31.3 C
Guwahati
Sunday, November 9, 2025
More

    শেহতীয়া আপডেটঃ

    বিশ্বনাথত ৭৬ সংখ্যক স্বাধীনতা দিৱস উদযাপন

    বিশ্বনাথত ৭৬ সংখ্যক স্বাধীনতা দিৱস উদযাপন

    স্বৰাজোত্তৰ কালত দেশৰ আন ৰাজ্যসমূহৰ লগতে অসমো উন্নয়ন আৰু প্ৰগতিৰ পথত আগবাঢ়ি গৈছে : কেবিনেট মন্ত্ৰী উৰ্খাও গৌৰা ব্ৰহ্ম

     

    _*বিশ্বনাথ চাৰিআলি, ১৫ আগষ্টঃ*_ ৰাজ্যখনৰ অন্যান্য ঠাইৰ লগতে বিশ্বনাথ জিলাতো দেশৰ ৭৬ সংখ্যক স্বাধীনতা দিৱস ব্যাপক উলহ মালহেৰে উদযাপন কৰা হয়। জিলাৰ সদৰ বিশ্বনাথ চাৰিআলিৰ কাছাৰী ময়দানত আয়োজিত দিৱসৰ মূল কাৰ্য্যসূচীত বিশিষ্ট অতিথিৰূপে উপস্থিত থাকি জাতীয় পতাকা উত্তোলন কৰে অসম চৰকাৰৰ কেবিনেট মন্ত্ৰী উৰ্খাও গৌৰা ব্ৰহ্মই। নিজৰ ভাষণত অসম চৰকাৰৰ হস্ততাত আৰু বস্ত্ৰ, ভূমি সংৰক্ষণ আৰু বড়োলেও কল্যাণ দপ্তৰৰ মন্ত্রী উৰ্খাও গৌৰা ব্ৰহ্মই জাতিৰ পিতা মহামানৱ মহাত্মা গান্ধী আৰু দেশৰ স্বাধীনতা সংগ্ৰামত জীৱনপণ কৰা জ্ঞাত-অজ্ঞাত স্বাধীনতা যুঁজাৰুসকললৈ গভীৰ শ্ৰদ্ধা নিবেদন কৰাৰ লগতে ভাৰতবাসীয়ে গান্ধীজীৰ নেতৃত্বত অহিংসা নীতিৰে সংগ্ৰাম কৰি সাম্রাজ্যবাদী বৃটিছ শাসকৰ পৰা স্বাধীনতা অৰ্জন কৰিছিল বুলি উল্লেখ কৰি ঔপনিবেশিকতাবাদী শাসকৰ বিৰুদ্ধে অহিংস পথেৰে সংগ্ৰাম কৰি স্বাধীনতা লাভ কৰাৰ এনে দৃষ্টান্ত বিশ্বৰ ইতিহাসতে বিৰল বুলি মন্তব্য কৰে। বিশ্বনাথৰ বিধায়ক প্ৰমোদ বৰঠাকুৰ, উপায়ুক্ত মুনীন্দ্ৰ নাথ ঙাটে, আৰক্ষী অধীক্ষক নবীন সিঙ আদি সন্মানীয় অতিথিসকলৰ উপৰিও জিলাৰ বিভিন্ন বিভাগৰ উচ্চ পদস্থ বিষয়া কৰ্মচাৰী, বিভিন্ন দল সংগঠনৰ প্ৰতিনিধি প্ৰমুখ্যে কেইবাহাজাৰো জনতাৰ উপস্থিতিত প্ৰদান কৰা দীঘলীয়া ভাষণত মুখ্য অতিথি তথা কেবিনেট মন্ত্ৰীগৰাকীয়ে স্বৰাজোত্তৰ কালত দেশৰ আন ৰাজ্যসমূহৰ লগতে আমাৰ ৰাজ্য অসমো উন্নয়ন আৰু প্ৰগতিৰ পথত আগবাঢ়ি গৈছে বুলি উল্লেখ কৰি কয়- “২০১৪ বৰ্ষত নৰেন্দ্ৰ মোদী ডাঙৰীয়াই প্ৰধানমন্ত্ৰীৰ দায়িত্ব গ্ৰহণ কৰাৰে পৰা ভাৰতৰ উন্নয়নৰ গতি ত্বৰান্বিত হৈছে। ভাৰত আজি বিশ্বৰ এক অন্যতম শক্তিশালী ৰাষ্ট্রৰূপে পৰিচিত হৈছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই ভাৰতৰ স্বাধীনতাৰ ৭৫ বছৰ উদযাপনৰ সৈতে সংগতি ৰাখি ২০২১ চনৰ ১২ মাৰ্চত শুভাৰম্ভ কৰা ‘আজাদী কা অমৃত মহোৎসৱ’ৰ অংশ হিচাপে দেশৰ আন ৰাজ্যৰ লগতে অসমতো বিভিন্ন কাৰ্যসূচী ৰূপায়ণ কৰা হৈছে। যোৱা ১৩ আগষ্টৰ পৰা আজিলৈকে ‘হৰ ঘৰ তিৰংগা’ কাৰ্যসূচীত ব্যাপক হাৰত অংশ লৈ গভীৰ দেশপ্ৰেমৰ চানেকি দাঙি ধৰাৰ বাবে আপোনালোক সকলোলৈকে ধন্যবাদ জ্ঞাপন কৰিছোঁ। কালি অর্থাৎ ১৪ আগষ্টত বিভাজন বিভীষিকা স্মৃতি দিৱস পালন কৰি দেশ বিভাজনৰ ফলত প্ৰাণ হেৰুওৱা আৰু গৃহহীন হোৱা লোকসকলৰ প্ৰতি আমি সকলোৱে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছোঁ।” মুখ্য অতিথিৰ ভাষনত কেবিনেট মন্ত্ৰী গৰাকীয়ে লগতে ২০২১ চনৰ ১০ মে’ৰ দিনা মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত অসমত গঠন হোৱা নতুন চৰকাৰখনে যোৱা সময়ছোৱাত ৰাজ্যখনৰ প্ৰগতি আৰু বিকাশক নতুন গতি দিবৰ বাবে অহৰ্নিশে কাম কৰি আছে বুলি উল্লেখ কৰি ৰাজ্যখনৰ প্ৰশাসন ব্যৱস্থাৰ ব্যাপক সংস্কাৰ সাধন কৰি বহুসংখ্যক অভিলাষী আঁচনি গ্ৰহণ কৰি ইতিমধ্যে এই চৰকাৰখনে সমগ্ৰ দেশৰে দৃষ্টি আকৰ্ষণ কৰিছে বুলি প্ৰকাশ কৰিলে। বিশ্বনাথৰ দৰে নতুন অঁথচ সুবিশাল জিলা এখনক সমৃদ্ধিশালী ৰূপত গঢ়ি তোলাৰ বাবে বিগত দিনবোৰত চৰকাৰে গ্ৰহণ কৰা বিভিন্ন উন্নয়নমূলক পদক্ষেপসমূহৰো এক চমু অৱলোকন দাঙি ধৰি মন্ত্ৰী গৰাকীয়ে বিশ্বনাথ সমষ্টিৰ বিধায়ক প্ৰমোদ বৰঠাকুৰৰ বিশেষ তৎপৰতাত শেহতীয়াভাৱে বিশ্বনাথৰ পাভৈত এটা কামাণ্ডো বাহিনী স্হাপনৰ বাবে অসমৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই কেবিনেটত সিদ্ধান্ত গ্ৰহণ কৰাটো বিশ্বনাথ জিলাবাসী ৰাইজৰ বাবে অতিকৈ সু খবৰ বুলিও প্ৰকাশ কৰে আৰু তেওঁ জিলাখনৰ সৰ্বাংগীন উন্নয়নৰ বাবে সমূহ ৰাইজৰ সক্ৰিয় সহযোগিতাৰো কামনা কৰে। দিনজোৰা কাৰ্যসূচী অনুসৰি অনুষ্ঠিত এই স্বাধীনতা দিৱসৰ দিনা পুৱা ৫ বজাত জনসংযোগ বিভাগৰ দ্বাৰা অনুভাষ যন্ত্ৰযোগে দেশপ্ৰেমমূলক গীত পৰিৱেশনৰে স্বাধীনতা দিৱসৰ কাৰ্যসূচীৰ পাতনি মেলা হয়। পুৱা সাত বজাত নিজ নিজ বাসগৃহ, চৰকাৰী-বেচৰকাৰী কাৰ্যালয়, শিক্ষানুষ্ঠান, অনুষ্ঠান-প্ৰতিষ্ঠান আদিত ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰা হয়। চহৰখনৰ ক্লক টাৱাৰ সংলগ্ন সুসাহিত্যিক দীননাথ শৰ্মা, অগ্নিকবি কমলাকান্ত ভট্টাচাৰ্য আৰু দেশপ্ৰাণ লক্ষ্মীধৰ শৰ্মাৰ ত্ৰিমূৰ্তিত বিশ্বনাথ সমষ্টিৰ
    বিধায়ক প্ৰমোদ বৰঠাকুৰে পুষ্পাঞ্জলি অৰ্পণ কৰে।চেনিৰাম দাস শিশু উদ্যানত থকা জাতিৰ পিতা মহাত্মা গান্ধীৰ প্ৰতিমূৰ্তিত শ্ৰদ্ধাঞ্জলি নিবেদনৰ পাছত কাছাৰী ময়দানত উপস্থিত হোৱা অনুষ্ঠানৰ মুখ্য অতিথি কেবিনেট মন্ত্ৰী উৰ্খাও গৌৰা ব্ৰহ্মই আৰক্ষী জোৱান সকলৰ কুচকাৱাজৰ অভিবাদনো গ্ৰহণ কৰে। খাদ্য অসামৰিক যোগান আৰু গ্ৰাহক পৰিক্ৰমা বিভাগৰ উপ পৰিদৰ্শক ভবেন কুমাৰে আঁত ধৰা এই অনুষ্ঠানত জিলাখনৰ বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠান আৰু শিক্ষানুষ্ঠানৰ সৰ্বমুঠ ১৪টা দলে কুচকাৱাজত ভাগ লয়। ইয়াৰোপৰি স্বাধীনতা দিৱসৰ এই কাৰ্যসূচীত কেইবাখনো শিক্ষানুষ্ঠান, সংগীতানুষ্ঠান, অনুষ্ঠান প্ৰতিষ্ঠান আৰু দলে বিভিন্ন সাংস্কৃতিক অনুষ্ঠান প্ৰদৰ্শন কৰে। বিয়লি মুল কাৰ্যসূচীৰ লগতে সংগতি ৰাখি জিলাখনৰ বিভিন্ন ক্ষেত্ৰত পাৰদৰ্শিতা দেখুওৱা মুঠ ৩৯ গৰাকী ব্যক্তি আৰু দুটি অনুষ্ঠানক সম্বৰ্ধনা জনোৱা হয়। লগতে জিলা প্ৰশাসন একাদশ আৰু বিশ্বনাথ জিলা ক্ৰীড়া সন্থা একাদশৰ মাজত এখন প্ৰীতি ফুটবল খেলো অনুষ্ঠিত কৰা হয়। দিৱসৰ সমগ্ৰ কাৰ্যসূচী ৰূপায়নৰ ক্ষেত্ৰত আগবঢ়োৱা সহায়-সহযোগিতাৰ বাবে জিলাবাসীক উপায়ুক্ত মুনীন্দ্ৰ নাথ ঙাটেই আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছে।

    album-art
    Roi Roi Binale A Zubeen Garg Musical
    00:00
    Sorry, no results.
    Please try another keyword
    • Mur Mon (Roi Roi Binale) · Zubeen Garg Mur Mon (Roi Roi Binale) ℗ Zeal Creations Released on: 2025-10-07 Producer: Zubeen Garg Composer: Zubeen Garg Lyricist: Zubeen Garg
    • Xopun Xopun | Roi Roi Binale | Zubeen Garg | Eye Creations | Zeal Creations | Saregama Song Name: Xopun Xopun Film: Roi Roi Binale Label: Eye Creations & Zeal Creations
    • JUN JWOLI-(ROI ROI BINALE) |ZUBEEN GARG |EYE CREATIONS |ZEAL CREATIONS
    • FILM- ROI ROI BINALE SONG-চকুলোৰে ৰৈ ৰৈ বিনালে(The Last Song) LABEL- ZEAL CREATIONS & EYE CREATIONS AUDIO CREDITS- COMPOSITION- ZUBEEN GARG LYRICS-ZUBEEN GARG MUSIC PRODUCER- ZUBEEN GARG CO-PRODUCER- NILOTPAL BORA & GAURI SHANKAR LAHON VOCALS- ZUBEEN GARG, ACHURJYA BORPATRA ACOUSTIC GUITAR- ISHANU NYLON & ELECTRIC GUITAR- PRITOM GOHAIN BARUAH BASS GUITAR- BISWAJIT CHAKRABORTY CHORUS VOICES-[...]

    Latest Posts

    বিশেষঃ

    Stay in touch

    To be updated with all the latest news, offers and special announcements.

    NOTICE ROI ROI BINALE Film

    •   আবেগ-অনুভূতিত কোনেও যাতে চিনেমাখনৰ ভিডিঅ' ১ ছেকেণ্ডো যাতে আপলোড নকৰে। আনকি ফটোও।  

    •   ট্ৰেলাৰটো ইতিমধ্যে দেখিছেই সকলোৱে। এই কাম নকৰিব। কিয়নো যি কাম তেওঁ বেয়া পাইছিল। সকলোলৈকে আহ্বান।  

    This will close in 30 seconds