Monday, June 30, 2025
34.4 C
Guwahati
TOP NEWS:

প্ৰেয়সীক বিচাৰি বংগলৈ বিশ্বনাথৰ যুৱক, প্ৰেয়সীয়ে দিলে ডাঙৰ উপহাৰ

দুৰ্বৃত্তৰ দলে প্ৰেমিকাৰ ঘৰৰ সন্মুখৰ পৰা জিন্টু খানক অন্য স্থানৰ এটা ঘৰৰ ভিতৰত আৱদ্ধ কৰি শাৰিৰিক আৰু মানসিক অত্যাচাৰ চলালে

- Advertisement -
  • প্ৰেয়সীক বিচাৰি বংগলৈ বিশ্বনাথৰ যুৱক
  • প্ৰেয়সীয়ে দিলে ডাঙৰ উপহাৰ প্ৰিয় প্ৰেমিকক
    চাওঁ আহক আমাৰ এক প্ৰতিবেদন :

অসম খবৰ গুৱাহাটীৰ  ৩০ মে::
কথাতেই কোৱা হয় প্ৰেম অন্ধ ।প্ৰেমে নামানে বয়সৰ সীমা, প্ৰেমে নাজানে সামাজিক অৱস্থান,
প্ৰেমে জানে মাথোঁ প্ৰেমৰ ঠিকনা।’সেয়াই হ’ল বিশ্বনাথৰ এজন যুৱকৰ ক্ষেত্ৰত প্ৰেমৰ জালত পৰি অন্ধ হৈ প্ৰেমিকাক বিচাৰি সদৌ পশ্চিমবংগলৈ গৈ প্ৰিয়সী প্ৰেমিকাই দিলে সাংঘাতিক উপহাৰ।
বিশ্বনাথৰ জিন্টু খানে পশ্চিম বংগৰ কন্যাৰ প্ৰেমত মতলীয়া হৈ প্ৰেমিকাক বিচাৰি উলাল গৈ পশ্চিমবংগত।
তাৰ পিচতে ঘটিল অঘটন। ভয়ংকৰ বিপদত পৰা ৰক্ষা পৰিল জিন্টু খান নামৰ যুৱক জন।

প্ৰিয়সী আনিবলৈ গৈ বিপদত পৰিল উদ্ধাৰ কৰিলে পশ্চিম বংগৰ আৰক্ষীয়ে প্ৰেমিক জিন্টু খানক ।পশ্চিম বংগৰ আৰক্ষীয়ে উদ্ধাৰ কৰি চমজাই দিলে পৰিয়ালক।

কেইবছৰমান পূৰ্বে বিশ্বনাথ চাৰিআলি যুৱক জিন্টু খান পশ্চিমবংগৰ দিঘালৈ ফুৰিবলৈ যাওঁতে প্ৰথম চিনাকী হৈছিল এগৰাকী যুৱতীৰ সৈতে। লাহে লাহে দুয়োৰে মাজত ঘৰুৱা কথা বতৰাকে ধৰি বিভিন্ন আলোচনাৰ মাজতে লাহে লাহে দুয়ো মাজত আৰম্ভ হ’বলৈ ধৰিছিল গভীৰ প্ৰেমৰ সম্পৰ্ক ৷

জীৱনে মৰনে একেলগে থকাৰ ৰচিছিল দুয়োয়ে
সপোন মৰমৰ এখন ঘৰ সজাৰ। কিন্তু তাৰ মাজতে দুয়োৰ মাজত মাজে সময়ে সৰু-সুৰা তৰ্ক যুদ্ধ হৈছিল যদিও বিয়াৰ বাবে প্ৰস্তুতি আৰম্ভ কৰিছিল দুয়োৱে ।

আনহাতে বংগৰ কন্যাৰ প্ৰেমিকাৰ কথা মতেই বিশ্বনাথৰ যুৱক জিন্টু খানে কলিকতাত মাটি কিনি ঘৰ বনাবলৈ সাজু হৈছিল। দুয়োৰে পৰিয়ালৰ মাজতো কথা-বতৰা আৰম্ভ হৈছিল লাহে লাহে বহু খিনি আগবাঢ়ি গৈছিল দুয়োৰ মাজতে৷

কিন্তু হঠাৎ সামাজিক মাধ্যমৰ পৰা মোবাইলৰ ক’ল লিষ্ট’ লৈকে সকলোতে পশ্চিম বংগৰ প্ৰেমিকাই ব্লক কৰি দিলে বিশ্বনাথৰ প্ৰেমিক জিন্টু খানক ৷

কেইবাদিনো ধৰি যোগাযোগ নাপাই প্ৰেমিকা জিন্টু খানে বিশ্বনাথ পৰা এখন গাড়ী লৈ পশ্চিমবংগৰ হাওৰা জিলাৰ উলুবেড়ীয়ালৈ প্ৰেয়সীক বিচাৰি ৰাওনা হ’ল।

কিন্তু তাত উপস্থিত হোৱাৰ পিছতে ভয়ংকৰ ঘটনাৰ সন্মুখীন হ’ল জিন্টু খান।

হঠাৎ এটা দুৰ্বৃত্তৰ দলে প্ৰেমিকাৰ ঘৰৰ সন্মুখৰ পৰা জিন্টু খানক অন্য স্থানৰ এটা ঘৰৰ ভিতৰত আৱদ্ধ কৰি শাৰিৰিক আৰু মানসিক অত্যাচাৰ চলালে জিন্টু খান আৰু তেওঁৰ লগত যোৱা গাড়ী ড্ৰাইভাৰ জনক ৷
কিন্তু সকলো দেখি-শুনিও নিমাত হৈ থাকিল প্ৰেমিকা তানিয়া আহমেদ নামৰ জিন্টু খানৰ প্ৰেমিকা
আৰু প্ৰেমিকাৰ পৰিয়াল। ইফালে জিন্টু খানক ঘৰৰ ভিতৰত যুৱকৰ দলটোৱে আৱদ্ধ কৰি প্ৰশ্ন কৰে
” ঘৰ ক’ত কিয় ইয়ালৈ আহিছিলি আমাৰ ছোৱালী অসমত নি বিক্ৰী কৰিবি আদিৰে প্ৰশ্ন কৰি বিভিন্ন ভয় ভাবুকি প্ৰদান কৰা দেখা গ’ল এটা ভিডিঅত।
আনহাতে “জিন্টু খানে” জনোৱা মতে কলিকতাত মাটি কিনিবলৈ নিয়া টকা বিচাৰি দুৰ্বৃত্তৰ দলটোৱে বন্দুক দেখুৱাই ভাবুকি দিছিল ৷ জিন্টুৰ মোবাইলতে ভিডিঅ কৰি জিন্টুৰ নিজৰ সামাজিক মাধ্যম ফেচবুকত ৰুমৰ ভিতৰত আৱদ্ধ কৰি ৰখা ভিডিঅ আপল’ড কৰিছিল দুৰ্বৃত্তৰ দলটোৱে এই কথা জিন্টু খানে প্ৰকাশ কৰে।
ইফালে এই ঘটনাৰ বিয়পি পৰাত পশ্চিমবংগ আৰক্ষীয়ে উদ্ধাৰ কৰি বিশ্বনাথৰ জিন্টু খানৰ পৰিয়ালৰ লোকৰ সৈতে যোগাযোগ কৰি চমজাই দিয়ে জিন্টু খানক আৰু গাড়ী চালক জনক চমজাই দিয়ে বুলি প্ৰকাশ কৰে জিন্টু খানে।
ইফালে বিশ্বনাথত উপস্থিত হৈয়েই জিন্টু খানে ন্যায় বিচাৰি বিশ্বনাথ চাৰিআলি আৰক্ষী থানত এখনি দাখিল কৰিছে অভিযোগ । কয় নহয়,প্ৰেম হেনো অন্ধ কাৰোবাৰ ক্ষেত্ৰত এই বাক্যশাৰী সফল হয় আন কাৰোবাৰ ক্ষেত্ৰত আকৌ বিপদ হয়।

এতিয়া প্ৰশ্ন হয়,
ধনৰ বাবেই প্ৰেমিকাই জিন্টু খানক ভাল পাইছিল নেকি?
নে মাটি কিনিবলৈ নিয়া টকা আত্মসাৎ কৰাৰ বাবেই প্ৰেমিকাই এই সমগ্ৰ পৰিকল্পনা কৰিছিল তাৰ উত্তৰ বিচাৰি পোৱা নাই প্ৰেমিক জিন্টু খানে।

Hot this week

ডন বস্ক’ বিশ্ববিদ্যালয়ৰ উদ্যোগত অনুষ্ঠিত কেৰিয়াৰ কাউন্সেলিং ৱেবিনাৰ সফলভাৱে সম্পন্ন

শিক্ষাৰ্থীসকলে উদ্যোগ আৰু ব্যৱসায়ৰ জৰিয়তে আত্মনিৰ্ভৰশীল হৈ আনকো কৰ্মসংস্থাপন...

শিক্ষাৰ্থীৰ কেৰিয়াৰ গঠনত বাতৰি কাকতৰ ভূমিকা

ড° বুলজিৎ বুঢ়াগোহাঁই             আজিৰ যুগত কেৰিয়াৰৰ বিকল্পবোৰ বৃদ্ধি পাইছে,,...

Scholarship Tests by Coaching Centres in Educational Institutions

Letter to the Editor:  Dear Editor,          Some coaching centres conduct...

Which field of study leads to high-paying jobs quickly?

Letter to the Editor: Dear Editor,               Since 2005, I have...

ASSAM RIFLES TAKES OATH AGAINST DRUGS

Assam Rifles organised an anti-drug oath-taking ceremony on 26...

Topics

Which field of study leads to high-paying jobs quickly?

Letter to the Editor: Dear Editor,               Since 2005, I have...

শিক্ষানুষ্ঠানসমূহত কোচিং চেণ্টাৰ স্কলাৰশ্বিপ টেষ্ট

সম্পাদকলৈ চিঠি: মাননীয় সম্পাদক মহোদয়,         বর্তমান কিছুমান কোচিং  চেণ্টাৰে  স্কলাৰশ্বিপ...

শিক্ষাৰ্থীৰ কেৰিয়াৰ গঠনত বাতৰি কাকতৰ ভূমিকা

ড° বুলজিৎ বুঢ়াগোহাঁই             আজিৰ যুগত কেৰিয়াৰৰ বিকল্পবোৰ বৃদ্ধি পাইছে,,...

Scholarship Tests by Coaching Centres in Educational Institutions

Letter to the Editor:  Dear Editor,          Some coaching centres conduct...

ASSAM RIFLES TAKES OATH AGAINST DRUGS

Assam Rifles organised an anti-drug oath-taking ceremony on 26...

ডন বস্ক’ বিশ্ববিদ্যালয়ৰ উদ্যোগত অনুষ্ঠিত কেৰিয়াৰ কাউন্সেলিং ৱেবিনাৰ সফলভাৱে সম্পন্ন

শিক্ষাৰ্থীসকলে উদ্যোগ আৰু ব্যৱসায়ৰ জৰিয়তে আত্মনিৰ্ভৰশীল হৈ আনকো কৰ্মসংস্থাপন...

ASSAM RIFLES CONDUCTS MEDICAL CAMP IN MONGBUNG VILLAGE, JIRIBAM DISTRICT ON 26 JUNE 2025

Assam Rifles conducted a successful medical camp in Mongbung...

Related Articles

Popular Categories

Assam
overcast clouds
31.8 ° C
31.8 °
31.8 °
76 %
3.2kmh
100 %
Mon
30 °
Tue
29 °
Wed
32 °
Thu
28 °
Fri
32 °