31.3 C
Guwahati
Thursday, November 20, 2025
More

    শেহতীয়া আপডেটঃ

    নলবাৰী জিলা সাহিত্য সভাৰ উদ্যোগত সাহিত্যৰথী লক্ষ্মীনাথ বেজৰুৱাৰ স্মৃতিত ‘সাহিত্য দিৱস’ পালন

    ■ নলবাৰী : ‘‘ব্যংগ্য সাহিত্যৰ জৰিয়তে সমাজ সহজতে সংস্কাৰ কৰিব পাৰি । সেয়ে অসমীয়া সমাজখনক সংস্কাৰেৰে নিকা আৰু শক্তিশালী কৰাৰ বাবে লক্ষ্মীনাথ বেজবৰুৱাই সাহিত্যত ব্যংগ্যাত্মক ৰচনাৰ সৃষ্টি কৰিছিল । তেওঁ সেই মহত্বপূৰ্ণ কাম কৰিছিল কৃপাবৰ বৰবৰুৱা ছদ্ম নামেৰে বহুকেইটা গুৰুত্বপূৰ্ণ লেখাৰ জৰিয়তে । অসমীয়া সাহিত্যত এনে এটি দিশ নাই য’ত বেজবৰুৱাৰ অৱদান নাই । লক্ষ্মীনাথ বেজবৰুৱাক বাদ দি অসমীয়া সাহিত্য নিষ্প্ৰভ ।’’—লক্ষ্মীনাথ বেজবৰুৱাৰ ৮৪ সংখ্যক স্মৃতি দিৱসৰ লগত সংগতি ৰাখি ২৬ মাৰ্চত নলবাৰী জিলা সাহিত্য সভাৰদ্বাৰা আয়োজিত সাহিত্য দিৱসৰ ‘সাহিত্যৰথী স্মৰণ’ শীৰ্ষক অনুষ্ঠানত স্মাৰক বক্তৃতা প্ৰদান কৰি সাহিত্যাচাৰ্য–নলবাৰীৰত্ন ডঃ বসন্ত কুমাৰ ভট্টাচাৰ্যই এইদৰে কয় । লক্ষ্মীনাথ বেজবৰুৱাৰ দিৱস পালনতেই সীমাবদ্ধ থাকিলে নহ’ব, অসমীয়া ভাষাৰ অতীত আৰু ভৱিষ্যতৰ বিষয়ে অধ্যয়ন কৰি ভাষাটোক অধিক চহকী কৰিব লাগিব বুলিও ভাষা–সাহিত্যৰ সেৱকসকলৰ প্ৰতি ভাষণ প্ৰসংগত ডঃ ভট্টাচাৰ্যই আহ্বান কৰে । নলবাৰী জিলা সাহিত্য সভাৰ ত্ৰৈলোক্যনাথ গোস্বামী পুথিভঁৰালত হোৱা এই অনুষ্ঠানত পৌৰোহিত্য কৰে নলবাৰী জিলা সাহিত্য সভাৰ সভাপতি ধ্ৰুৱজ্যোতি শৰ্মায় । নলবাৰী জিলা সাহিত্য সভাৰ সম্পাদক পংকজ বেজবৰুৱাই আঁ‌ত ধৰা আৰু অনুষ্ঠানৰ উদ্দেশ্য ব্যাখ্যা কৰা ‘সাহিত্যৰথী স্মৰণ অনুষ্ঠানটি উদ্বোধন কৰি অসম সাহিত্য সভাৰ কাৰ্যনিৰ্বাহক সদস্য ডাঃ বিপিন চন্দ্ৰ কলিতাই লক্ষ্মীনাথ বেজবৰুৱাক অসমীয়া সাহিত্যৰ অন্যতম ত্ৰাণকৰ্তা বুলি উল্লেখ কৰে । অসমীয়া সাহিত্যলৈ ‘ত্ৰিমুৰ্তি’য়ে যিমান অৱদান আগবঢ়ালে তাৰ বাবে তিনিওগৰাকী বিশিষ্ট লোক সদায় জীয়াই থাকিব বুলিও ডাঃ কলিতাই উদ্বোধনী ভাষণত কয় । অনুষ্ঠানত মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ বিশ্ববিদ্যালয়ৰ অধ্যাপিকা ডঃ লীনা ডেকাই বেজবৰুৱাৰ চুটিগল্পসমূহ সমাজৰ একোখন দাপোণ বুলি মন্তব্য কৰে ।

    নলবাৰী জিলা সাহিত্য সভাৰ উদ্যোগত সাহিত্যৰথী লক্ষ্মীনাথ বেজৰুৱাৰ স্মৃতিত ‘সাহিত্য দিৱস’ পালন

    বেজবৰুৱাৰ লেখাসমূহ অমৰ সৃষ্টি বুলিও ডঃ ডেকাই কয় । জিলা সাহিত্য সভাৰ উপ সভাপতি অতুল চন্দ্ৰ শৰ্মা, সহকাৰী সম্পাদক শ্বাহ আলম আহমেদ, সাংগঠনিক সম্পাদক জয় চন্দ্ৰ শৰ্মা, কাৰ্যালয় সম্পাদক মৃন্ময় শৰ্মা, সাহিত্যসেৱী কবিতা ডেকা তালুকদাৰ, শেৱালি কাকতী, ডঃ উপমা বৰ্মন ডেকা, দীপামণি গোস্বামী, বিপুল চক্ৰৱৰ্ত্তী, নৱদীপ বৰকটকী, নলবাৰী সাহিত্য সমাজৰ সম্পাদক নৱকান্ত তালুকদাৰ প্ৰমুখ্যে বহু কেইগৰাকী সাহিত্যপ্ৰেমী লোক এই অনুষ্ঠানত উপস্থিত থাকে ।

    নলবাৰী জিলা সাহিত্য সভাৰ উদ্যোগত সাহিত্যৰথী লক্ষ্মীনাথ বেজৰুৱাৰ স্মৃতিত ‘সাহিত্য দিৱস’ পালন

    ‘চিৰ চেনেহী মোৰ ভাষা জননী’ শীৰ্ষক বৃন্দগীতেৰে আৰম্ভ হোৱা এই অনুষ্ঠানৰ পূৰ্বে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ নলবাৰী জিলা সমিতিৰ সম্পাদক কৰ্ণধৰ বৰ্মনে সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱালৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন অনুষ্ঠান মুকলি কৰে । অসম সংগীত পৰিৱেশনেৰে সাহিত্য দিৱসৰ অনুষ্ঠান সামৰা হয় ।

    album-art
    Roi Roi Binale A Zubeen Garg Musical
    00:00
    Sorry, no results.
    Please try another keyword
    • Mur Mon (Roi Roi Binale) · Zubeen Garg Mur Mon (Roi Roi Binale) ℗ Zeal Creations Released on: 2025-10-07 Producer: Zubeen Garg Composer: Zubeen Garg Lyricist: Zubeen Garg
    • Xopun Xopun | Roi Roi Binale | Zubeen Garg | Eye Creations | Zeal Creations | Saregama Song Name: Xopun Xopun Film: Roi Roi Binale Label: Eye Creations & Zeal Creations
    • JUN JWOLI-(ROI ROI BINALE) |ZUBEEN GARG |EYE CREATIONS |ZEAL CREATIONS
    • FILM- ROI ROI BINALE SONG-চকুলোৰে ৰৈ ৰৈ বিনালে(The Last Song) LABEL- ZEAL CREATIONS & EYE CREATIONS AUDIO CREDITS- COMPOSITION- ZUBEEN GARG LYRICS-ZUBEEN GARG MUSIC PRODUCER- ZUBEEN GARG CO-PRODUCER- NILOTPAL BORA & GAURI SHANKAR LAHON VOCALS- ZUBEEN GARG, ACHURJYA BORPATRA ACOUSTIC GUITAR- ISHANU NYLON & ELECTRIC GUITAR- PRITOM GOHAIN BARUAH BASS GUITAR- BISWAJIT CHAKRABORTY CHORUS VOICES-[...]
    • ROI ROI BINALE- TITTLE TRACK |ZUBEEN GARG |GEOCONDA VESSICHELLI |
    • Tumar Nilim Kothar Dore | Zubeen Garg | RGS | Roi Roi Binale |

    Latest Posts

    বিশেষঃ

    Stay in touch

    To be updated with all the latest news, offers and special announcements.

    NOTICE ROI ROI BINALE Film

    •   আবেগ-অনুভূতিত কোনেও যাতে চিনেমাখনৰ ভিডিঅ' ১ ছেকেণ্ডো যাতে আপলোড নকৰে। আনকি ফটোও।  

    •   ট্ৰেলাৰটো ইতিমধ্যে দেখিছেই সকলোৱে। এই কাম নকৰিব। কিয়নো যি কাম তেওঁ বেয়া পাইছিল। সকলোলৈকে আহ্বান।  

    This will close in 30 seconds