31.3 C
Guwahati
Monday, October 20, 2025
More

    শেহতীয়া আপডেটঃ

    বালিচাং উচ্চ মাধ্যমিক বিদ্যালয়ৰ জেষ্ঠ শিক্ষক হৰিপ্ৰসাদ শৰ্মাৰ বিদায় সম্বৰ্দ্ধনা সভা :

    বিশ্বনাথৰ পৰা ৰমেশ চন্দ্ৰ চৰেণ ২০ নবেম্বৰ ঃ

    বালিচাং উচ্চ মাধ্যমিক বিদ্যালয় স্থাপিত হোৱাৰে পৰা শিক্ষকতা কৰি অহা জেষ্ঠ শিক্ষক হৰি প্ৰসাদ শৰ্মাৰ বিদায় সম্বৰ্দ্ধনা সভা অলপতে অনুষ্ঠিত হৈ যায় ।


    বিদ্যালয়খনৰ সভাপতি ভৱেন শইকীয়াৰ সভাপতিত্বত অনুষ্ঠিত হোৱা বিদায় সম্বৰ্দ্ধনা সভাত জেষ্ঠ শিক্ষক হৰি প্ৰসাদ শৰ্মাক ফুলাম গামোচা , জাপিৰে সম্বৰ্দ্ধনা জনোৱাৰ লগতে বিদায় সম্ভাষণ পত্ৰ প্ৰদান কৰা হয় ৷

    বিদায় বেলাৰ আবেগিক মুহুৰ্তৰ মাজতে শিক্ষক সকল , আছুৰ কৰ্মকৰ্তা তথা ছাত্ৰ ছাত্ৰী সকলে শিক্ষক গৰাকীৰ ত্যাগ , কৰ্তব্যনিষ্ঠা, মৰম , চেনেহৰ মাজত শিক্ষাদান কৰাৰ স্মৰণীয় ক্ষণৰ ভাব গভীৰ বক্তব্য ৰাখে ৷

    শিক্ষক গৰাকীয়েও বিদ্যালয়খনৰ ছাত্ৰছাত্ৰী সকলৰ ওপৰত দায়বদ্ধ থকা কৰ্তব্যনিষ্ঠাৰ ওপৰত বক্তব্য ৰাখে ৷

    কোনো কালে বিদ্যালয়খনৰ কৰ্তব্যৰ প্ৰতি বিমুখ হোৱা নাই বুলি উল্লেখ কৰে ৷

    উল্লেখ্য যে শিক্ষক হৰি প্ৰসাদ শৰ্মাই কৰ্তব্য নিষ্ঠাৰ বাবেই ৰাষ্ট্ৰপতিৰ পৰা পদক লাভ কৰাৰ লগতে বিশ্বনাথ জিলা ভিক্তিত কৃতি শিক্ষকৰ মৰ্যদা লাভ কৰে ৷

    ইয়াৰ উপৰিও বিভিন্ন দল , সংগঠন অনুষ্ঠান , প্ৰতিষ্ঠানে শিক্ষক গৰাকীৰ কৰ্তব্য নিষ্ঠাৰ বাবে সম্বৰ্দ্ধনা জনাই আহিছে ৷

    এই বিদায়ী ক্ষণৰ গাম্ভীৰ্যপূৰ্ণ সভাত বালিচাং উচ্চ মাধ্যমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক ৰমেশ নাথ, বালিচাংৰ অৱসৰ প্ৰাপ্ত শিক্ষক ৰত্নেশ্বৰ মহন্ত , ক্ষেমৰাজ ছেত্ৰী , খণ্ড প্ৰাথমিক শিক্ষা বিভাগৰ এম আই এছ ৰঞ্জিত শইকীয়া, একাউন্টেট চিৰঞ্জীপ ঘোষ, মানৱ বৰা আছুৰ প্ৰাক্তন সহকাৰী সাধাৰণ সম্পাদক দুলদুল বৰকটকী, বালিচাং উচ্চ মাধ্যমিক বিদ্যালয়ৰ শিক্ষক- শিক্ষয়িত্ৰী সকলৰ লগতে বিশ্বনাথ মহকুমা ছাত্ৰ সন্থাৰ সম্পাদক নিতু বৰা, পাভৈ আঞ্চলিক ছাত্ৰ সন্থাৰ সভাপতি সুশীল তাঁতি, সম্পাদক অৰ্পনজ্যোতি বসুমতাৰী, পাভৈ আছুৰ উপ-সভাপতি অমৰ বে, শিক্ষা সম্পাদক সুনীল তাঁতি, বালিচাং শাখা ছাত্ৰ সন্থাৰ বিত্ত সম্পাদক প্ৰহলাদ মিলি, বিশ্বনাথ জিলা আছুৰ প্ৰাক্তন সাংগঠনিক সম্পাদক মহেশ শৰ্মা, বিশ্বনাথ মহকুমা ছাত্ৰ সন্থাৰ প্ৰাক্তন সম্পাদক জিন্টু বৰাকে প্ৰমুখ্য কৰি ছাত্ৰছাত্ৰী তথা বালিচাঙৰ গণ্য মান্য ব্যক্তিসকলে উপস্থিত থাকে ৷

    album-art
    Roi Roi Binale A Zubeen Garg Musical
    00:00
    Sorry, no results.
    Please try another keyword
    • Mur Mon (Roi Roi Binale) · Zubeen Garg Mur Mon (Roi Roi Binale) ℗ Zeal Creations Released on: 2025-10-07 Producer: Zubeen Garg Composer: Zubeen Garg Lyricist: Zubeen Garg

    Latest Posts

    বিশেষঃ

    Stay in touch

    To be updated with all the latest news, offers and special announcements.

    This will close in 0 seconds