বিশ্বনাথৰ জিনজিয়াত ভয়ংকৰ পথ দুৰ্ঘটনা:
দেওবাৰে বিয়লি প্ৰায় ৫ মান বজখত বিহালী জিনজিয়া আৰক্ষী থানাৰ অন্তৰ্গত মোনাবাৰীত এক ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হয়।
এই পথ দুৰ্ঘটনাত এজন লোক নিহত হোৱা লগতে দুজন গুৰুত্ব ভাৱে আহত হয়।
বিহালী আৰক্ষী থানাৰ অন্তৰ্গত ৰৌমাৰী হেমন্ত দাস নামৰ ছাত্র জন আৰু তেওঁৰ বন্ধু এজনৰ সৈতে বিশ্বনাথ চাৰিআলি পৰা ঘৰলৈ আহি থকা সময়তে এই পথ দুৰ্ঘটনাটো সংঘটিত হয়।
মটৰচাইকেলৰ সন্মুখতলৈ হঠাৎ এজন লোক অহাত লোক জনক খুন্দা মৰাত লোক জন থিতাতে নিহত হোৱা লগতে হেমন্ত দাস( ১৯) তেওঁ বন্ধু জন গুৰুত্ব ভাৱে আহত হয় ।
ততাতৈয়াকৈ স্থানীয় লোকে আৰক্ষীক খবৰ দিয়াত আৰক্ষীয়ে দুয়ো মটৰচাইকেল আৰোহীক তেজপুৰ মেডিকেল কলেজলৈ প্ৰেৰণ কৰে।
ইফালে দুৰ্ঘটনাত মৃত্যু হোৱা লোক জন বৰ্তমানলৈ চিনাক্ত হোৱা নাই।
গুৰুত্ব ভাৱে আহত হোৱা
হেমন্ত দাস নামৰ যুৱক জন বিহালী
জনতা উচ্চতৰ মাধ্যমিক বিদ্যালয় ছাত্র বুলি চিনাক্ত হৈছে।
Leave a Reply