Thursday, May 29, 2025
26.4 C
Guwahati
TOP NEWS:

৩১ডিচেম্বৰৰ ভিতৰত আপোনাৰ যান-বাহনৰ নথিপত্ৰ পৰীক্ষা আৰু নৱীকৰণ কৰক: ৰাজপথত সুৰক্ষিত যাতায়াত বাহাল ৰখাত সতৰ্ক পৰিবহণ বিভাগ

- Advertisement -
- Advertisement -
- Advertisement -
- Advertisement -

গুৱাহাটীঃ ৩ডিচেম্বৰঃ চলিত বৰ্ষৰ অন্ত পৰিবলৈ মাজত আৰু মাত্ৰ ২৬টা দিন ৷ এটা নতুন বছৰৰ সন্মুখত এই দিনকেইটা সকলোৰে বাবে ব্যস্ততাৰে ভৰা। বিভিন্ন উৎসৱ-অনুষ্ঠানৰ উপৰি এয়া বনভোজৰ আনন্দ উপভোগৰ সময়। সেয়ে এইসময়ত সকলো শ্ৰেণীৰ লোকৰ ক্ষেত্ৰতে যানবাহন ব্যৱহাৰো অধিক হয় ৷ ইফালে জাৰকালিৰ সময়চোৱাত নিশাৰ ভাগত কুঁৱলীৰ ডাঠ আচ্ছাদন পৰিবলৈ ধৰাত বাহন চলোৱাটো কঠিন, কষ্টকৰ হৈ পৰে । ফলত বছৰটোৰ এনেকুৱা সময়তে পথ-দুৰ্ঘটনা আৰু দুৰ্ঘটনাত আহত-নিহতৰ সংখ্যায়ো সাধাৰণতে বৃদ্ধি পায়। সেয়ে বাহনৰ হৰ্ণ, চকা, লাইট আদিৰ উপৰি অনান্য যন্ত্ৰপাতি পৰীক্ষা কৰাৰ লগতে বাহনৰ নথিপত্ৰৰ পৰীক্ষা আৰু নৱীকৰণ কৰাটো অত্যন্ত প্ৰয়োজন। যান্ত্ৰিক বিজুটি থাকিলে বাহন এখন চলোৱাটো যিদৰে অসম্ভৱ, সেইদৰে সঠিক নথিপত্ৰ নাথাকিলে বাহনখন নিৰ্ভয় আৰু সুৰক্ষিতভাৱে চলোৱা অসম্ভৱ। বাহনৰ এই নথিপত্ৰসমূহ আচলতে মানুহৰ জীৱন কুণ্ডলীৰ দৰে। সেয়ে এটা নতুন বছৰৰ সন্মুখত অৰ্থাৎ আগন্তুক ৩১ডিচেম্বৰৰ ভিতৰত আপোনাৰ যানবাহনৰ নথিপত্ৰসমূহ পৰীক্ষা আৰু নৱীকৰণ কৰক ৷ যদিহে আপুনি সময়মতে যানবাহনৰ কৰ আদায় দিয়া নাই তেন্তে বকেয়াসহ যাৱতীয় সকলো কৰ অনতিপলমে আদায় দিয়ক। এই বিনম্ৰ আহ্বান অসম চৰকাৰৰ পৰিবহণ বিভাগৰ বিশেষ কতৰ্ব্যৰত বিষয়া আৰু কামৰূপ মহানগৰ জিলাৰ অতিৰিক্ত দায়িত্ববাহী জিলা পৰিবহণ বিষয়া গৌতম দাসৰ ৷ তেওঁ কয় যে নতুন-পুৰণি দুটা বছৰৰ এই ব্যস্ততাময় সময় আৰু নিশা হলেই কুঁৱলীৰ ডাঠ আচ্ছাদনে সন্মুখৰ পথ মনিব নোৱাৰা হোৱা বিপজ্জনকভাৱে অৱস্থাত কোনো পথ-দুৰ্ঘটনাই যাতে কাৰো জীৱনলৈকে বিষাদ কঢ়িয়াই আনিব নোৱাৰে, বৰঞ্চ পথত সকলোৱে যাতে সুৰক্ষিতভাৱে যাতায়াত কৰিব পাৰে তাৰবাবে বিভিন্ন বিভাগসমূহৰ সহযোগত পথ-সুৰক্ষা বজাই ৰাখিবলৈ পৰিবহণ বিভাগে পাৰ্যমানে প্ৰচেষ্টা চলাইছে । ব্যক্তিগত বাহনকে ধৰি বিশেষকৈ বাণিজ্যিক তথা বহুজাতিক উদ্যোগ-প্ৰতিষ্ঠান, নিৰ্মাণ সংস্থা আদিত ব্যৱহৃত সঠিক নথিপত্ৰ নোহোৱা কোনো বাহনে যাতে পথ-সুৰক্ষা বিনষ্ট কৰিব নোৱাৰে তাৰ বাবে সতৰ্ক দৃষ্টি ৰাখিছে পৰিবহণ বিভাগে। এইক্ষেত্ৰত পৰিবহণৰ বিশেষ কতৰ্ব্যৰত বিষয়া গৰাকীয়ে অতি বিনম্ৰতাৰে আহ্বান জনায় কয় যে, বাহনৰ গৰাকীয়ে অনতিপলমে নিজৰ ঘৰতে বহিয়ে অনলাইনযোগে বাহনৰ নথি-পত্ৰসমূহ সঠিক কৰি লওক ৷ প্ৰয়োজন হ’লে কামৰূপ মহানগৰ জিলা পৰিবহণ বিষয়াৰ কাৰ্যালয়লৈ আহি হ’লেও নিজৰ বাহনখন পথত চলাচলৰ বাবে বৈধ কৰি ৰখাৰ স্বাৰ্থত বকেয়াসহ যাৱতীয় সকলো কৰ পৰিশোধ কৰি লওক। চালকৰ বাহন চালনাৰ অনুজ্ঞাপত্ৰ, ফিটনেছ, পাৰ্মিট, প্ৰদূষণমুক্তকে ধৰি সকলো নথিপত্ৰ সঠিক হৈ থকা বাহনহে পথত সকলোৰে বাবে সুৰক্ষিত বুলিও গুৰুত্বপূৰ্ণ মন্তব্য কৰে পৰিবহণৰ উচ্চপদস্থ বিষয়াগৰাকীয়ে ৷

- Advertisement -

Hot this week

ইন্টেগ্ৰেটেড বনাম স্বতন্ত্ৰ স্নাতকোত্তৰ ডিগ্ৰী ✒️ড° বুলজিৎ বুঢ়াগোহাঁই

ইন্টেগ্ৰেটেড বনাম স্বতন্ত্ৰ স্নাতকোত্তৰ ডিগ্ৰী ✒️ড° বুলজিৎ বুঢ়াগোহাঁই শিক্ষাৰ্থীসকলৰ বাবে স্নাতকোত্তৰ...

সম্পাদকলৈ চিঠি…✒️

সম্পাদকলৈ চিঠি...✒️ মাননীয় সম্পাদক মহোদয়, গৱেষণামূলক লেখা প্রকাশৰ বাবে আলোচনী বা...

কলকাতা ভ্ৰমণ ✒️ৰিতুপৰ্ণা আভা

১৫/০৪/২০২৫ কলকাতা ভ্ৰমণৰ আটাইতকৈ ভাল লগা সময়কণ আছিল "ভিক্টোৰিয়া মেমৰিয়েল...

লক্ষ্মী চাহ কোম্পানীৰ দ্বাৰা আন্তঃৰাষ্ট্ৰীয় চাহ দিৱস উদযাপন—

গুৱাহাটী, 27 মে’ 2025 — আন্তঃৰাষ্ট্ৰীয় চাহ দিৱস উপলক্ষে,...

মণিপুৰৰ চিৰই লিলি উৎসৱৰ সামৰণি

উত্তৰ পূৰ্বাঞ্চলৰ ৰাজ্য মণিপুৰৰ উখৰুল জিলাত চলি থকা চিৰই...

Topics

যশস্বী নৃত্যশিল্পী, নৃত্যাচার্য যতীন গোস্বামীক ৰাষ্ট্ৰপতি ভৱনত ‘পদ্মভূষণ’ সন্মান প্ৰদান

▶️ ৰাষ্ট্ৰপতি ভৱনত আয়োজিত দ্বিতীয় পৰ্যায়ৰ পদ্ম সন্মান প্রদান...

আকাশবাণীৰ লগত জড়িত কেৰিয়াৰ ● ড° বুলজিৎ বুঢ়াগোহাঁই

আকাশবাণীৰ লগত জড়িত কেৰিয়াৰ ● ড° বুলজিৎ বুঢ়াগোহাঁই ডাইৰেক্টৰ জেনেৰেল (Director...

লক্ষ্মী চাহ কোম্পানীৰ দ্বাৰা আন্তঃৰাষ্ট্ৰীয় চাহ দিৱস উদযাপন—

গুৱাহাটী, 27 মে’ 2025 — আন্তঃৰাষ্ট্ৰীয় চাহ দিৱস উপলক্ষে,...

Press Update:

জেন জীৰ উন্মেষণ জাগৃত কৰি: ছেমছাং ইণ্ডিয়াই  ‘ছ’লভ ফৰ...

Facebook: আজিৰ পৃথিৱীৰ ,জনপ্রিয় এক চচিয়েল নেটৱৰ্কিং সেৱা

ফেচবুক ইনকৰ্পৰেটেড নামৰ ব্যক্তিগত কোম্পানিয়ে  ০৪ ফেব্রুৱাৰী ২০০৪ চনত...

‘ব্লুটুথ’ শব্দটোৰ বিষয়ে থূলমুলকৈ

আজিৰ বিশ্বত ব্লুটুথ(Bluetooth) বোলা শব্দটো চিনি নোপোৱা মানুহৰ সংখ্যা...

Related Articles

Popular Categories

Assam
overcast clouds
24.5 ° C
24.5 °
24.5 °
95 %
0.7kmh
100 %
Thu
25 °
Fri
24 °
Sat
30 °
Sun
27 °
Mon
32 °

Warning: Undefined variable $ays_pb_show_scrollbar in /home/jigyasac/asomkhobor.com/wp-content/plugins/ays-popup-box/public/partials/ays-pb-public-templates.php on line 2528

Warning: Undefined variable $ays_pb_show_scrollbar in /home/jigyasac/asomkhobor.com/wp-content/plugins/ays-popup-box/public/partials/ays-pb-public-templates.php on line 2534

Warning: Undefined variable $ays_pb_show_scrollbar in /home/jigyasac/asomkhobor.com/wp-content/plugins/ays-popup-box/public/partials/ays-pb-public-templates.php on line 2537

লেখনি বিচৰা হৈছেঃ


Follow the Khobor Media Group channel on WhatsApp: https://whatsapp.com/channel/0029Va7zdb21SWswKyHYlX11

লেখনি বিচৰা হৈছেঃ
অসম খবৰ ডিজিটেল সংবাদ গোষ্ঠীৰ বাৰ্ষিক আলোচনী ‘জনকণ্ঠ’ৰ বাবে সৃষ্টিশীল লেখনি বিচৰা হৈছেঃ
প্ৰতিগৰাকী লেখক/লেখিকাৰ বাবে অনুৰোধঃ

📌 লেখাবোৰ সৃজনীমূলক লেখা, যেনে- স্বৰচিত গল্প, প্ৰৱন্ধ, কবিতা, ধাৰাবাহিক উপন্যাস, অনুবাদ সাহিত্য, ভৌতিক গল্প, বিশেষ ব্যক্তিৰ সাক্ষাৎকাৰ, ভ্ৰমণ কাহিনী, ক্ৰীড়া বাৰ্তা, নীলাখামৰ চিঠি, কৌতুক, সাঁথৰ, মহৎ লোকৰ বাণী, কুইজ, সাংবাদিকতাৰ অভিজ্ঞতা, সংবাদ ক্ষেত্ৰৰ ভৱিষ্যত, বুৰঞ্জীমূলক লেখা, স্বাস্থ্য সজাগতা,
ৰাজনীতিৰ ওপৰত লেখা, সৃষ্টিশীল বাতৰি, ছবি, কাৰ্টুন, ফটোগ্ৰাফী ইত্যাদি সামৰি লোৱা হৈছে।
📌 একেজন লিখকৰ একাধিক সৃষ্টিও ইয়াত প্ৰকাশ পাব। চৰ্ত কেৱল প্ৰকাৰ ভিন্ন হোৱাটো বাঞ্চনীয়।
📌আলোচনীত যিকোনো ধৰণৰ লেখা প্ৰকাশ পাবৰ বাবে আপোনাৰ সৃষ্টিৰাজিক স্পষ্টকৈ মোবাইলত বা কম্পিউটাৰ DTP কৰি  asomkhobor@gmail.com অথবা 8404052898 নম্বৰত প্ৰেৰণ কৰিবলৈ অনুৰোধ জনালোঁ।
ইতি-
অসম খবৰ’ পৰিয়ালৰ হৈ
মুখ্য সম্পাদক অশ্বিনী কুমাৰ গগৈ
মুখপাত্ৰ সম্পাদক শ্ৰীমন্ত দাস


This will close in 15 seconds