বিশ্বনাথ চাৰিআলি লী পে'লেচ হোটেলত ৱাৰিৱৰ্ছ জিলা সমিতি কাৰ্যনিৰ্বাহ সভা::
অসম খবৰ ডিজিটেল বিশ্বনাথ ৫ জুন::
দেওবাৰে বিশ্বনাথ চাৰিআলি হোটেল লী পে’লেচ বিশ্বনাথ জিলাৰ ৱাৰিৱৰ্ছ এখনি বিশেষ কাৰ্যনিৰ্বাহ সভা অনুষ্ঠিত হয়। বিশ্বনাথ জিলা ৱাৰিৱৰ্ছ সভানেত্ৰী অঞ্জলি বৰুৱা সভাপতিত্ব অনুষ্ঠিত হোৱা সভা খনত উদ্দেশ্য বাখ্যা কৰে সম্পাদক অৰ্জুন ছেত্ৰীয়ে।উল্লেখযোগ্য অহা ৩ অক্টোবৰ বিশ্বনাথ চাৰিআলিত এদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হ’বলগীয়া ৰাজ্যিক অধিবেশন খনৰ সন্দৰ্ভত এই সভা খন অনুষ্ঠিত হয়। সভাত অংশগ্ৰহণ কৰে ৱাৰিৱৰ্ছ অধ্যক্ষ উৎপল শিৱম, ৰাজ্যিক সমিতি বিত্তীয় সম্পাদীকা সুস্বপ্না হাজৰিকা,
ৰাজ্যিক সমিতি বিত্তীয় সম্পাদিকা নিতুৰ্পনা শৰ্মা, শোণিতপুৰ সম্পাদিকা বিৰতি বৰঠাকুৰ, শোণিতপুৰ বিত্তীয় সম্পাদিকা,
বিশ্বনাথ জিলা উপ সভানেত্ৰী মুনমি বৰা শিৱম,জিলা সহকাৰী সম্পাদিকা ববী শইকীয়া, জিলা জন সংযোগ সম্পাদক শ্ৰীমন্ত দাস, জিলা বিত্তীয় সম্পাদিকা পূৰবী বৰা, উপদেষ্টা মহেন্দ্ৰ হাজৰিকা , ম: প্ৰিঞ্চ চামচুল হওকে ধৰি বহু কেইজন সদস্য সদস্যা অংশগ্ৰহণ কৰে।
আনহাতে এই সভাতেই গুৰুত্বপূৰ্ণ কেইবাটাও প্ৰস্তাৱ গ্ৰহণ কৰে সভাই ।
Leave a Reply