31.3 C
Guwahati
Saturday, October 18, 2025
More

    শেহতীয়া আপডেটঃ

    বিহালীৰ ৰাংছালীত বিশ্বনাথ জিলা কবি সন্মিলনৰ দ্বিতীয় দ্বি-বাৰ্ষিক অধিৱেশন

    বিহালীৰ ৰাংছালীত বিশ্বনাথ জিলা কবি সন্মিলনৰ দ্বিতীয় দ্বি-বাৰ্ষিক অধিৱেশন

    বিহালী, ৪ এপ্ৰিলঃ

    সদৌ অসম কবি সন্মিলনৰ অন্তৰ্গত বিশ্বনাথ জিলা কবি সন্মিলনৰ দ্বিতীয় দ্বি-বাৰ্ষিক অধিৱেশন খন বেদেতী কবি চক্ৰৰ সহযোগত আৰু ৰাংছালী গাঁও বাসীৰ আতিথ্যত অহা ৯ আৰু ১০ এপ্ৰিলত ৰাংছালী চাৰিআলি ৰঙ্গমঞ্চত বৰ্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত কৰাৰ আয়োজন কৰা হৈছে।


    তদুপলক্ষে প্ৰথম দিনৰ কাৰ্যসূচী অনুযায়ী পুৱা ৮ বজাত বিশ্বনাথ জিলা কবি সন্মিলনৰ পতাকা উত্তোলন কৰিব সন্মিলনৰ সভানেত্ৰী শ্ৰীযুতা সবিতা কোঁৱৰে। পুৱা ৯ বজাত স্মৃতি তৰ্পন কৰিব বেদেতী কবি চক্ৰৰ সভাপতি দেৱৰাহ ছেত্ৰীয়ে ।

    গছপুলি ৰোপণ কাৰ্যসূচী শুভাৰম্ভ কৰিব সমাজকৰ্মী, কবি শুকদেৱ বৰুৱাই।

    সাহিত্য প্ৰতিযোগিতা উদ্বোধন কৰিব লোকপ্ৰিয় উচ্চ মাধ্যমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষয়িত্ৰী বিজ্ঞান দাসে।

    বিহালী বিধান সভা সমষ্টিৰ অন্তৰ্গত ছাত্র-ছাত্ৰী সকলৰ মাজত বিহালী ভিত্তিত অনুষ্ঠিত হ’ব চিত্ৰাংকন, কবিতা আবৃত্তি, আকস্মিক বক্তৃতা প্ৰতিযোগিতা।
    ইয়াৰ পিছত ১০ এপ্ৰিল তাৰিখৰ প্ৰথম কাৰ্যসূচী, পুৱা ৭.৩০ বজাত পৰিৱেশ নিকাকৰণ।

    পুৱা ৯.৩০ বজাত প্ৰতিনিধিৰ নাম পঞ্জীয়ন,পুৱা ১০ বজাত প্ৰতিনিধি আৰু বিষয়বাচনি সভা। সভাখন উদ্বোধন কৰিব বিশিষ্ট কবি তথা সদৌ অসম কবি সন্মিলনৰ উপসভাতি বংশী বৰাই ।

    দিনৰ ১১.৩০ বজাত কবি সন্মিলন। কবি সন্মিলন উদ্বোধন কৰিব বিশিষ্ট কবি তথা সাহিত্য অকাডেমি বঁটা প্ৰাপক জ্ঞান পূজাৰীয়ে । সন্মিলনৰ সঞ্চালকৰ কৰিব বিশিষ্ট কবি শ্ৰী ৰেণু চহৰীয়া শইকীয়াই ।

    দিনৰ ১২.৪৫ বজাৰ পৰা মুকলি সভা, সম্বৰ্ধনা আৰু বঁটা বিতৰণী অনুষ্ঠান ।

    উক্ত অনুষ্ঠানটি উদ্বোধন কৰিব বিশিষ্ট কবি, প্ৰবীণ সাংবাদিক নগেন কোঁৱৰে।সভাপতিত্ব কৰিব বিশ্বনাথ জিলা কবি সন্মিলনৰ সভানেত্ৰী শ্ৰীযুতা সবিতা কোঁৱৰে ।

    সভাখনত মুখ্য অতিথি হিচাপে প্ৰাক্তন মন্ত্ৰী তথা বিহালী বিধান সভা সমষ্টিৰ বিধায়ক ৰঞ্জিত দত্ত, নিৰ্দিষ্ট বক্তা হিচাপে বিশিষ্ট কবি তথা বিশ্বনাথ মহাবিদ্যালয়ৰ অধ্যাপক ৰাণা হাজৰিকা উপস্থিত থাকিব।

    শোণিতপুৰ জিলা সাহিত্য সভাৰ প্ৰাক্তন সভাপতি ইন্দ্ৰপ্ৰসাদ শইকীয়া, ছয়দুৱাৰ মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত উপাধ্যক্ষ দিগন্ত গোঁহাই, লক্ষীমপুৰ জিলা কবি সন্মিলনৰ প্ৰাক্তন সভাপতি অতুল খাউণ্ড বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকিব লগা সভাখনত আমন্ত্ৰিত অতিথি হিচাপে উপস্থিত থাকিব বিশিষ্ট কবি, সমালোচক, গুৱাহাটী নিবাসী ৰুদ্ৰসিংহ মটক, বিহালী স্নাতক মহাবিদ্যালয়ৰ অধ্যক্ষ শ্ৰীযুত জীৱন চন্দ্ৰ নাথ,বিশিষ্ট লেখিকা বৰ্ণালী কটকী ওজা, বিশিষ্ট কবি তথা ছয়দুৱাৰ মহাবিদ্যালয়ৰ সহযোগী অধ্যাপক ড° ভাস্কৰজ্যোতি গগৈ, মধ্য ছয়দুৱাৰ উঃমাঃবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ শ্ৰী প্ৰবোধ কুমাৰ বৰুৱা, গৱেষক, লেখক ড° দুলেন বৰা আৰু কবি, সমালোচক, সাংবাদিক বিপুল কুমাৰ দিহিঙ্গীয়া ।

    অধিৱেশন ভাগ সৰ্বাঙ্গসুন্দৰ ভাৱে অনুষ্ঠিত কৰাৰ নিমিত্তে লোকপ্ৰিয় উচ্চ মাধ্যমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক তথা সাংস্কৃতিক কৰ্মী জয়ন্ত হাজৰিকাক সভাপতি, কবি, প্ৰাক্তন ছাত্ৰনেতা ,সমাজকৰ্মী নিৰঞ্জন দাসক কাৰ্যকৰী সভাপতি, সমাজকৰ্মী, সাহিত্যপ্ৰেমী,ক্ষুদ্ৰ চাহখেতিয়ক লক্ষী ভৰালীক সম্পাদক হিচাপে লৈ এক অভ্যৰ্থনা সমিতি গঠন কৰি যাৱতীয় কাম-কাজ আগবঢ়োৱা হৈছে ।

    ।সাহিত্য প্ৰতিযোগিতা সমূহত বিহালী বিধান সভা সমষ্টিৰ অন্তৰ্গত ছাত্র-ছাত্ৰী তথা অভিভাৱক সকলৰ অংশগ্ৰহণ আৰু উপস্থিতি অভ্যৰ্থনা সমিতিয়ে আন্তৰিকতাৰে কামনা কৰিছে। লগতে অধিৱেশন খনিৰ দুয়োটা দিনৰ সকলো কাৰ্যসূচীতে সাহিত্যপ্ৰাণ ৰাইজৰ উপস্থিতি অভ্যৰ্থনা সমিতিয়ে কামনা কৰিছে।
    album-art
    Roi Roi Binale A Zubeen Garg Musical
    00:00
    Sorry, no results.
    Please try another keyword
    • Mur Mon (Roi Roi Binale) · Zubeen Garg Mur Mon (Roi Roi Binale) ℗ Zeal Creations Released on: 2025-10-07 Producer: Zubeen Garg Composer: Zubeen Garg Lyricist: Zubeen Garg

    Latest Posts

    বিশেষঃ

    Stay in touch

    To be updated with all the latest news, offers and special announcements.