Wednesday, June 11, 2025
37.3 C
Guwahati
TOP NEWS:

বিশ্বনাথৰ জিতপুৰত পাভৈ আঞ্চলিক চাওঁতাল ছাত্ৰ সন্থা গঠনৰ সভা সম্পন্ন

- Advertisement -
- Advertisement -
- Advertisement -
- Advertisement -

অসম খবৰ , বিশ্বনাথৰ পৰা ৰমেশ চন্দ্ৰ চৰেণ , ২৪ নবেম্বৰ ঃ বিশ্বনাথ জিলাৰ অসম অৰুণাচল সীমান্তবৰ্তীৰ জিতপুৰত সদৌ চাওঁতাল ছাত্ৰ সন্থা পাভৈ আঞ্চলিক সমিতিখন গঠনৰ উদ্দেশ্যে আজি গাম্ভীৰ্যপূৰ্ণ ভাবে সভা এখন অনুষ্ঠিত হৈ যায় ৷

বিশ্বনাথ জিলা চাওঁতাল ছাত্ৰ সন্থাৰ সভাপতি ৰমেশ চন্দ্ৰ চৰেণ’ৰ সভাপতিত্বত অনুষ্ঠিত হোৱা সভাৰ আঁত ধৰে সাধাৰণ সম্পাদক চ’ম চৰেণে ৷

সভাত চাওঁতাল জনগোষ্ঠীৰ শৈক্ষিক , আৰ্থ সামাজিক ,ৰাজনৈতিক, তথা কলা কৃষ্টি সংস্কৃতিৰ ওপৰত বিশদভাৱে আলোচনা কৰাৰ লগতে অসম অৰুণাচল সীমান্তৱৰ্তীৰ অধ্যুষিত গাওঁসমুহৰ বিভিন্ন সমস্যা , অভাৱ অভিযোগৰ উপৰিও সাংগাঠনিক দিশতো আলোকপাত কৰে ৷

বিশেষকৈ শৈক্ষিক সমস্যা তথা বাটপথ আৰু বিশুদ্ধ খোৱাপানীৰ সুব্যৱস্থাকৰনৰ বাবে সন্থাই বিশেষ পদক্ষেপ গ্ৰহন কৰাৰ সিদ্ধান্ত গ্ৰহন কৰে ৷তদুপৰি ৮০% বা তাতোধিক নম্বৰ প্ৰাপ্ত ছাত্ৰ ছাত্ৰীক পঢ়াৰ বিশেষ সুবিধা প্ৰদান কৰাৰো এক ঐতিহাসিক প্ৰস্তাৱ গ্ৰহন কৰা হয় ৷এইখন সভাতেই সদৌ চাওঁতাল ছাত্ৰ সন্থাৰ পাভৈ আঞ্চলিক সমিতিখন পুৰ্ণাংগ পৰ্যায়ৰ গঠন কৰা হয় ৷

সভাপতি হিচাবে সম্ভু মাৰ্ডি সৰ্বসন্মতি ক্ৰমে নিৰ্বাচিত হোৱাৰ বিপৰীতে উপসভাপতিৰ পদত ক্ৰমে মণ্টু হেমৰম আৰু ছাৰলেচ হেমৰমক সভাখনে দায়িত্ব ন্যস্ত কৰে ৷

সাধাৰণ সম্পাদকৰ পদত ৰবেন বেশ্ৰা, সহকাৰী সাধাৰণ সম্পাদকদ্বয় ক্ৰমে ৰবীন্দ্ৰ কিস্কু আৰু প্ৰেম বেশ্ৰাক মনোনিত কৰাৰ লগতে সাংগঠনিক সম্পাদকদ্বয় , শিক্ষা সম্পাদক , আৰু ক্ৰীড়া সম্পাদকৰ বিষয়ববীয়া ৰূপে ক্ৰমে চুকুল মুৰ্মু , সুবাই বাস্কে ,কোঁৱৰ হেম্বৰম আৰু কিষ্টু হেম্বৰমক সভাখনে মনোনিত কৰি দায়িত্ব অৰ্পন কৰে ৷

সভাত বিশ্বনাথ জিলা চাওঁতাল ছাত্ৰ সন্থাৰ উপসভাপতি জনক চৰেণ , মুখ্য সাংগঠনিক সম্পাদক ৰাজেন মুৰ্মু , প্ৰচাৰ সম্পাদক দেবেশ্বৰ হেম্বৰম , কাৰ্যনিৰ্বাহক সদস্য জিতেন হেম্বৰম, সাংবাদিক তথা বিশিষ্ট সমাজকৰ্মী কুৰ্বেশ্বৰ মাৰাণ্ডী সহ আন কেইবাগৰাকী বিশিষ্ট ব্যক্তি সকল উপস্থিত থাকে ৷শলাগৰ শৰাই আগবঢ়াই জিলা উপসভাপতি মাধৱ মাৰাণ্ডীয়ে ৷ বৃহত্তৰ পাভৈ অঞ্চলটোৰ প্ৰায় ৩০ খনৰো অধিক চাওঁতালী গাওঁৰ ছাত্ৰ ছাত্ৰী সকলে সভাত অংশ গ্ৰহণ কৰা বুলি জানিব পৰা গৈছে ৷

- Advertisement -

Hot this week

ৰাজা ৰঘুবংশীৰ হত্যাৰ অভিযোগঃ পত্নী সোনম ৰঘুবংশীসহ ৩ অভিযুক্তক গ্ৰেপ্তাৰ

ইন্দোৰৰ ৰাজা ৰঘুবংশীৰ হত্যাৰ অভিযোগত পত্নী সোনম ৰঘুবংশীসহ ৩...

ৰাজ্যসভাৰ নিৰ্বাচনৰ মনোনয়ন পত্র দাখিল

১৯ জুনত ৰাজ্যসভাৰ নিৰ্বাচনৰ বাবে বিজেপিৰ প্ৰাৰ্থী কনাড পুৰকায়স্থ...

Topics

মোদী চৰকাৰৰ ১১ বছৰ সম্পূৰ্ণ

নৰেন্দ্ৰ মোদী চৰকাৰৰ ১১ বছৰ সম্পূৰ্ণ হোৱা উপলক্ষে নৰেন্দ্ৰ...

বিজ্ঞাপনৰ বাবদ পাবলগীয়া ধন সময়মতে আদায় দিবলৈ অসম চৰকাৰক অনুৰোধ আসাম ট্রিবিউন এমপ্লইজ ইউনিয়নৰ

আসাম ট্রিবিউন এমপ্লইজ ইউনিয়নে ট্রিবিউন গোষ্ঠীৰ বৰ্তমানৰ বিত্তীয় সংকটৰ...

উৎকট গৰমঃ কামৰূপ মহানগৰ জিলাৰ বিদ্যালয়সমূহৰ পাঠদানৰ সময়সূচীত সাল-সলনি

উৎকট গৰমৰ পৰিপ্ৰেক্ষিতত কামৰূপ মহানগৰ জিলাৰ বিদ্যালয়সমূহৰ পাঠদানৰ সময়...

ASSAM RIFLES AND DRI RECOVER HEROINE WORTH ₹22.73 CRORE FROM KABUGANJ, ASSAM

In a major breakthrough Assam Rifles, in coordination with...

অসমৰ আপুৰুগীয়া সত্ৰসমূহ অসমৰ বাবে চিনাকিৰ এক অন্য নাম

‘অসমৰ আপুৰুগীয়া সত্ৰসমূহ অসমৰ বাবে চিনাকিৰ এক অন্য নাম৷...

Related Articles

Popular Categories

Assam
clear sky
35 ° C
35 °
35 °
56 %
0.9kmh
7 %
Wed
37 °
Thu
36 °
Fri
34 °
Sat
34 °
Sun
33 °