

প্ৰাপ্ত খবৰ অনুসৰি ৪ আগষ্ট ২০২৪ৰ পৰা অহা বছৰৰ ৩ আগষ্ট পর্যন্ত বর্ণাঢ্য কাৰ্যসূচীৰে কাকতখনে হীৰক জয়ন্তী বৰ্ষ উদযাপন কৰিব। দোওবাৰে দিনৰ ১০ বজাত আছাম ট্ৰিবিউন প্রতিষ্ঠান চৌহদত পতাকা উত্তোলনেৰে কাৰ্যসূচী আৰম্ভ কৰা হ’ব। বিয়লি উজানবজাৰৰ বিবেকানন্দ প্ৰেক্ষাগৃহত উদ্বোধনী সভাৰ আয়োজন কৰা হৈছে। এই অনুষ্ঠানত কেইবাগৰাকীও বিশিষ্ট ব্যক্তি উপস্থিত থাকিব।




