ প্ৰশিক্ষণ প্ৰদান কৰে ক্ৰমে পলাশজ্যোতি কোঁছ, ড° টুনটুন বৰা আৰু জিতু বৰাই । সহযোগী প্ৰশিক্ষক হিচাপে প্ৰশিক্ষণ প্ৰদান কৰে ক্ৰমে অৰুণ বৰা আৰু প্ৰাণজিৎ বৰাই ।
বিহালী স্নাতক মহাবিদ্যালয়ৰ ভাৰপ্ৰাপ্ত অধ্যক্ষ ড° ৰমেন বৰাই আদৰণি ভাষণ আগবঢ়োৱা আজিৰ সামৰণি অনুষ্ঠান পৰিচালনা কৰে ড° টুনটুন বৰা, পলাশজ্যোতি কোঁছ আৰু জিতু বৰাই ।
আৰম্ভণিতে এটি বৰগীত পৰিৱেশন কৰে বিপাঞ্চী গোস্বামীয়ে ।
মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰি বিহালী স্নাতক মহাবিদ্যালয়ৰ ইংৰাজী বিভাগৰ মূৰব্বী অধ্যাপক ড° বিনোদ চুবেদীয়ে অসম চৰকাৰৰ সাংস্কৃতিক বিভাগৰ গ্ৰীষ্মকালীন নাট কৰ্মশালাৰ দৰে নতুন প্ৰজন্মৰ উপযোগী এটি পদক্ষেপ লোৱাৰ বাবে চৰকাৰ তথা বিভাগীয় কৰ্তৃপক্ষৰ শলাগ লৈ বিহালীৰ প্ৰতিভাসম্পন্ন শিশু-কিশোৰ সকলৰ ভৱিষ্যৎ উজ্বল কামনা কৰি বক্তব্য আগবঢ়ায় ।
অনুষ্ঠানত প্ৰশিক্ষাৰ্থী সকলৰ দ্বাৰা শ্ৰীমন্ত শঙ্কৰদেৱ বিৰচিত অঙ্কীয়া নাট ‘পাৰিজাত হৰণ’ পৰিৱেশন কৰা হয় । নাটখন পৰিচালনা কৰে পলাশজ্যোতি কোঁছ আৰু চিৰন্তন ভূঞাই । হৃদয়ঙ্গম নাট্যগোষ্ঠীৰ হৈ ক্ৰমে
অৰুণ বৰাৰ পৰিচালনাৰে মূকাভিনয়, জিতু বৰাই নাট্যৰূপ দিয়া ‘তেজীমলাৰ সাধু’ পৰিচালনা কৰে প্ৰাণজিৎ বৰাই ।
মুঠ ৬০ জন প্ৰশিক্ষাৰ্থীয়ে অংশগ্ৰহণ কৰা বিহালী স্নাতক মহাবিদ্যালয়ৰ প্ৰতিগৰাকী প্ৰশিক্ষাৰ্থীকে একোখনকৈ প্ৰমাণ-পত্ৰ দিয়া হয় ।
অনুষ্ঠানত অংশগ্ৰহণ কৰি বিহালী স্নাতক মহাবিদ্যালয় পৰিচালনা সমিতিৰ সভাপতি ইন্দ্ৰেশ্বৰ কটকী, বৰগাং হাইস্কুলৰ অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষক স্বৰাজ হাজৰিকা,
আৰু বাংশবাৰী সত্ৰৰ ডেকা সত্ৰাধিকাৰ ৰূপম গোস্বামীয়ে অসম চৰকাৰৰ সাংস্কৃতিক বিভাগৰ এনে সৃষ্টিমূলক কাৰ্যসূচী আৰু প্ৰশিক্ষাৰ্থী সকলৰ সুন্দৰ অভিনয় দক্ষতাৰ ভূয়সী প্ৰশংসা কৰি বক্তব্য আগবঢ়ায় ।
অনুষ্ঠানত শলাগৰ শৰাই আগবঢ়ায় প্ৰশিক্ষক পলাশজ্যোতি কোঁছে ।
Leave a Reply