বিলাসীপাৰাৰ পৰা আলী আজাত ইছলামঃ
আজি দুপৰীয়াৰ ভাগত অসম গণ পৰিষদ দলৰ ৫ নং পৰ্বতঝোৰা বিধান পৰিষদৰ উদ্যোগত বগৰীবাৰী মহামায়া মা মনসা বিবাহ ভৱন প্ৰেক্ষাগৃহত সমষ্টি ভিত্তিত “সংকল্প সমাৰোহ” অনুষ্ঠিত হয়।
আসন্ন বিধানসভা নিৰ্বাচনৰ প্ৰস্তুতি প্ৰায় প্ৰতিটো দলেই অব্যাহত ৰখাৰ সময়তে ৫ নং পৰ্বতঝোৰা বিধান সভা সমষ্টি ভিত্তিত এক “সংকল্প সমাৰোহ” অনুষ্ঠিত হয়।
৫ নং পৰ্বতঝোৰা বিধান সমষ্টিৰ অসম গণ পৰিষদ দলৰ প্ৰৰ্থীত্ব প্ৰত্যাশী জামাল সেখৰ দ্বাৰা আয়োজিত সংকল্প সমাৰোহত অসম গণ পৰিষদ দলৰ কেন্দ্ৰীয় কমিটিৰ উপ সভাপতি ক্ৰমে প্ৰশান্ত কুমাৰ বৰুৱা, কৰ্ণ মোহন ৰয়, ওমৰ আলীকে আদি কৰি কেন্দ্ৰীয় কমিটিৰ বিভিন্ন পৰ্যায়ৰ বিষয় ববীয়াৰ লগতে ৫ নং পৰ্বতঝোৰা বিধান পৰিষদৰ তিনি শতাধিক দলীয় কৰ্মীয়ে আজিৰ “সংকল্প সমাৰোহ”ত অংশগ্ৰহণ কৰা পৰিলক্ষিত হয়।



