31.3 C
Guwahati
Sunday, January 25, 2026
More

    Trending Now:

    শিখা শৰ্মাক গ্ৰেপ্তাৰ অসম আৰক্ষীৰ

    জনতাৰ শিল্পী জুবিন গাৰ্গ সন্দৰ্ভত আপত্তিজনক মন্তব্য কৰাৰ অভিযোগত শিখা শৰ্মা নামৰ এগৰাকী মহিলাৰ বিৰুদ্ধে শিল্পীগৰাকীৰ পত্নী গৰিমা শ‍ইকীয়া গাৰ্গে পাণবজাৰ থানাত এজাহাৰ দাখিল...

    শেহতীয়া আপডেটঃ

    সংযুক্তা দত্তৰ ‘জোনাক– জোনবাইৰ পোহৰ’—ভাৰত টেক্স ২০২৫ত অসমৰ হস্ততাঁত বস্ত্ৰ সম্ভাৰৰ উচ্ছ প্ৰশংসা

    ‘আৰ্থলুম – থ্ৰেডছ অৱ হেৰিটেজ’ত অসমীয়া হস্ততাঁতৰ বস্ত্ৰ সম্ভাৰৰ এক আভিজাত উদযাপন। পুনম ধীলন, আইমী বৰুৱাৰ উপস্থিতিত উজলিল সংযুক্তা দত্তৰ ফেশ্বন।

    আন্তঃৰাষ্ট্ৰীয় খ্যাতিসম্পন্ন অসম কন্যা ফেশ্বন ডিজাইনাৰ সংযুক্তা দত্তৰ হস্ততাঁত শালৰ বস্ত্ৰৰ ডিজাইনে এইবাৰ দিল্লীত মুগ্ধ কৰিলে অজস্ৰজন ৷ মুগ্ধ কৰিলে বস্ত্ৰ উদ্যোগৰ সৈতে জড়িত সকলক। নতুন দিল্লীত অনুষ্ঠিত ‘ভাৰত টেক্স ২০২৫’ত তেওঁৰ নতুন ডিজাইনৰ শেহতীয়া বস্ত্ৰ সম্ভাৰৰ সংকলন ‘জোনাক – দ্য লাইট অৱ মুন’ শীৰ্ষক প্ৰদৰ্শনেৰে দৰ্শকক মন্ত্ৰমুগ্ধ কৰি তুলিবলৈ সক্ষম হৈছ ।

    তিনিবাৰৰ ৰাষ্ট্ৰীয় বঁটা বিজয়ী Publisher, নিৰ্মাতা, ৰাজ‍্যৰ এগৰাকী সুঅভিনেত্ৰী, পৰিচালক আইমী বৰুৱাই সংযুক্তাৰ ডিজাইন পৰিধান কৰি ৰেম্পত খোজ দি এই অনুষ্ঠানৰ শুভ আৰম্ভণি কৰে। আইমী বৰুৱাৰ উপস্থিতিয়ে বস্ত্ৰ সংকলন ‘জোনাক’ৰ প্ৰদৰ্শনীত সৌষ্ঠৱ বৃদ্ধি কৰাৰ লগতে এই হস্ততাঁত উপজাত বস্ত্ৰ সম্ভাৰৰ জেউতি দুগুণে বৃদ্ধি কৰে।

    ভাৰতৰ বহনক্ষম ঐতিহ্য বয়নক উদযাপন কৰা এক বৃহৎ ফেশ্বন শ্ব’ “আৰ্থলুম – থ্ৰেডছ অৱ হেৰিটেজ”ৰ অংশ হিচাপে উপস্থাপন কৰা এই সংকলনে অসমীয়া হস্ততাঁত শিল্পকলাৰ কালজয়ী আভিজাত্যক দেশবাসীৰ ওচৰত উজ্জ্বল কৰি দাঙি ধৰিলে।

    আলেখ ফাউণ্ডেচনে চিআইটিআই (ভাৰতীয় বস্ত্ৰ উদ্যোগ কনফেডাৰেচন)ৰ সহযোগত নতুন দিল্লীৰ ভাৰত মণ্ডপমত আয়োজন কৰা ‘আৰ্থলুম – থ্ৰেডছ অৱ হেৰিটেজ’ হ’ল বহনক্ষম আৰু পৰম্পৰাগত ভাৰতীয় বস্ত্ৰশিল্পৰ প্ৰচাৰৰ বাবে এক উপযুক্ত মঞ্চ । ইয়াতেই সোমবাৰে সংযুক্তা দত্তই নিজৰ সৃজনীশীলতাৰে প্ৰদৰ্শন কৰিলে ‘জোনাক’ নামেৰে নামকৰণ কৰা নিজৰ নতুন ডিজাইনৰ বস্ত্ৰ সম্ভাৰৰ ক’লা আৰু ৰঙা ৰঙৰ আকৰ্ষণীয় পেলেটেৰে অসমীয়া হস্ততাঁতৰ শিপিনীৰ হাতৰ যাদু। এক আবেগ, প্ৰত্যয়ৰ প্ৰতীক ৰূপে অসমীয়া তাঁতশালৰ উৎপাদিত পাট কাপোৰক অনন্য ৰূপত প্ৰদৰ্শন কৰিবলৈ সক্ষম হয় সংযুক্তা দত্তই ৷

    অসমীয়া বস্ত্ৰৰ আধুনিক ৰূপত দেশৰ ফেশ্বন জগতত আকৌ এবাৰ উজ্জীৱিত কৰি তুলিলে সংযুক্তা দত্তই ৷ সুসজ্জিত মডেলৰ দেহত ছন্দিত খোজৰ তালে তালে প্ৰদৰ্শনীৰ ৰাণৱেত সজীৱ হৈ উঠিল ‘জোনাক’ৰ বস্ত্ৰ সম্ভাৰ। ৰাণৱেত প্ৰদৰ্শিত বস্ত্ৰসম্ভাৰত গভীৰ ক’লা আৰু জুইফুল সদৃশ ৰঙা ৰঙবোৰে জোনবাইৰ স্নিগ্ধতাকহে যে দিল্লীৰ বিশাল দৰবাৰত প্ৰতিফলিত কৰিছিল৷

    বলীউডৰ অভিনেত্ৰী পুনম ধিলনে সংযুক্তা দত্তৰ শ্ব’ষ্টপাৰ হিচাপে ৰাণৱেত শোভা বঢ়াই প্ৰদৰ্শনীৰ গৰিমা বৃদ্ধি কৰি ডিজাইনসমূহক নতুন মাত্ৰা প্ৰদান কৰে ।

    ‘জোনাক’ৰ বস্ত্ৰ ডিজাইন মূৰ্ত হৈ উঠিছিল পুনম ধীলনৰ দেহত। ডিজাইনাৰৰ সৃষ্টিশীল দৃষ্টিভংগীক ত্ৰুটিহীনভাৱে মূৰ্ত কৰি তুলিছিল অভিনেত্ৰী গৰাকীৰ উপস্থিতিয়ে ৷ এক কথাত পুনমৰ উপস্থিতিয়ে প্ৰদৰ্শিত বস্ত্ৰ সম্ভাৰৰ এক ধ্ৰুপদী গৰিমা সূষ্টিৰে দৰ্শকক আপ্লুত কৰি তুলিছিল।

    এই নতুন বস্ত্ৰ সম্ভাৰৰ ডিজাইনৰ প্ৰেৰণাৰ বিষয়ে অসমী আইৰ সুযোগ্যা কন্যা সংযুক্তা দত্তই ব্যক্ত কৰে এইদৰে “জোনাক— জোনবাইৰ সুকোমল অথচ শক্তিশালী উজ্জ্বলতাৰ প্ৰতি মোৰ শ্ৰদ্ধাঞ্জলি। এই বস্ত্ৰ সম্ভাৰৰ জৰিয়তে অসমীয়া পিট কাপোৰৰ সমৃদ্ধি আধুনিক, সাহসী অভিব্যক্তিৰ সৈতে একত্ৰিত কৰাৰ লক্ষ্যৰে আগবাঢ়িছিলো। ক’লা আৰু ৰঙা ৰং ৰহস্য আৰু আত্মবিশ্বাস দুয়োটাৰে প্ৰতীক, প্ৰতিটো বস্ত্ৰ টুকুৰাকে কালজয়ী আড়ম্বৰৰ বক্তব্য তুলি ধৰিবলৈ চেষ্টা কৰিছো।”

    নতুন দিল্লীত অনুষ্ঠিত এই ভাৰত টেক্স ২০২৫-এ “আৰ্থলুম – থ্ৰেডছ অৱ হেৰিটেজ”ৰ বাবে এখন নিখুঁত মঞ্চ প্ৰদান কৰে, য’ত দেশৰ আগশাৰীৰ ডিজাইনাৰ আৰু বস্ত্ৰ শিপিনীসকলে ভাৰতৰ বহনক্ষম হস্ততাঁত পৰম্পৰাক উদযাপন কৰিবলৈ একত্ৰিত হৈছিল। এই অনুষ্ঠানে দেশৰ বস্ত্ৰশিল্পৰ ফেশ্বনত উদ্ভাৱনী শক্তিক লাভান্বিত কৰাৰ লগতে থলুৱা বয়ন শিল্পৰ সংৰক্ষণ আৰু প্ৰচাৰৰ গুৰুত্ব আৰু অধিক শক্তিশালী কৰাৰ পোষকতা কৰে । উল্লেখ্য যে অনুষ্ঠানত বিশিষ্ট অতিথিৰূপে উপস্থিত আছিল কেন্দ্ৰীয় বস্ত্ৰ মন্ত্ৰী গিৰিৰাজ সিং আৰু কেন্দ্ৰীয় ৰাজ্যিক বস্ত্ৰ মন্ত্ৰী পৱিত্ৰ মাৰ্ঘেৰিটা।

    ইয়াত সংযুক্তা দত্তৰ ‘জোনাক’-এ ফেশ্বন উদ্যোগী সকল, ফেশ্বনৰ সৈতে জড়িত লোক সকলৰ লগতে বহনক্ষম বস্ত্ৰ শিল্পৰ সৈতে জড়িত সকলৰ উচ্ছ প্ৰশংসা লাভ কৰে ৷ ভাৰতীয় হস্ততাঁত শিল্পৰ অগ্ৰণী ডিজাইনাৰ হিচাবে নিজৰ উপস্থিতি পুনৰ এবাৰ প্ৰতিপন্ন কৰিবলৈ সক্ষম হ’ল সংযুক্তা দত্ত

    album-art
    Roi Roi Binale A Zubeen Garg Musical
    00:00
    Sorry, no results.
    Please try another keyword
    • Mur Mon (Roi Roi Binale) · Zubeen Garg Mur Mon (Roi Roi Binale) ℗ Zeal Creations Released on: 2025-10-07 Producer: Zubeen Garg Composer: Zubeen Garg Lyricist: Zubeen Garg
    • Xopun Xopun | Roi Roi Binale | Zubeen Garg | Eye Creations | Zeal Creations | Saregama Song Name: Xopun Xopun Film: Roi Roi Binale Label: Eye Creations & Zeal Creations
    • JUN JWOLI-(ROI ROI BINALE) |ZUBEEN GARG |EYE CREATIONS |ZEAL CREATIONS
    • FILM- ROI ROI BINALE SONG-চকুলোৰে ৰৈ ৰৈ বিনালে(The Last Song) LABEL- ZEAL CREATIONS & EYE CREATIONS
    • ROI ROI BINALE- TITTLE TRACK |ZUBEEN GARG |GEOCONDA VESSICHELLI |
    • Tumar Nilim Kothar Dore | Zubeen Garg | RGS | Roi Roi Binale |
    • Dusokur Kajolere | Zubeen Garg | SABITA SHARMA GOSWAMI, ARUNDHATI BHANU PRIYA | Zeal Creations |
    • Mon Gole-Roi Roi Binale | Zubeen Garg | Achurjya Borpatra | Fency Rajkumari | Zeal Creations" by Zeal Creations.
    • ROI ROI BINALE JUKEBOX | ZUBEEN GARG |
    • FREE BIRD | ZUBEEN GARG |
    • Herowa Chanda- Trailer

    Latest Posts

    বিশেষঃ

    Stay in touch

    To be updated with all the latest news, offers and special announcements.

    This will close in 30 seconds