অত্যাৱশ্যকীয় সামগ্ৰী মূল্য বৃদ্ধি বিৰুদ্ধে লখিমপুৰ জিলাৰ বঙালমৰাত অসম সংখ্যালঘু সংগ্ৰাম পৰিষদে বৃস্হপতি বাৰে সাব্যস্ত কৰে প্ৰতিবাদী সমদল ৷
বিজেপি চৰকাৰে পেট্ৰল আৰু ডিজেলৰ মূল্য হ্ৰাস কৰি নাটক কৰি এক অভিযোগ কৰে সংগঠনটোৱে।
ইফালে দৈনিক বৃদ্ধি পাইছে অত্যাৱশ্যকীয় সামগ্ৰী মূল্য।
যাৰ বাবে এতিয়া হাহাকাৰ পৰিৱেশ সৃষ্টি হৈছে ৰাজ্যত।
চৰকাৰে অতি শীঘ্ৰে খাদ্য সামগ্ৰীৰ মূল্য ৰোধ নকৰিলে অতি ভয়াবহ আন্দোলনৰ হুংকাৰ সংখ্যালঘু সংগ্ৰাম পৰিষদৰ।
বি জে পি চৰকাৰ মূর্দাবাদ,
অসম চৰকাৰ হায় হায়,
মূল্য বৃদ্ধি ৰোধ কৰক,
অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য হ্ৰাস কৰক ৷ মূল্য বৃদ্ধি ৰোধ কৰিব নোৱাৰা বি জে পি চৰকাৰ হাই হাই আদিৰ শ্লোগানেৰে আকাশ বতাহ উত্তাল কৰি তুলে সংগঠনটোৱে ।
প্ৰেৰক :নাৰায়ণপুৰৰ জয়ন্ত কুমাৰ হাজৰিকা