Thursday, May 29, 2025
26.5 C
Guwahati
TOP NEWS:

বিশ্বনাথত হাজাৰ হাজাৰ ভূমি বেদখল, পেটুলিবাৰীৰ ৩৪ বিঘা ১ কঠা চৰকাৰী ভূমিত জিলা প্ৰশাসনৰ উচ্ছেদ অভিযান

- Advertisement -
- Advertisement -
- Advertisement -
- Advertisement -

বিশ্বনাথ ৰাজহচক্ৰৰ অন্তৰ্গত বিশ্বনাথৰ  কেইবা হাজাৰ চৰকাৰী ভূমি বেদখল হৈ আছে। জিলা খনৰ বিশ্বনাথ, বিহালী বৰঝাৰণীকে ধৰি বিশ্বনাথ চাৰিআলি  পেটুলিবাৰীৰ চৰকাৰী ভূমি একাংশ লোকে বেদখল কৰি  ধৰি খেতি -বাতি কৰি নিজৰ দখলত ৰাখি থোৱা তথ্য প্ৰকাশ পাইছিল। ইফালে হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ অহা পিছতে উক্ত ভূমি সমূহ বেদখল মুক্ত কৰা কথা ঘোষণা কৰিছে ৰাজ্য চৰকাৰে।ইফালে ৰাজ্য বিভিন্ন ঠাইত চৰকাৰী ভূমি বেদখল মুক্ত কৰিবলৈ উচ্চেদ চলাই থকা সময়তে শুক্ৰবাৰে বিশ্বনাথ ৰাজহ চক্ৰ অন্তৰ্গত পেটুলিবাৰীত  ৩৪ বিঘা ১ কঠা চৰকাৰী ভূমি বেদখলমুক্ত কৰিবলৈ বিশ্বনাথ জিলা প্ৰশাসনে অভিযান চলাই।বিশ্বনাথ জিলা প্ৰশাসনে আৰক্ষী আৰু অৰ্ধ সামৰিক বাহিনীৰ এটা বৃহৎ দল লগত লৈ এই ভূমি বেদখল মুক্ত কৰিবলৈ চেষ্টা অব্যাহত ৰাখিছে।উল্লেখ্য যে বিশ্বনাথৰ পেটুলিবাৰী অঞ্চলৰ চৰকাৰী ভূমি বেদখল কৰা লোক সকলে বিশ্বনাথ জিলা প্ৰশাসনৰ এই অভিযানত স্বতঃষ্ফুত ভাবে নিজ নিজ ঘৰ দুৱাৰ ভাঙি সহযোগিতা আগবঢ়ায়।

কোনো ধৰণৰ আইন শৃংখলাজনীত পৰিস্থিতিৰ সৃষ্টি নোহোৱাকৈয়ে বৰ্তমানো উচ্ছেদ চলি আছে উক্ত চৰকাৰী ভূমিত বেদখলকাৰী লোকসকল আৰু আমছু,নেমছুৰ নেতা কৰ্মীয়েও এই উচ্ছেদ অভিযানত প্ৰশাসনক সহযোগীতা আগবঢ়োৱাৰ কথা উল্লেখ কৰি উচ্ছেদিত লোক সকলে।ইফালে এই সকলক  পুনৰ সংস্থাপনৰ দাবী জনাই আমছুয়ে।


ইফালে সচেতন ৰাইজৰ  অভিযোগ এই স্থানত নিদিষ্ট কেইজনমান লোকৰ বিৰুদ্ধেহে  অভিযান চলাইছে জিলা প্ৰশাসনে।
এই অঞ্চলত ১০০ বিঘাতকৈ অধিক চৰকাৰী ভূমি বেদখলকাৰীৰ দখলৰ পৰা মুক্ত কৰিবলৈ আহবান জনাই আমছু,নেমছু তথা ৰাইজে। আনহাতে বান খহনীয়াৰ কবলত পৰি বিভিন্ন স্থানৰ পৰা অহা এই লোক সকলক দালাল চক্ৰই এই ভুমি বিক্ৰী কৰাৰ অভিযোগ উত্থাপন কৰিছে উক্ত দাদলি সমূহক শীঘ্ৰে গ্ৰেপ্তাৰ কৰিবলৈ দল সংগঠনে দাবী জনাইছে।

- Advertisement -

Hot this week

মণিপুৰৰ চিৰই লিলি উৎসৱৰ সামৰণি

উত্তৰ পূৰ্বাঞ্চলৰ ৰাজ্য মণিপুৰৰ উখৰুল জিলাত চলি থকা চিৰই...

গ্ৰন্থ আলোচনাঃ ‘নৈ বৈ যায়’ – ✒️ৰিতুপৰ্ণা

নদীমাতৃক ৰাজ্য অসমৰ সভ্যতা, সাহিত্য, সংস্কৃতিৰ ক্ৰমবিকাশৰ সাক্ষী হৈ...

লক্ষ্মী চাহ কোম্পানীৰ দ্বাৰা আন্তঃৰাষ্ট্ৰীয় চাহ দিৱস উদযাপন—

গুৱাহাটী, 27 মে’ 2025 — আন্তঃৰাষ্ট্ৰীয় চাহ দিৱস উপলক্ষে,...

কলকাতা ভ্ৰমণ ✒️ৰিতুপৰ্ণা আভা

১৫/০৪/২০২৫ কলকাতা ভ্ৰমণৰ আটাইতকৈ ভাল লগা সময়কণ আছিল "ভিক্টোৰিয়া মেমৰিয়েল...

Topics

যশস্বী নৃত্যশিল্পী, নৃত্যাচার্য যতীন গোস্বামীক ৰাষ্ট্ৰপতি ভৱনত ‘পদ্মভূষণ’ সন্মান প্ৰদান

▶️ ৰাষ্ট্ৰপতি ভৱনত আয়োজিত দ্বিতীয় পৰ্যায়ৰ পদ্ম সন্মান প্রদান...

আকাশবাণীৰ লগত জড়িত কেৰিয়াৰ ● ড° বুলজিৎ বুঢ়াগোহাঁই

আকাশবাণীৰ লগত জড়িত কেৰিয়াৰ ● ড° বুলজিৎ বুঢ়াগোহাঁই ডাইৰেক্টৰ জেনেৰেল (Director...

লক্ষ্মী চাহ কোম্পানীৰ দ্বাৰা আন্তঃৰাষ্ট্ৰীয় চাহ দিৱস উদযাপন—

গুৱাহাটী, 27 মে’ 2025 — আন্তঃৰাষ্ট্ৰীয় চাহ দিৱস উপলক্ষে,...

Press Update:

জেন জীৰ উন্মেষণ জাগৃত কৰি: ছেমছাং ইণ্ডিয়াই  ‘ছ’লভ ফৰ...

Facebook: আজিৰ পৃথিৱীৰ ,জনপ্রিয় এক চচিয়েল নেটৱৰ্কিং সেৱা

ফেচবুক ইনকৰ্পৰেটেড নামৰ ব্যক্তিগত কোম্পানিয়ে  ০৪ ফেব্রুৱাৰী ২০০৪ চনত...

‘ব্লুটুথ’ শব্দটোৰ বিষয়ে থূলমুলকৈ

আজিৰ বিশ্বত ব্লুটুথ(Bluetooth) বোলা শব্দটো চিনি নোপোৱা মানুহৰ সংখ্যা...

Related Articles

Popular Categories

Assam
overcast clouds
25.2 ° C
25.2 °
25.2 °
90 %
1.1kmh
100 %
Thu
25 °
Fri
24 °
Sat
30 °
Sun
28 °
Mon
29 °

Warning: Undefined variable $ays_pb_show_scrollbar in /home/jigyasac/asomkhobor.com/wp-content/plugins/ays-popup-box/public/partials/ays-pb-public-templates.php on line 2528

Warning: Undefined variable $ays_pb_show_scrollbar in /home/jigyasac/asomkhobor.com/wp-content/plugins/ays-popup-box/public/partials/ays-pb-public-templates.php on line 2534

Warning: Undefined variable $ays_pb_show_scrollbar in /home/jigyasac/asomkhobor.com/wp-content/plugins/ays-popup-box/public/partials/ays-pb-public-templates.php on line 2537

লেখনি বিচৰা হৈছেঃ


Follow the Khobor Media Group channel on WhatsApp: https://whatsapp.com/channel/0029Va7zdb21SWswKyHYlX11

লেখনি বিচৰা হৈছেঃ
অসম খবৰ ডিজিটেল সংবাদ গোষ্ঠীৰ বাৰ্ষিক আলোচনী ‘জনকণ্ঠ’ৰ বাবে সৃষ্টিশীল লেখনি বিচৰা হৈছেঃ
প্ৰতিগৰাকী লেখক/লেখিকাৰ বাবে অনুৰোধঃ

📌 লেখাবোৰ সৃজনীমূলক লেখা, যেনে- স্বৰচিত গল্প, প্ৰৱন্ধ, কবিতা, ধাৰাবাহিক উপন্যাস, অনুবাদ সাহিত্য, ভৌতিক গল্প, বিশেষ ব্যক্তিৰ সাক্ষাৎকাৰ, ভ্ৰমণ কাহিনী, ক্ৰীড়া বাৰ্তা, নীলাখামৰ চিঠি, কৌতুক, সাঁথৰ, মহৎ লোকৰ বাণী, কুইজ, সাংবাদিকতাৰ অভিজ্ঞতা, সংবাদ ক্ষেত্ৰৰ ভৱিষ্যত, বুৰঞ্জীমূলক লেখা, স্বাস্থ্য সজাগতা,
ৰাজনীতিৰ ওপৰত লেখা, সৃষ্টিশীল বাতৰি, ছবি, কাৰ্টুন, ফটোগ্ৰাফী ইত্যাদি সামৰি লোৱা হৈছে।
📌 একেজন লিখকৰ একাধিক সৃষ্টিও ইয়াত প্ৰকাশ পাব। চৰ্ত কেৱল প্ৰকাৰ ভিন্ন হোৱাটো বাঞ্চনীয়।
📌আলোচনীত যিকোনো ধৰণৰ লেখা প্ৰকাশ পাবৰ বাবে আপোনাৰ সৃষ্টিৰাজিক স্পষ্টকৈ মোবাইলত বা কম্পিউটাৰ DTP কৰি  asomkhobor@gmail.com অথবা 8404052898 নম্বৰত প্ৰেৰণ কৰিবলৈ অনুৰোধ জনালোঁ।
ইতি-
অসম খবৰ’ পৰিয়ালৰ হৈ
মুখ্য সম্পাদক অশ্বিনী কুমাৰ গগৈ
মুখপাত্ৰ সম্পাদক শ্ৰীমন্ত দাস


This will close in 15 seconds