তেজপুৰ ভোজখোৱা চাপৰিত শৰীৰ চৰ্চা কেন্দ্ৰ মুকলি :
তেজপুৰ ১৭ জুলাই ::
সম্প্ৰতি প্ৰতিগৰাকী লোকৰে খাদ্যৰ বাবেই হওক, কিম্বা পৰিশ্ৰমহীনতাৰ বাবেই হওক দৈহিক গঠনকে ধৰি শৰীৰত ভিন্ন বেমাৰ-আজাৰে দেখা দিছে। তেনে সময়তে দেখা পোৱা গৈছে একাংশ লোকে সু-স্বাস্থ্যৰ স্বাৰ্থত শাৰীৰিক ব্যায়ামৰ প্ৰতি আকৃষ্ট হৈছে আৰু শৰীৰ চৰ্চা কেন্দ্ৰ অৰ্থাৎ জিমলৈ যোৱা আৰম্ভ কৰিছে।
শোণিতপুৰ জিলাৰ তেজপুৰ ভোজখোৱা চাপৰি ছেন্টাত দেওবাৰে
SB fitness club নামৰে শৰীৰৰ চৰ্চা কেন্দ্ৰ এটা মুকলি কৰা হয় স্থানীয় অঞ্চলটোৰ যুৱক-যুৱতী জ্যেষ্ঠ নাগৰিক সকলৰ স্বাৰ্থত। সাংবাদিক শ্ৰীমন্ত দাসে আতঁ ধৰা অনুষ্ঠানটোৰ এই শৰীৰ চৰ্চা কেন্দ্ৰটো মুকলি কৰে বিশিষ্ট খেলুৱৈ তথা মাষ্টাৰ মিষ্টাৰ অসম সমীৰ পলে। প্ৰায় এক শতাধিক লোক উপস্থিত থকা এই অনুষ্ঠানত উপস্থিত থাকে কেইবাজনো বিশিষ্ট ব্যক্তি লগতে বিশ্বনাথ জিলা পৰিবহণ বিভাগৰ প্ৰবৰ্তক পৰিদৰ্শক কৃষ্ণ কান্ত চেতিয়া আৰু সহকাৰী প্ৰবৰ্তক পৰিদৰ্শক ৰাজী দাসৰ লগতে কেইবাজনো বিশিষ্ট ব্যক্তি ।
ইফালে শৰীৰ চৰ্চা কেন্দ্ৰটো মুকলি পিছত সমীৰ পলে ভাষাণ প্ৰসংগত কয় যে এজনে দিনত একঘণ্টা হ’লেও শৰীৰৰ চৰ্চা কৰিব লাগে। যিয়ে আমাৰ শৰীৰ আৰু মন সুস্থ কৰি ৰখাত সহায় কৰে।
আনহাতে কেন্দ্ৰটোৰ স্বত্বাধিকাৰী বাবুল ইছলামে কয় যে এই বৃহত্তৰ অঞ্চলত এনেকুৱা ধৰণৰ অনুষ্ঠানৰ অভাৱ আছিল যাৰ ফলত আমাৰ অঞ্চলৰ যুৱক যুৱতী সকলে আন ঠাই গৈ শৰীৰ চৰ্চা কৰিবলৈ এখন উপযুক্ত কেন্দ্ৰ অভাৱ আছিল যাৰ ফলত মই প্ৰয়োজনীয় অনুভৱ কৰি অঞ্চল যুৱক যুৱতী সকলৰ সু স্বাস্থ্য চিন্তা কৰি এনে এক পদক্ষেপ লোৱা হৈ কেন্দ্ৰটো মুকলি কৰা হৈছে বুলি উল্লেখ কৰে।
লগতে কয় এই কেন্দ্ৰ জড়িয়তে যিয়ে ডেকা শক্তিক সু-স্বাস্থ্য ৰক্ষাত সহায় কৰিব।
তাৰোপৰি এই শৰীৰৰ চৰ্চাত সকলো ল’ৰাই যে আগভাগ ল’ব পাৰে তেনেকুৱা নহয়, ছোৱালী এই চৰ্চাত আগভাগ ল’ব পাৰিব বুলি কয়।
Leave a Reply