বিলাসীপাৰাৰ আটানী আশ্ৰমত গুৰুদেৱ শ্ৰী শ্ৰী ৰবি শঙ্কৰ ৬৭ তম জন্মদিৱস উদযাপন

বিলাসীপাৰাৰ আটানী আশ্ৰমত গুৰুদেৱ শ্ৰী শ্ৰী ৰবি শঙ্কৰ ৬৭ তম জন্মদিৱস উদযাপন ।

আটানিস্থিত গুৰুদেৱৰ আৰ্ট অৱ লিভিং আশ্ৰমত শনিবাৰে নিশা আড়ম্বৰ পূৰ্ণ ভাবে জন্মদিনৰ কেক কাটি উদযাপন কৰা হয় গুৰুদেৱ শ্ৰী শ্ৰী ৰবি শঙ্কৰৰ জন্ম দিন ।

ভগৱান শ্ৰীকৃষ্ণ বন্দনাৰে সম্পূৰ্ণ এক আধ্যাত্মিক পৰিৱেশৰ মাজত গুৰুদেৱৰ জন্মদিৱসত এবছুৰ (ABSU )প্ৰাক্তন উপ সভাপতি মনেশ্বৰ ব্ৰহ্মকে ধৰি বিভিন্ন জিলাৰ পৰা ভক্তপ্ৰান লোক সকল উপস্থিত থাকে  ।

পৃথিৱীৰ ১৮২ খন দেশত শনিবাৰে গুৰুদেৱ শ্ৰী শ্ৰী ৰবি শঙ্কৰৰ জন্মদিৱস উদযাপন হয় বুলি আটানী আশ্ৰমৰ গুৰুদেৱ অচ্যুত ব্ৰহ্মচাৰীয়ে জানিব দিয়ে।
গুৰুদেৱ ৰবি শঙ্কৰৰ জন্মদিৱস উপলক্ষে গুৰুজনাৰ নিৰ্দেশ মৰ্মে আটানী অঞ্চলৰ বিভিন্ন স্থানত এজোপাকৈ গছ পুলিও ৰোপন কৰে ।

উল্লেখ্য যে আটানীস্থিত এই খন আশ্ৰমত অসম চৰকাৰৰ কেবাগৰাকী মন্ত্ৰী বিধায়ককে ধৰি বিটিআৰ প্ৰধান প্ৰমোদ বড়োও আশীৰ্বাদ বিচাৰি সঘনাই আহে ।

পৰ্বতঝোৰাৰ পৰা মোবাৰক খানৰ প্ৰতিবেদন

Be the first to comment

Leave a Reply

Your email address will not be published.


*