বিশ্বনাথ চাৰিআলিত
স্বেচ্ছাসেৱী সংগঠন
ৱাৰিৱৰ্ছৰ সাধাৰণ সভা সম্পন্ন :
বিহালী ৫ নৱেম্বৰ ::
শনিবাৰে বিশ্বনাথ চাৰিআলি আমবাৰীস্থিত হিন্দী বিদ্যালয় প্ৰেক্ষাগৃহত স্বেচ্ছাসেৱী সংগঠন ৱাৰিৱৰ্ছৰ বিশ্বনাথ জিলা সমিতি খনৰ এখনি বিশেষ সাধাৰণ সভা অনুষ্ঠিত হয় । জিলা সভানেত্ৰী অঞ্জলি বৰুৱাৰ সভাপতিত্ব অনুষ্ঠিত হোৱা সভা খনৰ আতঁ ধৰে
জিলা বিত্তীয় সম্পাদিকা পূৰৱী বৰাই।
সভাত পূৰ্বৰ সমিতি খনৰ সাধাৰণ সম্পাদকৰ অৰ্জুন চেত্ৰী নিজৰ সদস্য পদ শোণিতপুৰৰ জিলালৈ পৰিবৰ্তন কৰা বাবে,বিশ্বনাথ জিলা সমিতিত সাধাৰণ সম্পাদকৰ পদটো খালী হৈ আছিল।
যাৰ ফলত জিলা সমিতি কাম-কাজত কৰাত কিছু অসুবিধা সন্মুখীন হৈ আহিছিল জিলা সমিতিয়ে।
ইফালে আগন্তুক জিলা সমিতি খনৰ কাম-কাজ অধিক তীব্ৰ কৰি তুলিবলৈ সভাই চিচিৰ চৰকাৰক জিলা সাধাৰণ সম্পাদকৰ দায়িত্ব অৰ্পণ কৰে। সভাতে নতুনকৈ সহকাৰী সম্পাদক,বিত্তীয় সহকাৰী সম্পাদক, উপ: সভানেত্ৰীকে ধৰি কেইবাটাও পদত নতুনকৈ সদস্য-সদস্যাক দায়িত্ব প্ৰদান কৰে।
আনহাতে সভাত মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰা ৰাজ্যিক অধ্যক্ষ উৎপল শিৱমে জিলা সমিতি প্ৰতি গৰাকীক সদস্য-সদস্যাই আন্তৰিকতাৰে কাম কাজ কৰি ৰাজ্য আন জিলা ভিতৰত বিশ্বনাথ জিলা খনক জাক জিলিকা কৰিবলৈ আহ্বান জনাই।
ইফালে আগন্তুক বিশ্বনাথ জিলা সমিতি খন কি দৰে অধিক শক্তিশালী কৰিব পাৰি তাৰ ওপৰত নিজৰ বক্তব্য প্ৰদান কৰে
ৱাৰিৱৰ্ছৰ প্ৰচাৰ সম্পাদক তথা সাংবাদিক শ্ৰীমন্ত দাসে ।
দাসে লগতে কয় কাম কৰা সক্ৰিয় সদস্য- সদস্যা সকলক গুৰুত্বপূৰ্ণ পদ সমূহত দায়িত্ব প্ৰদান কৰিলে ভৱিষ্যত সংগঠনটো অধিক শক্তিশালী হ’ব বুলি উল্লেখ কৰে।
Leave a Reply