31.3 C
Guwahati
Monday, October 20, 2025
More

    শেহতীয়া আপডেটঃ

    বানে ছিগা কৃষ্ণাই ভেলাখামাৰ লালবৰি গড়কাপ্তানি পথৰ বিধ্বস্ত অৱস্থাঃ ভয়াৱহ বাৰিষাৰ কথা সুঁৱৰি সন্ত্ৰস্ত গাঁৱলীয়া জনসাধাৰণ

    ■ কন্দৰ্প কুমাৰ দেৱ নাথ, কৃষ্ণাই: গোৱালপাৰা জিলাৰ কৃষ্ণাই অঞ্চলৰ কৃষ্ণাই-ভেলাখামাৰ-লালাবৰি সংযোগী পথটো এটা অতি গুৰুত্বপূৰ্ণ গড়কাপ্তানি পথ।

    কৃষ্ণাই মৰনৈ গড়কাপ্তানি পথৰ খাৰিজা মানিকপুৰৰ পৰা ভেলাখামাৰ হৈ লালাবৰি বজাৰ লৈকে বিস্তৃত এই গড়কাপ্তানি পথটোৰ দৈৰ্ঘ্য ৬’০৪০ কিঃমিঃ ৷ বছৰৰ পিছত বছৰ ধৰি বিধ্বস্ত ৰূপত থকা গড়কাপ্তানি পথটোত অৱশেষত চৰকাৰৰ সুদৃষ্টি পৰে বিগত ২০১৭ বৰ্ষত ৷ প্ৰধানমন্ত্ৰী গ্ৰাম্য চড়ক যোজনাৰ অধীনত অতি ব্যস্ত এই পথটোৰ নিৰ্মাণ কাৰ্য আৰম্ভ হয় ২০১৭ চনৰ ২৭ ডিচেম্বৰৰ পৰা ৷

    পথটো নিৰ্মাণৰ বাবে আৱন্টিত ধনৰ পৰিমাণ আছিল ৩,০৪,২৭৯১১’০০ টকা ৷ শ্বাহী মোঃ কৰিম নামৰ ঠিকাদাৰ জনে এই পথটো নিৰ্মাণৰ দায়িত্ব লাভ কৰে ৷ তীব্ৰ বাদ-বিবাদ, অভিযোগ -প্ৰতি অভিযোগৰ  মাজেৰে নিৰ্দিষ্ট সময়তকৈ বহু পলমকৈ অৱশেষত পথটোৰ নিৰ্মাণ কাৰ্য সম্পূৰ্ণ হৈছিল ৷

    পথটো নিৰ্মাণৰ পিছত যুগ যুগ ধৰি যাতায়াত ক্ষেত্ৰত যমৰ যাতনা ভুগি থকা লালাবৰি,পেটকাটা, পাখিৰীগুৰি,
    গণকঘূলি, ভেলাখামাৰ,গৰগৰীয়াবড়ী আদিকে ধৰি কেবাখনো গাঁৱৰ বাসিন্দাৰ ওঁঠত বিৰিঙি উঠিছিল প্ৰাপ্তিৰ হাঁহি ৷

    যাতায়াত ক্ষেত্ৰত বৃহত্তৰ অঞ্চলটোলৈ নামি আহিছিল সুদূৰ প্ৰসাৰী পৰিবৰ্তন ৷ পিছে , অঞ্চলবাসীৰ সেই সুখ শান্তি যেন নিয়তিৰ সহ্য নহ’ল ৷ পথটো নিৰ্মাণ কাৰ্য সম্পূৰ্ণ হোৱাৰ এবছৰ নৌহওঁতেই ২০২০ বৰ্ষৰ ২১ জুলাইত অহা প্ৰলয়ংকাৰী বানে চূৰ্ণ বিচূৰ্ণ কৰি দিলে নৱ নিৰ্মিত পথটো ৷

    ভেলাখামাৰ পেটকাটাৰ মাজৰ প্ৰায় এক কিলোমিটাৰ পথৰ কেবাঠাইতো বানে উটুৱাই নিলে পেবাৰ ব্লকসহ কাৰ্লভাট ৷ পুণঃ বিধ্বস্ত হৈ পৰিল পথটো ৷ যাতায়াত হৈ পৰিল স্তব্ধ ৷ ৰাইজে অপেক্ষা কৰিবলৈ ল’লে নিশ্চয় পথটো পুণঃনিৰ্মান হ’ব ৷ যাতায়াতৰ উপযোগী হৈ উঠিব অতি ব্যস্ত পথটো৷

    পিছে এদিন দুদিনগৈ ন মাহ পাৰ হ’ল৷ পথটো কিন্তু মেৰামতি নহ’ল ৷ ইয়াৰ মাজতে আহিল নিৰ্বাচন৷ জাৰি হ’ল অধিসূচনা৷ নিৰ্বাচনৰ পিছতে ৰাজ্য খনত আৰম্ভ হ’ব বাৰিষা কাল৷ ভৰি পৰিব খাল বিলৰ লগতে কৃষ্ণাই ভেলাখামাৰ লালাবৰি সংযোগী গড়কাপ্তানি পথৰ ওপৰত সৃষ্টি হোৱা প্ৰকাণ্ড গাত বোৰ৷

    সম্প্ৰতি আহি থকা ভয়াৱহ দিনবোৰৰ কথা চিন্তা কৰি একপ্ৰকাৰ দিশ হাৰা হৈ পৰিছে অঞ্চলটোৰ হেজাৰ হেজাৰ গাঁৱলীয়া জনসাধাৰণ।


    album-art
    Roi Roi Binale A Zubeen Garg Musical
    00:00
    Sorry, no results.
    Please try another keyword
    • Mur Mon (Roi Roi Binale) · Zubeen Garg Mur Mon (Roi Roi Binale) ℗ Zeal Creations Released on: 2025-10-07 Producer: Zubeen Garg Composer: Zubeen Garg Lyricist: Zubeen Garg

    Latest Posts

    বিশেষঃ

    Stay in touch

    To be updated with all the latest news, offers and special announcements.

    This will close in 0 seconds