31.3 C
Guwahati
Monday, November 10, 2025
More

    শেহতীয়া আপডেটঃ

    দীপৰ বিল সুৰক্ষা মঞ্চৰ পামহী নদীৰ পাৰত পৌৰ নিগমে স্থাপন কৰা ডাম্পিং গ্ৰাউণ্ড বন্ধ কৰা আৰু ৰাণী -গড়ভঙা বনাঞ্চলৰ মাজেৰে জৰীপ কৰি থকা প্ৰস্তাৱিত ৰে’ল প্ৰকল্প বাতিল কৰিবলৈ দাবী

    গুৱাহাটী , ১৬ ডিচেম্বৰ : গুৱাহাটীৰ গাতে লাগি থকা দীপৰ বিল হৈছে দাঁতি কাষৰীয়া অঞ্চলৰ ৰাইজৰ বাবে এক আবেগ স্বৰূপ । প্ৰায় ৪০ বর্গ কিঃমিঃ এলেকা সামৰা দীপৰ বিল দেশী বিদেশী পৰিভ্ৰমী পক্ষীৰ বাসস্থান হোৱা বাবে ২০০২ চনতে ৰামছাৰ ছাইট হিচাপে ঘোষণা কৰা হয় । একেদৰে ২০০৪ চনত দীপৰ বিলক IBA (IMPORTANT BIRD AREA) হিচাপে চিহ্নিত কৰা হল। কিন্তু অসমৰ এক গৌৰৱ হিচাপে পৰিচিত দীপৰ বিলক চৰকাৰীভাৱে ধ্বংস কৰাৰ হে দীৰ্ঘদিনৰ পৰা প্ৰচেষ্টা চলোৱা হৈছে। এই অভিযোগ দীপৰ বিলৰ জৈৱ – বৈচিত্ৰ্য সংৰক্ষণৰ হকে জন্মলগ্নৰে পৰা মাত মাতি অহা দীপৰ বিল সুৰক্ষা মঞ্চৰ সভাপতি হেনৰী ডেভিদ টেৰণ আৰু সাধাৰণ সম্পাদক প্ৰমোদ কলিতাৰ।

    আজি বিয়লি গুৱাহাটী প্ৰেছ ক্লাবত আয়োজিত এক সংবাদ মেলত ভাগ লৈ মঞ্চৰ সভাপতি আৰু সাধাৰণ সম্পাদক গৰাকীয়ে কয় – দীপৰ বিলৰ দাঁতিত বৰাগাঁৱত ২০০৬ চনত গুৱাহাটী পৌৰ নিগম কর্তৃপক্ষৰ দ্বাৰা প্ৰথমটো ডাম্পিং গ্রাউণ্ড স্থাপন কৰা হয় । পৰৱৰ্তী সময়ত ২০২১ চনত ৰাষ্ট্ৰীয় সেউজ ন্যায়াধিকৰণে ডাম্পিং গ্রাউণ্ড বন্ধ কৰিবলৈ নির্দেশ দিছিল যদিও ইয়াৰ বিপৰীতে ২০২১ চনৰে আগষ্ট মাহৰ পৰা ৰাষ্ট্ৰীয় সেউজ ন্যায়াধিকৰণে আদেশ দি বন্ধ কৰি দিয়া ডাম্পিং গ্রাউণ্ডটোৰ পৰা মাথো প্ৰায় এক কিলোমিটাৰ দূৰত্বত পশ্চিম বৰাগাঁওৰ বেলৰতলত নতুনকৈ পুনৰ এটা নতুন ডাম্পিং গ্রাউণ্ড স্থাপন কৰে। দীপৰ বিল সংযোগী পামহী নদীৰ পাৰত স্থাপন কৰা ডাম্পিং গ্ৰাউণ্ডটোৱে পুনৰ দীপৰ বিলক প্ৰদূষিত কৰাত অৰিহণা যোগাই আহিছে। ৰাইজৰ জনস্বাস্থ্যৰ দিশটোৰ প্ৰতি ভাবুকিৰ সৃষ্টি আৰু পাৰিপাৰ্শ্বিকতাৰ দিশটোৰ প্ৰতি আওকাণ কৰি সম্পূৰ্ণ বে-আইনীভাবে পশ্চিম বৰাগাওঁৰ বেলৰতলত ডাম্পিং গ্রাউণ্ডটো স্থাপন কৰাৰ পাছৰে পৰা দীপৰ বিল সুৰক্ষা মঞ্চই আৰম্ভণিৰ পৰা তীব্ৰ বিৰোধীতা কৰি আহিছে । যোৱা ফেব্ৰুৱাৰী মাহৰ পৰাই বে-আইনীভাবে পশ্চিম বৰাগাওঁৰ বেলৰতলত স্থাপন কৰা ডাম্পিং গ্রাউণ্ডটো জ্বলি থাকিবলৈ দিছে।।ইয়াৰ পৰা উৎপন্ন হোৱা প্ৰদূষণৰ দ্বাৰা দীপৰ বিল আৰু দাঁতি কাষৰিয়া ৰাইজৰ লগতে পশুধনক তিল তিলকৈ মৃত্যুমুখলৈ ঠেলি দিয়া পৰিলক্ষিত হৈছে। ইয়াৰ উপৰিও তথাকথিত উন্নয়নৰ দোহাই দি আৰু চৰকাৰৰ দুমুখীয়া নীতিৰে দীপৰ বিলৰ গাতে লগা ৰাণী গড়ভঙা সংৰক্ষিত বনাঞ্চলৰ মাজেৰে আজাৰাৰ পৰা তেতেলীয়া (সোনাপুৰ)লৈ পুনৰ এটি নতুন ৰেলপথ নিৰ্মাণ কৰাৰ জৰীপকাৰ্য সম্পূৰ্ণ কৰি সমগ্ৰ অঞ্চলৰ জৈৱ বৈচিত্র্য আৰু ভুমিপুত্ৰ খিলঞ্জীয়া লোকৰ জীৱন জীৱিকাৰ প্রতি তীব্র ভাবুকি আনিছে। মঞ্চই চৰকাৰৰ এনে হঠকাৰি পৰিকল্পনা আৰু সিদ্ধান্তৰ তীব্ৰ বিৰোধিতা কৰিছে আৰু সংশ্লিষ্ট সকলো কর্তৃপক্ষলৈ এনে জনস্বার্থ বিৰোধী পৰিকল্পনা আৰু সিদ্ধান্ত পৰিহাৰ কৰিবলৈ আহ্বান জনাইছোঁ। অন্যথা ইয়াৰ ব্যতিকাৰকে দীপৰ বিল সুৰক্ষা মঞ্চই তীব্ৰ গণ আন্দোলন গঢ়ি তোলাৰ লগতে লগতে ন্যায়ালয়ৰ অৱমাননা বিৰুদ্ধে ন্যায়ালয়ৰ কাষ চাপিবলৈ কুণ্ঠাবোধ নকৰিব বুলি সংবাদ মেলত সভাপতি আৰু সাধাৰণ সম্পাদক গৰাকীয়ে সংবাদ মেলত সদৰি কৰে। সংবাদ মেলত মঞ্চৰ উপদেষ্টা সনেশ টেৰণ, সহকাৰী সাধাৰণ সম্পাদক সুশীল টেৰণ, পশ্চিম গুৱাহাটী সচেতন নাগৰিক মঞ্চৰ সাধাৰণ সম্পাদক তৰুণ চন্দ্ৰ তালুকদাৰ , দীপৰ বিলক লৈ কেবাটাও কালজয়ী গীত ৰচনা কৰি সেই গীত গাই জনপ্ৰিয়তা লাভ কৰা আজাৰা অঞ্চলৰ জনপ্ৰিয় কণ্ঠশিল্পী জিতুমণি দাস উপস্থিত আছিল। উল্লেখ্য যে দীপৰ বিল সুৰক্ষা মঞ্চই জন্মলগ্নৰে পৰা গুৱাহাটী পৌৰ নিগমে পামহী নদীৰ পাৰত বেলৰতলত পৌৰ নিগমে স্থাপন কৰা ডাম্পিং গ্ৰাউণ্ড আৰু পামহী নদীৰে দীপৰ বিললৈ গুৱাহাটীৰ দূষিত পানীভাগ বোৱাই অনা কাৰ্যৰ বিৰুদ্ধে গণতান্ত্ৰিক প্ৰতিবাদৰ কাৰ্য্যসূচী গ্ৰহণ কৰি আহিছে।

    album-art
    Roi Roi Binale A Zubeen Garg Musical
    00:00
    Sorry, no results.
    Please try another keyword
    • Mur Mon (Roi Roi Binale) · Zubeen Garg Mur Mon (Roi Roi Binale) ℗ Zeal Creations Released on: 2025-10-07 Producer: Zubeen Garg Composer: Zubeen Garg Lyricist: Zubeen Garg
    • Xopun Xopun | Roi Roi Binale | Zubeen Garg | Eye Creations | Zeal Creations | Saregama Song Name: Xopun Xopun Film: Roi Roi Binale Label: Eye Creations & Zeal Creations
    • JUN JWOLI-(ROI ROI BINALE) |ZUBEEN GARG |EYE CREATIONS |ZEAL CREATIONS
    • FILM- ROI ROI BINALE SONG-চকুলোৰে ৰৈ ৰৈ বিনালে(The Last Song) LABEL- ZEAL CREATIONS & EYE CREATIONS AUDIO CREDITS- COMPOSITION- ZUBEEN GARG LYRICS-ZUBEEN GARG MUSIC PRODUCER- ZUBEEN GARG CO-PRODUCER- NILOTPAL BORA & GAURI SHANKAR LAHON VOCALS- ZUBEEN GARG, ACHURJYA BORPATRA ACOUSTIC GUITAR- ISHANU NYLON & ELECTRIC GUITAR- PRITOM GOHAIN BARUAH BASS GUITAR- BISWAJIT CHAKRABORTY CHORUS VOICES-[...]

    Latest Posts

    বিশেষঃ

    Stay in touch

    To be updated with all the latest news, offers and special announcements.

    NOTICE ROI ROI BINALE Film

    •   আবেগ-অনুভূতিত কোনেও যাতে চিনেমাখনৰ ভিডিঅ' ১ ছেকেণ্ডো যাতে আপলোড নকৰে। আনকি ফটোও।  

    •   ট্ৰেলাৰটো ইতিমধ্যে দেখিছেই সকলোৱে। এই কাম নকৰিব। কিয়নো যি কাম তেওঁ বেয়া পাইছিল। সকলোলৈকে আহ্বান।  

    This will close in 30 seconds