31.3 C
Guwahati
Thursday, January 22, 2026
More

    Trending Now:

    বিশিষ্ট সংগীত শিল্পী প্রয়াত সমৰ হাজৰিকা আৰু ধনদা পাঠকলৈ অসম চৰকাৰৰ ২০২৬ বৰ্ষৰ শিল্পী বঁটা

    — গুৱাহাটী, ১৬ জানুৱাৰী, ২০২৬ অসম চৰকাৰৰ ২০২৬ বৰ্ষৰ শিল্পী বঁটাৰ বাবে বিশিষ্ট সংগীত শিল্পী প্রয়াত সমৰ হাজৰিকা (মৰণোত্তৰভাৱে) আৰু ধনদা পাঠকক মনোনীত কৰা হৈছে।...

    শেহতীয়া আপডেটঃ

    নলবাৰীত ‘জল জীৱন মিছন’ৰ অধীনত বিশুদ্ধ খোৱাপানীৰ সক্ৰিয় গ্ৰাম্য গৃহ সংযোগ আনুষ্ঠানিকভাৱে শুভাৰম্ভ

    ■ ভাৰত চৰকাৰে আগন্তুক ২০২৪ চনৰ সময় সীমাৰ ভিতৰত দেশৰ গ্ৰাম্যাঞ্চলৰ প্ৰতিগৰাকী নাগৰিকৰ ঘৰে ঘৰে বিশুদ্ধ আৰু পৰ্য্যাপ্ত খোৱা পানী উপলবদ্ধ কৰাৰ পৰিকল্পনাৰে জনস্বাস্থ্য কাৰিকৰী বিভাগৰ দ্বাৰা ৰূপায়িত কৰি থকা অভিলাষী আঁচনি ‘জল জীৱন মিছন’ৰ অধীনত আজি সমগ্ৰ ৰাজ্যতে ৯০,০০০ বিশুদ্ধ খোৱা পানীৰ সক্ৰিয় গ্ৰাম্য গৃহ সংযোগ হিতাধিকাৰীক আনুষ্ঠানিকভাৱে উৎসৰ্গিকৰন অনুষ্ঠান অনুষ্ঠিত হয়।

     

    অনুষ্ঠানৰ সৈতে সংগতি ৰাখি সমান্তৰালভাৱে আজি নলবাৰী জিলাতো জনস্বাস্থ্য কাৰিকৰী বিভাগৰ নলবাৰী আৰু বেলশৰ দুয়োটা সংমণ্ডলৰ অধীনত সৰ্বমুঠ ২,৯৮২ টা বিশুদ্ধ খোৱা পানীৰ সক্ৰিয় গৃহ সংযোগ হিতাধিকাৰীক অনুষ্ঠানিকভাবে শুভাৰম্ভ কৰা হয়।

    জনস্বাস্থ্য কাৰিকৰী বিভাগৰ নলবাৰী সংমণ্ডলৰ ৫ খন পানী যোগান আঁচনি ক্ৰমে – নিউ চ’ক বজাৰ, চিলিং, তৰমাথা, ৰতনপুৰ আৰু বকুৱাজাৰী পানী যোগান আঁচনিৰ পৰা আজি ৭৮০টা বিশুদ্ধ খোৱাপানীৰ সক্ৰিয় গ্ৰাম্য গৃহ সংযোগ হিতাধিকাৰীৰ হাতত আনুষ্ঠানিকভাৱে সমৰ্পন কৰে।

    ইয়াৰোপৰি বেলশৰ সংমণ্ডলৰ ৬খনকৈ পানী যোগান আঁচনি ক্ৰমে-পানীগাওঁ, বিহামপুৰ, জাগাৰা, ৰূপীয়াবাথান, বেলশৰ ১ নং খণ্ড আৰু নাৰোৱা ২নং খণ্ড পানী যোগান আঁচনিৰ পৰা আজি ২২০২ টা বিশুদ্ধ খোৱাপানীৰ সক্ৰিয় গৃহ সংযোগ গ্ৰাম্যাঞ্চলৰ হিতাধিকাৰীৰ হাতত আনুষ্ঠানিকভাৱে গতাই দিয়া হয়।

    ৰাজ্যৰ প্ৰতিখন জিলাতেই এই সমগ্ৰ আঁচনিৰ সফল ৰূপায়ন পঞ্চায়তীৰাজ ব্যৱস্থাৰ সহযোগত সুনিশ্চিত কৰা হ’ব। এই আঁচনিৰ পৰৱৰ্তী সময়ত কাৰ্যক্ষমতা বৰ্তাই ৰখাৰ বাবে ইয়াৰ পৰিচালনা আৰু চোৱাচিতাৰ বাবে গাঁও পৰ্য্যায়ত একোখনকৈ পৰিচালনা সমিতি থাকিব আৰু হিতাধিকাৰী সকলে এই সেৱা সূচলভাৱে লাভ কৰি থকাৰ বাবে এটা নূন্যতম খৰছ বহন কৰিব লাগিব।

    আজি জিলাখনৰ মুঠ ১১ টা পানী যোগান আঁচনিত সমান্তৰালভাৱে অনুষ্ঠিত হোৱা অনুষ্ঠান সমূহৰ ভিতৰত পানীগাঁও পানী যোগান আঁচনিৰ পৰা ৫৩০টা সক্ৰিয় বিশুদ্ধ খোৱা পানীৰ গৃহ সংযোগ হিতাধিকাৰীক অনুষ্ঠানিকভাৱে উৎসৰ্গা কৰা অনুষ্ঠানত নলবাৰী জিলা উপায়ুক্ত গীতিমণি ফুকন উপস্থিত থাকে।

    আনুষ্ঠানিক ভাৱে হিতাধিকাৰীৰ বাবে সক্ৰিয় বিশুদ্ধ খোৱা পানীৰ গৃহ সংযোগ সমূহ উৎৰ্সগা কৰে। নাৰোৱা ২নং খণ্ড পানী যোগান আঁচনিৰ ২৮৮টা সংযোগ উৎসৰ্গিকৰণ অনুষ্ঠানত বৰক্ষেত্ৰী বিধানসভা সমষ্টিৰ বিধায়ক দিগন্ত বৰ্মন উপস্থিত থাকে।

    ঠিক একেদৰে নলবাৰী সংমণ্ডলৰ নিউ চ’ক বজাৰ পানী যোগান আঁচনিৰ পৰা হিতাধিকাৰীৰ বাবে ১০২টা সক্ৰিয় বিশুদ্ধ খোৱা পানী গ্ৰাম্য গৃহ সংযোগ উৎসৰ্গিকৰণ অনুষ্ঠানত অধীক্ষক অভিযন্তা বি. এন. ৰয় তথা কাৰ্যকৰী অভিযন্তা নলবাৰী সংমণ্ডল, চক্ৰ বিষয়া, নলবাৰী, জিলা তথ্য আৰু জনসংযোগ বিষয়া নলবাৰী আৰু অন্যান্য সংশ্লীষ্টৰ উপস্থিতিত নলবাৰী জিলা পৰিষদৰ সভাপতি নিতুল ডেকাই অনুষ্ঠানিকভাৱে উক্ত সংযোগ সমূহ হিতাধিকাৰীৰ বাবে উৎসৰ্গা কৰে।

    album-art
    Roi Roi Binale A Zubeen Garg Musical
    00:00
    Sorry, no results.
    Please try another keyword
    • Mur Mon (Roi Roi Binale) · Zubeen Garg Mur Mon (Roi Roi Binale) ℗ Zeal Creations Released on: 2025-10-07 Producer: Zubeen Garg Composer: Zubeen Garg Lyricist: Zubeen Garg
    • Xopun Xopun | Roi Roi Binale | Zubeen Garg | Eye Creations | Zeal Creations | Saregama Song Name: Xopun Xopun Film: Roi Roi Binale Label: Eye Creations & Zeal Creations
    • JUN JWOLI-(ROI ROI BINALE) |ZUBEEN GARG |EYE CREATIONS |ZEAL CREATIONS
    • FILM- ROI ROI BINALE SONG-চকুলোৰে ৰৈ ৰৈ বিনালে(The Last Song) LABEL- ZEAL CREATIONS & EYE CREATIONS
    • ROI ROI BINALE- TITTLE TRACK |ZUBEEN GARG |GEOCONDA VESSICHELLI |
    • Tumar Nilim Kothar Dore | Zubeen Garg | RGS | Roi Roi Binale |
    • Dusokur Kajolere | Zubeen Garg | SABITA SHARMA GOSWAMI, ARUNDHATI BHANU PRIYA | Zeal Creations |
    • Mon Gole-Roi Roi Binale | Zubeen Garg | Achurjya Borpatra | Fency Rajkumari | Zeal Creations" by Zeal Creations.
    • ROI ROI BINALE JUKEBOX | ZUBEEN GARG |
    • FREE BIRD | ZUBEEN GARG |
    • Herowa Chanda- Trailer

    Latest Posts

    বিশেষঃ

    Stay in touch

    To be updated with all the latest news, offers and special announcements.

    This will close in 30 seconds