31.3 C
Guwahati
Saturday, October 18, 2025
More

    শেহতীয়া আপডেটঃ

    বিশ্বনাথ জিলা পৰিবহণ বিভাগৰ কৰ সংগ্ৰহৰ ক্ষেত্ৰত শ্ৰেষ্ঠ পাৰদৰ্শিতাৰ বঁটা ১০ কোটিৰো অধিক কৰ সংগ্ৰহ

    বিশ্বনাথ জিলা পৰিবহণ বিভাগে অসম চৰকাৰৰ পৰিবহণ বিভাগৰ ২০২১-২২ বিত্তীয় বৰ্ষৰ শ্ৰেষ্ঠ পাৰদৰ্শিতাৰ বঁটা লাভ কৰিবলৈ সক্ষম হৈছে। যোৱা ৮ এপ্ৰিলত গুৱাহাটীৰ খানাপাৰাস্হিত প্ৰশাসনিক মহাবিদ্যালয়ত অনুষ্ঠিত ৰাজ্যৰ সকলো জিলাৰ পৰিবহণ বিষয়া সকলৰ এখন সভাত পৰিবহণ মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে বিশ্বনাথ জিলা পৰিবহণ বিষয়া উমেশ চন্দ্ৰ শৰ্মাক আনুষ্ঠানিক ভাৱে ২০২১-২২ বিত্তীয় বৰ্ষৰ শ্ৰেষ্ঠ পাৰদৰ্শিতাৰ বঁটা প্ৰদান কৰে। উক্ত অনুষ্ঠানত পৰিবহণ আয়ুক্ত আদিল খান, পৰিবহণ সচিব যাদৱ শইকীয়া আদি উপস্হিত থাকে। অনুষ্ঠানত বিশ্বনাথ জিলাৰ পৰিবহণ বিষয়া গৰাকীক সংগ দিয়ে বিশ্বনাথ জিলাৰ যান বাহন পৰিদৰ্শক পদ্মলোচন হাজৰিকা, এনফ’ৰ্চমেণ্ট বিষয়া কৃষ্ণ কান্ত চেতিয়া, সহকাৰী এনফ’ৰ্চমেন্ট বিষয়া ৰাজীৱ দাসে। উল্লেখ্য যে কৰ সংগ্ৰহৰ ক্ষেত্ৰত বিশ্বনাথ জিলা পৰিবহণ বিভাগে প্ৰথম বাৰৰ বাবে অভিলেখ সৃষ্টি কৰিছে। ২০২১-২২ বিত্তীয় বৰ্ষত বিশ্বনাথ জিলাৰ ৮ কোটি ৰাজহ সংগ্ৰহৰ লক্ষ্য আছিল যদিও ১০ কোটি ২৪ লাখ ৭২ হাজাৰ ৩ শ ৪৩ টকা সংগ্ৰহ কৰিবলৈ সক্ষম হয়।

    album-art
    Roi Roi Binale A Zubeen Garg Musical
    00:00
    Sorry, no results.
    Please try another keyword
    • Mur Mon (Roi Roi Binale) · Zubeen Garg Mur Mon (Roi Roi Binale) ℗ Zeal Creations Released on: 2025-10-07 Producer: Zubeen Garg Composer: Zubeen Garg Lyricist: Zubeen Garg

    Latest Posts

    বিশেষঃ

    Stay in touch

    To be updated with all the latest news, offers and special announcements.