Thursday, May 29, 2025
26.5 C
Guwahati
TOP NEWS:

সুৰক্ষিত শৈশৱ, সোণালী অসম বিশ্বনাথত ৯০ দিনীয়া প্ৰচাৰ অভিযানৰ শুভাৰম্ভ

- Advertisement -
- Advertisement -
- Advertisement -
- Advertisement -

সুৰক্ষিত শৈশৱ, সোণালী অসম

বিশ্বনাথত ৯০ দিনীয়া প্ৰচাৰ অভিযানৰ শুভাৰম্ভ

 

বিশ্বনাথ চাৰিআলি, ১৩ জুন জিলা শিশু সুৰক্ষা গোট, বিশ্বনাথ আৰু জিলা প্ৰশাসনৰ উদ্যোগত অসমৰ মহিলা আৰু শিশু বিকাশ বিভাগৰ ৰাজ্যিক শিশু সুৰক্ষা সমিতিৰ সহযোগত ‘সুৰক্ষিত শৈশৱ, সোণালী অসম’ শীর্ষক শিশু সুৰক্ষাৰ বাবে ৯০ দিনীয়া প্ৰচাৰ অভিযানৰ কালি বিশ্বনাথতো শুভাৰম্ভ কৰা হয়। বিশ্বনাথৰ পঞ্চায়ত আৰু গ্ৰামোন্নয়নৰ ৰাজ্যিক প্ৰতিষ্ঠান ( SIPRD)ত এই উপলক্ষে আয়োজন কৰা সভাত মুখ্য অতিথি হিচাপে উপস্থিত থাকি অতিৰিক্ত উপায়ুক্ত তথা বিশ্বনাথ মহকুমাৰ ভাৰপ্ৰাপ্ত মহকুমাধিপতি জয় শিবানীয়ে বন্তি প্ৰজ্বলনেৰে এই ৯০ দিনীয়া অভিযানৰ শুভাৰম্ভ কৰে। নাতিদীৰ্ঘ ভাষণত ভাৰতীয় প্ৰশাসনীয় সেৱাৰ বিষয়া তথা অতিৰিক্ত উপায়ুক্ত গৰাকীয়ে সকলোকে সন্মিলিত ভাৱে কাম কৰিবলৈ আৰু এই অভিযানক সাফল্যমণ্ডিত কৰি তুলিবৰ বাবে সকলোৰে সহযোগিতা কামনা কৰে। ভাৰপ্ৰাপ্ত মহকুমাধিপতি গৰাকীয়ে এই অভিযানত বিশ্বনাথ ৰাজ্যখনৰ ভিতৰতে প্ৰথম হ’ব লাগিব আৰু তাৰ বাবে সকলোৱে কষ্ট কৰিব লাগিব বুলিও সকলোৰে প্ৰতি আহ্বান জনালে। অনুষ্ঠানটিত উপস্থিত থাকি মহকুমা স্বাস্থ্য আৰু চিকিৎসা বিষয়া দুলুমনি শইকীয়াই ভ্ৰূন হত্যাৰ ওপৰত, শিশু কল্যাণ সমিতিৰ সভাপতি মতি কুমাৰ নেৱাৰে শিশু কল্যাণৰ বাবে শিশু কল্যাণ সমিতিয়ে ৰূপায়ণ কৰা কৰ্মৰাজীৰ ব্যাখ্যা আগবঢ়ায়। জিলা শিশু সুৰক্ষা বিষয়া তথা জিলা সমাজ কল্যাণ বিষয়া জ্যোতিষ বৰুৱাই এই ৯০ দিনীয়া অভিযান সফল কৰি তোলাৰ বাবে সকলোৰে সহযোগিতা কামনা কৰা এই অনুষ্ঠানত শিশু কল্যাণ সমিতিৰ সদস্যদ্বয় ক্ৰমে জয়ন্ত শৰ্মা আৰু মানসী বৰুৱাই সমাজত শিশু সকল কেনেকৈ হাৰাশাস্তি তথা নিৰ্যাতনৰ সন্মুখীন হয় আৰু তেওঁলোকক উদ্ধাৰ কৰি কেনেকৈ পুনৰসংস্থাপন দিব পৰা যায়, সেই সম্পৰ্কে আলোচনা দাঙি ধৰে। এই অনুষ্ঠানটিত জিলা শ্ৰম বিষয়া নন্দিনী ফুকন, বে- চৰকাৰী প্ৰতিষ্ঠান কুশল বিকাশৰ সভাপতি ৰাণা তাচা, চতিয়াৰ প্ৰকল্প বিষয়া জয় দলে, বিশ্বনাথৰ প্ৰকল্প বিষয়া গকুল শৰ্মাৰ উপৰিও মুখ্য সেৱিকা, অংগনৱাদী কৰ্মী, আশা কৰ্মী, জিলা শিশু সুৰক্ষা গোট আৰু বিশ্বনাথৰ কৰ্ম- কৰ্তাসকল উপস্থিত আছিল আৰু সফলতাৰে অনুষ্ঠানটো সামৰণি পৰা বাবে সমাজকৰ্মী লক্ষীমাই বৰাই সকলোকে শলাগ জ্ঞাপন কৰে।

- Advertisement -

Hot this week

চৰাইদেউৰ বিষয়ে একলম

চৰাইদেউৰ বিষয়ে একলম লিখিলোঁ, ভাল পালে মতামত জনাব। কৃতজ্ঞ...

Facebook: আজিৰ পৃথিৱীৰ ,জনপ্রিয় এক চচিয়েল নেটৱৰ্কিং সেৱা

ফেচবুক ইনকৰ্পৰেটেড নামৰ ব্যক্তিগত কোম্পানিয়ে  ০৪ ফেব্রুৱাৰী ২০০৪ চনত...

সম্পাদকলৈ চিঠি…✒️

সম্পাদকলৈ চিঠি...✒️ মাননীয় সম্পাদক মহোদয়, গৱেষণামূলক লেখা প্রকাশৰ বাবে আলোচনী বা...

অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ নতুন সভাপতি গৌৰৱ গগৈ

অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ নতুন সভাপতি হিচাপে গৌৰৱ...

Topics

যশস্বী নৃত্যশিল্পী, নৃত্যাচার্য যতীন গোস্বামীক ৰাষ্ট্ৰপতি ভৱনত ‘পদ্মভূষণ’ সন্মান প্ৰদান

▶️ ৰাষ্ট্ৰপতি ভৱনত আয়োজিত দ্বিতীয় পৰ্যায়ৰ পদ্ম সন্মান প্রদান...

আকাশবাণীৰ লগত জড়িত কেৰিয়াৰ ● ড° বুলজিৎ বুঢ়াগোহাঁই

আকাশবাণীৰ লগত জড়িত কেৰিয়াৰ ● ড° বুলজিৎ বুঢ়াগোহাঁই ডাইৰেক্টৰ জেনেৰেল (Director...

লক্ষ্মী চাহ কোম্পানীৰ দ্বাৰা আন্তঃৰাষ্ট্ৰীয় চাহ দিৱস উদযাপন—

গুৱাহাটী, 27 মে’ 2025 — আন্তঃৰাষ্ট্ৰীয় চাহ দিৱস উপলক্ষে,...

Press Update:

জেন জীৰ উন্মেষণ জাগৃত কৰি: ছেমছাং ইণ্ডিয়াই  ‘ছ’লভ ফৰ...

Facebook: আজিৰ পৃথিৱীৰ ,জনপ্রিয় এক চচিয়েল নেটৱৰ্কিং সেৱা

ফেচবুক ইনকৰ্পৰেটেড নামৰ ব্যক্তিগত কোম্পানিয়ে  ০৪ ফেব্রুৱাৰী ২০০৪ চনত...

‘ব্লুটুথ’ শব্দটোৰ বিষয়ে থূলমুলকৈ

আজিৰ বিশ্বত ব্লুটুথ(Bluetooth) বোলা শব্দটো চিনি নোপোৱা মানুহৰ সংখ্যা...

Related Articles

Popular Categories

Assam
overcast clouds
24.4 ° C
24.4 °
24.4 °
95 %
2.5kmh
100 %
Thu
25 °
Fri
24 °
Sat
30 °
Sun
27 °
Mon
32 °

Warning: Undefined variable $ays_pb_show_scrollbar in /home/jigyasac/asomkhobor.com/wp-content/plugins/ays-popup-box/public/partials/ays-pb-public-templates.php on line 2528

Warning: Undefined variable $ays_pb_show_scrollbar in /home/jigyasac/asomkhobor.com/wp-content/plugins/ays-popup-box/public/partials/ays-pb-public-templates.php on line 2534

Warning: Undefined variable $ays_pb_show_scrollbar in /home/jigyasac/asomkhobor.com/wp-content/plugins/ays-popup-box/public/partials/ays-pb-public-templates.php on line 2537

লেখনি বিচৰা হৈছেঃ


Follow the Khobor Media Group channel on WhatsApp: https://whatsapp.com/channel/0029Va7zdb21SWswKyHYlX11

লেখনি বিচৰা হৈছেঃ
অসম খবৰ ডিজিটেল সংবাদ গোষ্ঠীৰ বাৰ্ষিক আলোচনী ‘জনকণ্ঠ’ৰ বাবে সৃষ্টিশীল লেখনি বিচৰা হৈছেঃ
প্ৰতিগৰাকী লেখক/লেখিকাৰ বাবে অনুৰোধঃ

📌 লেখাবোৰ সৃজনীমূলক লেখা, যেনে- স্বৰচিত গল্প, প্ৰৱন্ধ, কবিতা, ধাৰাবাহিক উপন্যাস, অনুবাদ সাহিত্য, ভৌতিক গল্প, বিশেষ ব্যক্তিৰ সাক্ষাৎকাৰ, ভ্ৰমণ কাহিনী, ক্ৰীড়া বাৰ্তা, নীলাখামৰ চিঠি, কৌতুক, সাঁথৰ, মহৎ লোকৰ বাণী, কুইজ, সাংবাদিকতাৰ অভিজ্ঞতা, সংবাদ ক্ষেত্ৰৰ ভৱিষ্যত, বুৰঞ্জীমূলক লেখা, স্বাস্থ্য সজাগতা,
ৰাজনীতিৰ ওপৰত লেখা, সৃষ্টিশীল বাতৰি, ছবি, কাৰ্টুন, ফটোগ্ৰাফী ইত্যাদি সামৰি লোৱা হৈছে।
📌 একেজন লিখকৰ একাধিক সৃষ্টিও ইয়াত প্ৰকাশ পাব। চৰ্ত কেৱল প্ৰকাৰ ভিন্ন হোৱাটো বাঞ্চনীয়।
📌আলোচনীত যিকোনো ধৰণৰ লেখা প্ৰকাশ পাবৰ বাবে আপোনাৰ সৃষ্টিৰাজিক স্পষ্টকৈ মোবাইলত বা কম্পিউটাৰ DTP কৰি  asomkhobor@gmail.com অথবা 8404052898 নম্বৰত প্ৰেৰণ কৰিবলৈ অনুৰোধ জনালোঁ।
ইতি-
অসম খবৰ’ পৰিয়ালৰ হৈ
মুখ্য সম্পাদক অশ্বিনী কুমাৰ গগৈ
মুখপাত্ৰ সম্পাদক শ্ৰীমন্ত দাস


This will close in 15 seconds