অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ নৱ নিযুক্ত সভাপতি গৌৰৱ গগৈয়ে দলটোক শক্তিশালী কৰিবৰ বাবে দিনে-নিশাই কাম কৰিবলৈ দলীয় কৰ্মীসকলৰ প্ৰতি আহ্বান জনায়৷ অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ ৰাজ্যিক সভাপতিৰূপে আনুষ্ঠানিকভাৱে কাৰ্যভাৰ গ্ৰহণ কৰাৰ পাছত দলৰ দিছপুৰত থকা মানৱেন্দ্র শর্মা কমপ্লেক্সত আয়োজিত অনুষ্ঠানত ভাষণ দিয়ে। ভাষণত কয় ৰাজ্যৰ শাসনাধিষ্ঠিত বিজেপি মিত্ৰজোঁটৰ বিৰুদ্ধে ঐক্যবদ্ধ হোৱাৰ বাবে কংগ্ৰেছৰ হাতত কেৱল ১০ মাহহে সময় আছে বুলি সভাপতিগৰাকীয়ে দলীয় কৰ্মীসকলক সোঁৱৰাই দিয়ে।
ৰাজীৱ ভৱনত আয়োজিত এটা অনুষ্ঠানত দলটোৰ বিদায়ী সভাপতি ভূপেন বৰাই নৱতম সভাপতিগৰাকীক আনুষ্ঠানিকভাৱে সভাপতিৰ দায়িত্ব অর্পণ কৰে। গৌৰৱ গগৈয়ে কামাখ্যা মন্দিৰত পূজা-অৰ্চনা আগবঢ়ায়। গৌৰৱ গগৈক দলৰ জ্যেষ্ঠ নেতা তথা সাংসদ ৰকিবুল হুছেইন, প্রাক্তন মন্ত্ৰী পৱন সিং ঘাটোৱাৰকে ধৰি ভালেসংখ্যক নেতা আৰু দলীয় কৰ্মীয়ে আদৰ-সম্ভাষণ জনায়।