31.3 C
Guwahati
Friday, October 24, 2025
More

    শেহতীয়া আপডেটঃ

    দিহানাম সংৰক্ষণ মঞ্চ, অসৰ কামৰূপ জিলা সমিতিৰ আতিথ্যত প্ৰথম বাৰ্ষিক প্ৰতিষ্ঠা দিৱস আৰু অধিৱেশনৰ প্ৰস্তুতি তুংগত

    অসমৰ সংস্কৃতিৰ ধ্বজ্বাবাহক হিচাপে অতি সময়ৰ ভিতৰতে সুখ্যাতি অৰ্জন কৰিবলৈ সক্ষম হৈছে “দিহানাম সংৰক্ষণ মঞ্চ, অসমে”। অসমৰ জনপ্ৰিয় ভক্তি ৰসাত্মক লোককলা দিহানামৰ সু-সংহত আৰু সুপৰিমাৰ্জিত নিয়মাৱলী প্ৰণয়নৰ লক্ষ্যেৰে সংগঠিত “দিহানাম সংৰক্ষণ মঞ্চ, অসম”ৰ প্ৰথম বাৰ্ষিক প্ৰতিষ্ঠা দিৱস আৰু প্ৰথম বাৰ্ষিক অধিবেশনৰ প্ৰস্তুতি চলাই থকা হৈছে। কেন্দ্ৰীয় সমিতিৰ প্ৰধান সম্পাদক ৰাজেন বৰুৱা, কামৰূপ জিলা সমিতিৰ সভাপতি লক্ষেশ্বৰী কাকতি, সম্পাদিকা স্বপ্নালী গগৈ মহন্তই জানিবলৈ দিয়া মতে মতে ৬ আৰু ৭ জানুৱাৰী ২০২৫ তাৰিখ সোমবাৰ আৰু মঙ্গলবাৰে দুদিনীয়াকৈ বৰ্ণাঢ্য কাৰ্যসূচীৰে কামৰূপ জিলা সমিতিৰ আতিথ্যত শ্ৰীমন্ত শংকৰদেৱ সঙ্ঘ, ৰঙিয়া শাখাৰ নামঘৰ প্ৰাঙ্গণত অনুষ্ঠিত হ’ব। অধিবেশনখনিৰ সফলতা আৰু সৰ্বাঙ্গ সুন্দৰ কৰি তুলিবলৈ ৰঙিয়া সমষ্টিৰ বিধায়ক ভৱেশ কলিতাক সভাপতি, হীৰেণ কুমাৰ দাস, কাৰ্যকৰী সভাপতি, পৰেশ দাসক সাধাৰণ সম্পাদক হিচাপে লৈ এখন শক্তিশালী আদৰণী সমিতি গঠন কৰা হৈছে।

    অধিৱেশনৰ কাৰ্যসূচী অনুসৰি ৬ জানুৱাৰী সোমবাৰে পুৱা ৮ বজাত পৰিবেশ নিকাকৰণ, ৯ বজাত গছপুলি ৰোপণ, ১০ বজাত নামাচাৰ্য নন্দেশ্বৰ নাথ, দৰং নাম প্ৰসঙ্গ। বিয়লি ৩ বজাত কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক সভা, সন্ধিয়া ৫ বজাত বন্তি প্ৰজ্বলন, ৫:৩০ বজাত প্ৰতিনিধি সভা ।আদৰনি ভাষণ পাঠ কৰিব বিধায়ক ভৱেশ কলিতাই। সন্ধিয়া ৬ বজাত সাংস্কৃতিক অনুষ্ঠানত বৰগীত, সত্ৰীয়া নৃত্য, ভোৰ তাল নৃত্য,দিহানাম আৰু লোক সংস্কৃতি পৰিবেশন কৰা হ’ব। ৭ জানুৱাৰীৰ কাৰ্যসূচী অনুসৰি পুৱা ৭ বজাত নাম-প্ৰসঙ্গ, ৯ বজাত পতাকা উত্তোলন, উত্তোলক ডাঃ প্ৰসান্ত কুমাৰ খাউণ্ড, সভাপতি, দিহানাম সংৰক্ষণ মঞ্চ, অসম। দিনৰ ১১ বজাত মুকলি সভা, ১২:৩০ বজাত মুখপাত্ৰ উন্মোচন কৰা হ’ব। দুদিনীয়াকৈ আয়োজিত অসমৰ বিভিন্ন প্ৰান্তৰ প্ৰতিনিধিয়ে অংশ লোৱা অধিবেশন প্ৰস্তুতি বৰ্তমান তুংগত বুলি কৰ্মকৰ্তাসকলে জানিবলৈ দিছে।

    album-art
    Roi Roi Binale A Zubeen Garg Musical
    00:00
    Sorry, no results.
    Please try another keyword
    • Mur Mon (Roi Roi Binale) · Zubeen Garg Mur Mon (Roi Roi Binale) ℗ Zeal Creations Released on: 2025-10-07 Producer: Zubeen Garg Composer: Zubeen Garg Lyricist: Zubeen Garg
    • Xopun Xopun | Roi Roi Binale | Zubeen Garg | Eye Creations | Zeal Creations | Saregama Song Name: Xopun Xopun Film: Roi Roi Binale Label: Eye Creations & Zeal Creations

    Latest Posts

    বিশেষঃ

    Stay in touch

    To be updated with all the latest news, offers and special announcements.

    This will close in 0 seconds