31.3 C
Guwahati
Tuesday, October 21, 2025
More

    শেহতীয়া আপডেটঃ

    পুনৰবাৰ বঞ্চিত হʼল ৰঙিয়াবাসী, তীব্ৰ প্ৰতিক্ৰিয়া

    ৰঙিয়াৰ পৰা চৈয়দ মোস্তাফা আহমেদঃ স্বাধীনতাৰ ৭২ বছৰৰ পিছতো যেন কোনোএখন চৰকাৰেই ৰঙিয়া মহকুমাৰ প্ৰায় ৫ লক্ষাধীক জনতাৰ আহ্বানক গুৰুত্ব দিয়াৰ প্ৰয়োজনিয়তা অনুভৱ নকৰিলে। ইয়াকেলৈ আজি ৰঙিয়াত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হয়। বিশেষকৈ ৰঙিয়াক সদৰ হিচাপে লৈ ৰঙিয়া জিলা গঠনৰ বাবে অহৰহ দাবী জনাই অহা ৰঙিয়া জিলা দাবী সমিতিয়ে ২৬ জানুৱাৰী শেষ সীমা বান্ধি দি গণৰাজ্য দিৱসৰ দিনা ৰঙিয়াক পূৰ্ণাঙ্গ জিলা হিচাপে ঘোষণা কৰাৰ দাবী জনাইছিল৷

    ইয়াৰ বাবে সমিতিয়ে কেবাবাৰো কামৰূপ জিলাৰ উপায়ুক্ত, তথা ৰঙিয়া মহকুমাৰ মহকুমাধিপতিৰ জড়িয়তে মুখ্যমন্ত্ৰীলৈ স্মাৰক পত্ৰ দিয়াৰ ওপৰিও অনশনকে ধৰি বিভিন্ন প্ৰতিবাদী কাৰ্য্যসূচী গ্ৰহণ কৰিছিল, আশা কৰা হৈছিল এইবেলি গণৰাজ্য দিৱসত ৰঙিয়াবাসীয়ে হয়তো সুখবৰ লাভ কৰিব। কিন্তু তেনেনহʼল এইবাৰো ৰঙিয়াবাসীৰ আহ্বানক কোনো গুৰুত্ব প্ৰদান নকৰিলে।

    আজি সন্ধিয়াৰ ভাগত ৰঙিয়া জিলা দাবী সমিতিৰ কাৰ্যালয়ত সমিতিৰ বিষয়ববীয়াসকল ক্ৰমে জেষ্ঠ সাংবাদিক মুকুল কলিতা, সমাজকৰ্মী জয়ন্ত কুমাৰ কলিতা,কবি অৰণ্যম কাশ্যপ উপস্থিত হৈ সংবাদ মাধ্যমৰ আগত চৰকাৰৰ বিৰুদ্ধে তীব্ৰ ক্ষোভ প্ৰকাশ কৰে। আনহাতে ৰঙিয়া জিলা দাবী সমিতিৰ সম্পাদক চৈয়দ মোস্তাফা আহমেদে ৰঙিয়াক জিলা ঘোষণা নকৰা পৰ্যন্ত ক্ষান্ত নহয় বুলি জনোৱাৰ উপৰিও পৰৱৰ্তী পৰ্যায়ত এই আন্দোলন অধিক তিব্ৰতৰ কৰি তোলা হʼব বুলি জনাই।

    album-art
    Roi Roi Binale A Zubeen Garg Musical
    00:00
    Sorry, no results.
    Please try another keyword
    • Mur Mon (Roi Roi Binale) · Zubeen Garg Mur Mon (Roi Roi Binale) ℗ Zeal Creations Released on: 2025-10-07 Producer: Zubeen Garg Composer: Zubeen Garg Lyricist: Zubeen Garg

    Latest Posts

    বিশেষঃ

    Stay in touch

    To be updated with all the latest news, offers and special announcements.

    This will close in 0 seconds