31.3 C
Guwahati
Monday, October 20, 2025
More

    শেহতীয়া আপডেটঃ

    মায়ঙৰ বিভিন্ন প্ৰান্তত সুৰাপায়ী চালকৰ বিৰুদ্ধে আৰক্ষী আৰু পৰিবহন বিভাগৰ অভিযান

    মায়ঙৰ বিভিন্ন প্ৰান্তত সুৰাপায়ী চালকৰ বিৰুদ্ধে আৰক্ষী আৰু পৰিবহন বিভাগৰ অভিযান


    প্ৰতিবেদক, মায়ং,৩০ডিচেম্বৰ :নতুন বছৰৰ আৰম্ভণিত পিকনিকৰ বতৰত সুৰাপান কৰি যাতে যান বাহন চলাই দুৰ্ঘটনাত পতিত হৈ মৃত্যুক আকোৱালি লব লগা নহয় তাৰ বাবে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ কঠোৰ নিৰ্দেশৰ পিছতেই সুৰাপায়ী চালক আৰু হেলমেট বিহীন আৰোহীৰ বিৰুদ্ধে এতিয়া কঠোৰ হৈছে মৰিগাঁও আৰক্ষী আৰু মৰিগাঁও জিলা পৰিৱহণ বিভাগ৷ মায়ঙৰ বুৰাবুৰী,ঝাৰগাৱত পিকনিকৰ গাড়ী সমূহ ৰখাই ৰখাই সুৰাপায়ী চালকৰ বিৰুদ্ধে অভিযান চলাই পৰিৱহণ বিভাগ আৰু আৰক্ষীয়ে।পৰিৱহণ বিভাগ আৰু আৰক্ষীয়ে ব্ৰেথ এনালাইজাৰৰ জৰিয়তে বহুকেইজন চালকক পৰীক্ষা কৰাত এজন সুৰাপান কৰা চালক চিনাক্ত কৰে। সুৰাপায়ী চালকক সোধপোছ কৰাত চালকে বহু কথাৰে নিজৰ দায়িত্ব হীনতা কৰ্ম লুকুৱাই বিভিন্ন কথাৰে মৰিগাঁও আৰক্ষী আৰু পৰিবহণ বিভাগক বুজনি দিৱ বিচাৰে। কিন্তু মৰিগাঁও আৰক্ষী আৰু পৰিবহণ বিভাগে মদ্যপান কাৰী কোনোধৰণৰ কথা নামানি জৰিমনা বিহিছে লগতে গাড়ী জব্দ কৰিছে। মদ্যপান কৰি দূৰ্ঘটনা কৰা, মদ্যপান কৰি নিজৰ লগতে দূৰ্ঘটনা কৰা লোক জনৰ ক্ষতি অথবা প্ৰাণহানি নহয় তাৰবাবে এই পদক্ষেপ বাচি লৈছে অসম চৰকাৰ লগতে প্ৰশাসনিক বিভাগে।

    album-art
    Roi Roi Binale A Zubeen Garg Musical
    00:00
    Sorry, no results.
    Please try another keyword
    • Mur Mon (Roi Roi Binale) · Zubeen Garg Mur Mon (Roi Roi Binale) ℗ Zeal Creations Released on: 2025-10-07 Producer: Zubeen Garg Composer: Zubeen Garg Lyricist: Zubeen Garg

    Latest Posts

    বিশেষঃ

    Stay in touch

    To be updated with all the latest news, offers and special announcements.

    This will close in 0 seconds