31.3 C
Guwahati
Thursday, October 23, 2025
More

    শেহতীয়া আপডেটঃ

    বিশ্বনাথত সাহিত্যকাণ্ডাৰী পদ্মনাথ গোহাঞি বৰুৱাৰ ডেৰশ বছৰীয়া জয়ম্তী পালন

    বিশ্বনাথত সাহিত্যকাণ্ডাৰী পদ্মনাথ গোহাঞি বৰুৱাৰ ডেৰশ বছৰীয়া জয়ম্তী পালন
    ‘জাতীয় জীৱনৰ সেৱাত উৎসৰ্গিত হওঁ আহক’ — ডঃ উপেন্দ্ৰজিৎ শৰ্মা

    গহপুৰ : বিশ্বনাথ জিলা সাহিত্য সভাৰ উদ্যোগত তথা খাৰৈপৰীয়া শাখা সাহিত্য সভা আৰু খাৰৈপৰীয়া লেখিকা সমাৰোহ সমিতিৰ সহযোগত ২৫ ডিচেম্বৰত বিশ্বনাথৰ কলাবাৰীস্থিত পশ্চিম কলাবাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ত দিনজোৰা কাৰ্যসূচীৰে অসম সাহিত্য সভাৰ প্ৰতিষ্ঠাপক সভাপতি সাহিত্য কাণ্ডাৰী পদ্মনাথ গোহাঞিবৰুৱাৰ ডেৰশ বছৰীয়া জয়ন্তী আৰু অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি অতুল চন্দ্ৰ বৰুৱাৰ স্মৃতিচাৰণ আৰু গ্ৰন্থ উন্মোচনী সভাৰ লগতে জিলা সাহিত্য সভাৰ বৰ্দ্ধিত তৃতীয় পূৰ্ণাংগ কাৰ্যনিৰ্বাহক সভা সম্পন্ন হয় ।

    এই উদ্দেশ্যে পুৱা ৮.৪৫ বজাত অসম সাহিত্য সভাৰ পতাকা উত্তোলন কৰে খাৰৈপৰীয়া শাখা সাহিত্য সভাৰ সভাপতি অনিল বৰাই । অসম সাহিত্য সভাৰ প্ৰতিষ্ঠাপক সভাপতি – সাহিত্য কাণ্ডাৰী পদ্মনাথ গোহাঞি বৰুৱাৰ প্ৰতিচ্ছবিৰ সন্মুখত স্মৃতি তৰ্পণ কৰি বন্তি প্ৰজ্বলন কৰে ক্ৰমে সমাজকৰ্মী ৰাজেন হাজৰিকাই আৰু অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি অতুল চন্দ্ৰ বৰুৱাৰ প্ৰতিচ্ছবিত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে খাৰৈপৰীয়া শাখা সাহিত্য সভাৰ উপসভাপতি দীননাথ শৰ্মাই ।

    ইয়াৰ পাছত বিদ্যালয়খনৰ প্ৰেক্ষাগৃহত বিশ্বনাথ জিলা সাহিত্য সভাৰ সভাপতি গোলাপ বৰাৰ পৌৰোহিত্যত হোৱা সভাখনত নিৰ্দিষ্ট বক্তা হিচাপে উপস্থিত থাকি বক্তৃতা আগবঢ়ায় অসম সাহিত্য সভাৰ পত্রিকা সম্পাদক তথা ধুবুৰী ভোলানাথ বৰুৱা মহাবিদ্যালয়ৰ অসমীয়া বিভাগৰ মুৰব্বী অধ্যাপক ডঃ উপেন্দ্ৰজিৎ শৰ্মাই ।

    ভাষণ প্ৰসংগত তেওঁ কয় যে অসমৰ সমাজ জীৱনৰ সবল গুৰি ধৰোঁতা অসম সাহিত্য সভাৰ প্ৰতিষ্ঠাপক সভাপতি – সাহিত্য কাণ্ডাৰী পদ্মনাথ গোহাঞি বৰুৱা আৰু অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি অতুল চন্দ্ৰ বৰুৱাক সোঁৱৰণ কৰি আমি আৰ্শীবাদ লৈ কৰিছোঁ । আহক তেওঁলোকে দেখুৱাই যোৱা পথেৰে আমি জাতীয় জীৱনৰ সেৱাত উৎসৰ্গিত হওঁ ।

    অসম সাহিত্য সভাৰ উত্তৰ লখিমপুৰ আঞ্চলিক কাৰ্যালয়ৰ সম্পাদক ইন্দ্ৰমণি ৰাজকুমাৰ, অসম সাহিত্য সভাৰ মাতৃভাষা আৰু ৰাজ্যভাষা প্ৰয়োগ উপ সমিতিৰ আহ্বায়ক সঞ্জীৱ উপাধ্যায়, নলবাৰী জিলা সাহিত্য সভাৰ সম্পাদক পংকজ বেজবৰুৱা, ধুবুৰী জিলা সাহিত্য সভাৰ সম্পাদক আজাদ আলী আহমেদ, মাজুলী জিলা সাহিত্য সভাৰ কাৰ্যনিৰ্বাহক সদস্য শংকুসিদ্ধ নাথ, পশ্চিম কলাবাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ দিলীপ বৰাই সন্মানিত অতিথি হিচাপে অংশগ্ৰহণ কৰা সভাখনত কবি মনালিছা নেওগ বৰাৰ কাব্যগ্ৰন্থ ‘কহয় যাজ্ঞসেনী’ উন্মোচন কৰে বিশ্বনাথ জিলা লেখিকা সমাৰোহ সমিতিৰ সম্পাদিকা ৰেণু শইকীয়া বৰাই ।

    বিশ্বনাথ জিলা সাহিত্য সভাৰ সম্পাদক অপূৰ্ব ফুকনে উদ্দেশ্য ব্যাখ্যা কৰা আৰু খাৰৈপৰীয়া শাখা সাহিত্য সভাৰ সম্পাদক দীপক হাজৰিকাই আঁত ধৰা সভাখন উদ্বোধন কৰে অবিভক্ত শোণিতপুৰ জিলা সাহিত্য সভাৰ প্ৰাক্তন সভাপতি বংশী বৰাই ।

    খাৰৈপৰীয়া লেখিকা সমাৰোহ সমিতিৰ সভানেত্রী ৰিজুমণি বৰা আৰু সম্পাদিকা পল্লবী চুতীয়াৰ নেতৃত্বত শিল্পীবৃন্দই ‘চিৰ চেনেহী মোৰ ভাষা জননী’ শীৰ্ষক আৰম্ভণী গীত পৰিৱেশন কৰা সভাখন সমাপন হোৱাৰ পিছতে বিশ্বনাথ জিলা সাহিত্য সভাৰ বৰ্দ্ধিত তৃতীয় পূৰ্ণাংগ কাৰ্যনিৰ্বাহক সভা সুকলমে সম্পন্ন হয় ।

    উক্ত সভাতেই বিশ্বনাথ জিলা সাহিত্য সভাৰ সাতজনীয়া আইনী উপদেষ্টা সমিতি গঠন, অহা মাৰ্চ মাহত বৰগাঙত এখন প্ৰতিনিধিত্বমূলক সাধাৰণ সভাৰ আয়োজন কৰা, ২৭ ডিচেম্বৰত জিলাৰ অন্তৰ্গত সকলো শাখা সাহিত্য সভাই অসম সাহিত্য সভাৰ ১০৫ সংখ্যক প্ৰতিষ্ঠা দিৱস পালনৰ সিদ্ধান্ত গ্ৰহণ কৰা হয় ।

    album-art
    Roi Roi Binale A Zubeen Garg Musical
    00:00
    Sorry, no results.
    Please try another keyword
    • Mur Mon (Roi Roi Binale) · Zubeen Garg Mur Mon (Roi Roi Binale) ℗ Zeal Creations Released on: 2025-10-07 Producer: Zubeen Garg Composer: Zubeen Garg Lyricist: Zubeen Garg
    • Xopun Xopun | Roi Roi Binale | Zubeen Garg | Eye Creations | Zeal Creations | Saregama Song Name: Xopun Xopun Film: Roi Roi Binale Label: Eye Creations & Zeal Creations

    Latest Posts

    বিশেষঃ

    Stay in touch

    To be updated with all the latest news, offers and special announcements.

    This will close in 0 seconds