31.3 C
Guwahati
Sunday, October 19, 2025
More

    শেহতীয়া আপডেটঃ

    প্ৰাগজ্যোতিষ মহাবিদ্যালয়ত ‘নাক’ৰ পৰিদৰ্শন

    গুৱাহাটীঃ গুৱাহাটী মহানগৰীৰ আগশাৰীৰ শিক্ষানুষ্ঠান মহাবিদ্যালয়ত ২৫ আৰু ২৬ অক্টোবৰত ৰাষ্ট্ৰীয় মূল্যায়ন আৰু প্ৰত্যায়ন পৰিষদৰ পৰিদৰ্শক মণ্ডলীৰ দ্বাৰা তৃতীয় চক্ৰৰ বাবে পৰিদৰ্শন অনুষ্ঠিত হয়। দুদিনীয়া পৰিদৰ্শনত পৰিদৰ্শক দলৰ অধ্যক্ষ হিচাপে ডঃ ৰাজেন্দ্ৰ কুমাৰ শৰ্মা, উপাচাৰ্য জেইপী ইউনিভাৰ্ছিটি অৱ ইনফৰমেচন টেকনলজি, নইদা সমন্বয়ক সদস্য হিচাপে ডঃ সুবীৰ বিশ্বাস, প্ৰাধ্যাপক, ৱেষ্ট বেংগল ষ্টেট ইউনিভাৰ্ছিটি, কলকাতা আৰু সদস্য হিচাপে ডঃ অশোক পাণ্ডুৰাং মহাজন, প্ৰগতি কলেজ অৱ আৰ্টছ এণ্ড কমাৰ্চ, মহাৰাষ্ট্ৰ উপস্থিত থাকে।

    এই পৰিদৰ্শনত মহাবিদ্যালয়ৰ শিক্ষক আৰু অনা শিক্ষক কৰ্মচাৰীৰ লগতে মহাবিদ্যালয়ৰ বিভিন্ন সমিতিৰ মুৰব্বীৰ সৈতেও মত-বিনিময় কৰে। তদুপৰি ছাত্ৰ-ছাত্ৰী আৰু প্ৰাক্তন ছাত্ৰ-ছাত্ৰীৰ লগতে অভিভাৱকৰ সৈতে আলোচনাত মিলিত হয়। পৰিদৰ্শক দলৰ সদস্যসকলে মহাবিদ্যালয়খনৰ স্থানীয় আৱাসীৰ সৈতেও মত-বিনিময় কৰে আৰু তেওঁলোকে মহাবিদ্যালয়ৰ বিভিন্ন বিভাগ আৰু সা-সুবিধাসমূহৰ মূল্যায়ন কৰে। ছাত্ৰ-ছাত্ৰীসকলে পৰিদৰ্শকমণ্ডলীৰ সন্মানাৰ্থে আয়োজন কৰা সাংস্কৃতিক অনুষ্ঠানেৰে পৰিদৰ্শনৰ প্ৰথম দিনটোৰ সামৰণি পৰে। মূল্যায়নৰ দ্বিতীয় দিনৰ আৰম্ভণিতে বিদ্যালয়খনৰ শ্ৰেষ্ঠ কাৰ্যপন্থাসমূহ পৰ্যালোচনা কৰাৰ পিছত সদস্যসকলে তেওঁলোকৰ মূল্যায়ন কাৰ্যসূচীৰ অংশ হিচাপে মহাবিদ্যালয়খনৰ আভ্যন্তৰীণ গুণমান আৰু প্ৰত্যায়ন কোষ (আই. কিউ.এ. চি.)ও পৰিদৰ্শন কৰে। পৰিদৰ্শক মণ্ডলীয়ে সামৰণি সভাত তেওঁলোকৰ অভিজ্ঞতা ব্যক্ত কৰি দুদিনীয়া পৰিদৰ্শন কাৰ্যসূচী সামৰে।

    album-art
    Roi Roi Binale A Zubeen Garg Musical
    00:00
    Sorry, no results.
    Please try another keyword
    • Mur Mon (Roi Roi Binale) · Zubeen Garg Mur Mon (Roi Roi Binale) ℗ Zeal Creations Released on: 2025-10-07 Producer: Zubeen Garg Composer: Zubeen Garg Lyricist: Zubeen Garg

    Latest Posts

    বিশেষঃ

    Stay in touch

    To be updated with all the latest news, offers and special announcements.

    This will close in 0 seconds