31.3 C
Guwahati
Tuesday, November 11, 2025
More

    শেহতীয়া আপডেটঃ

    বিশ্বনাথৰ বালিচাঙত কুকুৰা যুঁজৰ বিৰুদ্ধে বালিচাং আৰক্ষীৰ অভিযান

    বিশ্বনাথৰ বালিচাঙত কুকুৰা যুঁজৰ বিৰুদ্ধে বালিচাং আৰক্ষীৰ অভিযান ৷

    অসম খবৰ , বিশ্বনাথ চাৰিআলিৰ পৰা ৰমেশ চন্দ্ৰ চৰেণ’ৰ ৰিপৰ্ট , ৭ ফেব্ৰুৱাৰী ঃ বিশ্বনাথৰ বালিচাং হৈ পৰিছে এতিয়া মদ ,ভাং , জুৱা আৰু কুকুৰা যুজৰ আড্ডা ৷ দিনক দিনে অসামাজিক কাৰ্য্যাদি বৃদ্ধি পাই আহিছে বালিচাঙত ৷

    এচাম জুৱাৰীৰ অসামাজিক কাৰ্যই কলুষিত কৰিছে বালিচাঙৰ অসম অৰুণাচল সীমান্তৱৰ্তীৰ বহু গাওঁ ৷

    বহু দিন ধৰি জুৱাৰী দলটোৱে অসামাজিক কাৰ্য আদি কৰি শৈক্ষিক , সামাজিক পৰিৱেশ একেবাৰে বিনষ্ট কৰি পেলাইছে ৷ আৰক্ষীয়ো নিৰুপায় ৷ অভিযান চলায়ো যেন ৰোধ কৰিব পৰা নাই মদ , জুৱাৰ আড্ডা ৷ ইফালে জুৱাৰী দলেটোৱেও কম নহয় ৷

    বালিচাং আৰক্ষীক কেৰেপ নকৰি দিনৰ পোহৰতে জুৱাৰ অবাধ বেহা চলাই আহিছে সুদীৰ্ঘদিন ধৰি ৷ ক্ৰমাগত ভাবে মহালক্ষী সাপ্তাহিক বজাৰত জুৱা ডাইচৰ বেহা , বালিচাং সাপ্তাহিক বজাৰৰ নিচেই কাষত দিলীচাং নদীৰ সমিপৰ পথাৰৰ মাজত কুকুৰা যুজৰ অবৈধ জুৱা চলাই আহিছে এচাম জুৱাৰীৰ দলে ৷

    কালি বালিচাং সাপ্তাহিক বজাৰৰ সুযোগ গ্ৰহন কৰি জুৱাৰীৰ দলটোৱে চলাইছিল কুকুৰা যুজৰ জুৱা ৷ বালিচাং আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া অনন্ত বৰাই কুকুৰা যুজৰ খবৰ পাই আকস্মিকভাবে এক অভিযান চলাই ৷ আৰক্ষী অহাৰ পুৰ্বেই কুকুৰা যুজৰ নেতৃত্ব বহন কৰা লোক কেইজন পলাই সাৰিবলৈ সক্ষম হয় ৷ লগে লগে কুকুৰা যুজৰ সমবেত হোৱা লোকসকলৰ লগতে জুৱাৰীৰ দলটোও পলাই পত্ৰং দিয়ে ৷

    অৱশ্যে বালিচাং আৰক্ষীয়ে জুৱাৰীৰ দলটোক কৰায়ত্ত কৰাৰ আপ্ৰাণ চেষ্টা চলাই ৷ যদিও পলাই সাৰে জুৱাৰীৰ দলটো ৷ এই পৰ্যন্ত আৰক্ষীয়ে কোনো লোকক কৰায়ত্ত কৰা নাই ৷ অৱশ্যে কুকুৰা যুঁজ লগোৱা কিছু চোকা লোহাৰ কাইট সদৃশ সামগ্ৰী আৰু কুকুৰা কেইটামান জব্দ কৰিবলৈ সক্ষম হয় ৷ আৰক্ষীৰ এই কাৰ্যক সচেতন মহলে ভুয়সী প্ৰশংসা কৰে ৷ আৰু জুৱা আৰু কুকুৰা যুজৰ জুৱাক সম্পুৰ্ন ৰূপে বন্ধ কৰিব নোৱাৰা পৰ্যন্ত অভিযান চলাই যাবলৈ আহ্বান জনাই স্থানীয় ৰাইজে ৷

    বিশ্বনাথৰ পৰা ৰমেশ চন্দ্ৰ চৰেণ

    album-art
    Roi Roi Binale A Zubeen Garg Musical
    00:00
    Sorry, no results.
    Please try another keyword
    • Mur Mon (Roi Roi Binale) · Zubeen Garg Mur Mon (Roi Roi Binale) ℗ Zeal Creations Released on: 2025-10-07 Producer: Zubeen Garg Composer: Zubeen Garg Lyricist: Zubeen Garg
    • Xopun Xopun | Roi Roi Binale | Zubeen Garg | Eye Creations | Zeal Creations | Saregama Song Name: Xopun Xopun Film: Roi Roi Binale Label: Eye Creations & Zeal Creations
    • JUN JWOLI-(ROI ROI BINALE) |ZUBEEN GARG |EYE CREATIONS |ZEAL CREATIONS
    • FILM- ROI ROI BINALE SONG-চকুলোৰে ৰৈ ৰৈ বিনালে(The Last Song) LABEL- ZEAL CREATIONS & EYE CREATIONS AUDIO CREDITS- COMPOSITION- ZUBEEN GARG LYRICS-ZUBEEN GARG MUSIC PRODUCER- ZUBEEN GARG CO-PRODUCER- NILOTPAL BORA & GAURI SHANKAR LAHON VOCALS- ZUBEEN GARG, ACHURJYA BORPATRA ACOUSTIC GUITAR- ISHANU NYLON & ELECTRIC GUITAR- PRITOM GOHAIN BARUAH BASS GUITAR- BISWAJIT CHAKRABORTY CHORUS VOICES-[...]

    Latest Posts

    বিশেষঃ

    Stay in touch

    To be updated with all the latest news, offers and special announcements.

    NOTICE ROI ROI BINALE Film

    •   আবেগ-অনুভূতিত কোনেও যাতে চিনেমাখনৰ ভিডিঅ' ১ ছেকেণ্ডো যাতে আপলোড নকৰে। আনকি ফটোও।  

    •   ট্ৰেলাৰটো ইতিমধ্যে দেখিছেই সকলোৱে। এই কাম নকৰিব। কিয়নো যি কাম তেওঁ বেয়া পাইছিল। সকলোলৈকে আহ্বান।  

    This will close in 30 seconds