31.3 C
Guwahati
Friday, October 24, 2025
More

    শেহতীয়া আপডেটঃ

    পৰিৱেশ সংৰক্ষণৰ বাবে অসম শিক্ষণ প্ৰশিক্ষণ মহাবিদ্যালয় আৰু জালুকবাৰী জাতীয় বিদ্যালয়ৰ প্ৰয়াস

    জালুকবাৰীঃ গুৱাহাটীৰ লংকেশ্বৰস্থিত অসম শিক্ষণ প্ৰশিক্ষণ মহাবিদ্যালয় আৰু তাৰ পৰা কিছু নিলগত গাড়ীগাঁওস্থিত জালুকবাৰী জাতীয় বিদ্যালয়ে যৌথভাৱে ছাত্ৰ-ছাত্ৰীকে ধৰি সাধাৰণ ৰাইজৰ মাজত পৰিৱেশ সংৰক্ষণৰ সজাগতাৰ দিশত কাম কৰি আহিছে। এইবেলিও সদ্যসমাপ্ত পোহৰৰ উৎসৱ দীপাৱলী উদযাপনৰ নামত পৰিৱেশ প্ৰদূষণ প্ৰতিৰোধৰ বাবে ছাত্ৰ-ছাত্ৰীৰ মাজত সচেতনতা বৃদ্ধিৰ প্ৰতি লক্ষ্য ৰাখি অসম শিক্ষক প্ৰশিক্ষণ মহাবিদ্যালয়ৰ উদ্যোগত আৰু জালুকবাৰী জাতীয় বিদ্যালয়ৰ সহযোগত ২৯ অক্টোবৰত এক চিত্তাকৰ্ষক সজাগতামূলক অনুষ্ঠানৰ আয়োজন কৰা হৈছিল।

    জালুকবাৰী জাতীয় বিদ্যালয় চৌহদত আয়োজন কৰা অনুষ্ঠানৰ আঁত ধৰে অসম শিক্ষক প্ৰশিক্ষণ মহাবিদ্যালয়ৰ শিক্ষক ৰঞ্জন পাটোৱাৰীয়ে। মহাবিদ্যালয়ৰ ছাত্ৰী শতাব্দী বৰাই সেউজ-পৰিৱেশ অনুকুল দীপাৱলী উদযাপনৰ প্ৰয়োজনীয়তাৰ ওপৰত আলোকপাত কৰি সুন্দৰ বক্তব্য আগবঢ়ায়। অনুষ্ঠানত উপস্থিত থাকি জ্যেষ্ঠা অধ্যাপিকা ফৰিদা য়াছমিন, প্ৰণামী ভূঞা, গৌতম ঠাকুৰীয়া তথা জালুকবাৰী জাতীয় বিদ্যালয়ৰ অধ্যক্ষ অৰবিন্দ আৰন্ধৰা, শিক্ষক গণেশ দাসকে আদি কৰি আটায়ে পৰিৱেশ অনুকুল দীপাৱলী উদযাপনৰ ওপৰত গুৰুত্ব আৰোপ কৰি ছাত্ৰ-ছাত্ৰী সকলক দিহা পৰামৰ্শ আগবঢ়ায়।

    বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী সকলৰ মাজত চিত্ৰাংকণ আৰু মাটিৰ চাকিত অংকণ প্ৰতিযোগিতা অনুষ্ঠিত কৰা হয়। অসম শিক্ষক প্ৰশিক্ষণ মহাবিদ্যালয়ৰ ছাত্ৰী সকলে এখন চমু মননশীল নাটিকা মঞ্চস্থ কৰে। ছাত্ৰী ৰীতু ফুকন তথা অন্যান্য সকলৰ মনোগ্ৰাহী অভিনয়ে সকলোৰে মন আকৰ্ষণ কৰিবলৈ সক্ষম হয়। শেষত বিজয়ী ছাত্ৰ-ছাত্ৰী সকলৰ মাজত পুৰস্কাৰ বিতৰণ কৰা হয়।

    সিদিনাই তদাৰকী সজাগতা সপ্তাহ উপলক্ষে অসম শিক্ষক প্ৰশিক্ষণ মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী সকলৰ মাজত পষ্টাৰ বনোৱা প্ৰতিযোগিতা অনুষ্ঠিত হয়। অনুষ্ঠানটোৰ আঁত ধৰিছিল মহাবিদ্যালয়ৰ অধ্যক্ষ ডঃ মালবিকা কলিতা বৰদলৈয়ে।

    album-art
    Roi Roi Binale A Zubeen Garg Musical
    00:00
    Sorry, no results.
    Please try another keyword
    • Mur Mon (Roi Roi Binale) · Zubeen Garg Mur Mon (Roi Roi Binale) ℗ Zeal Creations Released on: 2025-10-07 Producer: Zubeen Garg Composer: Zubeen Garg Lyricist: Zubeen Garg
    • Xopun Xopun | Roi Roi Binale | Zubeen Garg | Eye Creations | Zeal Creations | Saregama Song Name: Xopun Xopun Film: Roi Roi Binale Label: Eye Creations & Zeal Creations

    Latest Posts

    বিশেষঃ

    Stay in touch

    To be updated with all the latest news, offers and special announcements.

    This will close in 0 seconds