31.3 C
Guwahati
Tuesday, October 21, 2025
More

    শেহতীয়া আপডেটঃ

    বিদ্যুতৰ তাঁৰ চুৰি কৰি আৰক্ষীৰ জালত যুৱক :

    বিদ্যুতৰ তাঁৰ চুৰি কৰি আৰক্ষীৰ জালত যুৱক :

    নলবাৰী বৰক্ষেত্ৰী ৰাজহ চক্ৰৰ অন্তৰ্গত দৰঙিপাৰা ৰিজাৰ্ভত বিদ্যুৎ বিভাগৰ শৰ্মা উপাধি এজন ঠিকাদাৰে গাওঁ খনৰ শতাধিক লোকৰ ঘৰত বিদ্যুৎ সংযোগ কৰাৰ উদ্দেশ্য বিভাগীয় অনুমতি ক্ৰমে প্ৰায় ছয় শ মিটাৰ দূৰত্বত বিদ্যুৎ পৰিবাহী তাঁৰ সংযোগ কৰিছিল।

    কিন্তু তাৰ সংযোগ কৰাৰ পিছতেই বৃহস্পতিবাৰে উক্ত তাঁৰ খিনি কোনো দুষ্ট চক্ৰই চুৰি কৰি লৈ গৈছিল।

    আজি ৰাতিপুৱা উক্ত তাঁৰ খিনি বিক্ৰী কৰিবলৈ গুৱাহাটীলৈ গৈ থকা অৱস্থাত জালুকবাৰী আৰক্ষীৰ হাতত আটক হয় উক্ত গাওঁৰে আলী উপাধি লোকজন।

    স্থানীয় লোকে ধৃত আলীয়ে দীৰ্ঘদিন ধৰি উক্ত অঞ্চলত চুৰি কাৰ্য্যৰে ৰাইজৰ মাজত সন্ত্ৰাসৰ সৃষ্টি কৰি আহিছিল বুলি অভিযোগ ব্যক্ত কৰাৰ লগতে বহুদিন ধৰি বিদ্যুৎতৰ সমস্যাত ভুগি থকা অঞ্চলটোত বিদ্যুত সংযোগ কৰাৰ পিছত এনে দৰে তাঁৰ সমূহ চুৰি কৰা আলিক উচিত শাস্তি দাবী কৰিছে।

    ইতিমধ্যে মুকালমুৱা আৰক্ষী থানাত ঠিকাদাৰ বনমালী শৰ্মাৰ তৰফৰ পৰা এক এজাহাৰ দাখিল কৰি উক্ত ঘটনাৰ উচিত তদন্ত কৰাৰ আহ্বান জনাইছে।

    album-art
    Roi Roi Binale A Zubeen Garg Musical
    00:00
    Sorry, no results.
    Please try another keyword
    • Mur Mon (Roi Roi Binale) · Zubeen Garg Mur Mon (Roi Roi Binale) ℗ Zeal Creations Released on: 2025-10-07 Producer: Zubeen Garg Composer: Zubeen Garg Lyricist: Zubeen Garg

    Latest Posts

    বিশেষঃ

    Stay in touch

    To be updated with all the latest news, offers and special announcements.

    This will close in 0 seconds