Thursday, May 29, 2025
26.4 C
Guwahati
TOP NEWS:

জ্যোতিপ্ৰসাদ আগৰৱালাৰ তিনিখন নাটকৰ ইংৰাজী অনুবাদ গ্ৰন্থ উন্মোচনঃ শোণিত কুঁৱৰী মঞ্চস্থৰ শতবৰ্ষত ড০ দয়ানন্দ পাঠকৰ অমূল্য উপহাৰ

- Advertisement -
- Advertisement -
- Advertisement -
- Advertisement -

গুৱাহাটীঃ বিশিষ্ট শিক্ষাবিদ, ইংৰাজী সাহিত্যৰ অধ্যাপক তথা শংকৰী সাহিত্যৰ গৱেষক পণ্ডিত তথা অমৃত নিউজৰ মুখ্য সম্পাদক ড০ দয়ানন্দ পাঠকে ইংৰাজীলৈ অনুবাদ কৰা জ্যোতিপ্ৰসাদ আগৰৱালাৰ তিনিখন নাটক ক্ৰমে কাৰেঙৰ লিগিৰী, ৰূপালীম আৰু লভিতাৰ একত্ৰ সংকলন ” প্লেইজ অব জ্যোতিপ্ৰসাদ আগৰৱালা” খন আজি গুৱাহাটীৰ অগ্ৰদূত ভৱনৰ সভাকক্ষত আনুষ্ঠানিক ভাৱে উন্মোচন কৰে প্ৰবীণ সাংবাদিক, দৈনিক অগ্ৰদূত কাকতৰ মুখ্য সম্পাদক তথা অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি কনকসেন ডেকাই। অমৃত নিউজৰ উদ্যোগত আয়োজিত উক্ত অনুষ্ঠানত গ্ৰন্থখন উন্মোচন কৰি ডেকাই কয় যে অসমৰ জাতীয় জীৱনলৈ আগৰৱালা পৰিয়ালে অভূতপূৰ্ব বৰঙণি আগবঢ়াই থৈ গৈছে।

তেওঁ কয় যে জ্যোতিপ্ৰসাদে সকলো ক্ষেত্ৰতেই অসমীয়া ভাষা সংস্কৃতিক সমৃদ্ধ কৰি থৈ গৈছে। তেওঁ জ্যোতিপ্ৰসাদ আগৰৱালাৰ উল্লেখযোগ্য তিনিখন নাটক ইংৰাজীলৈ অনুবাদ কৰি ড০ পাঠকে এক মহৎ কাম কৰা বুলি মন্তব্য কৰে। তেওঁ আৰু কয় যে অসমীয়া সাহিত্যিক সকলে অনুবাদ সাহিত্য সৃষ্টিত যিমান গুৰুত্ব দিব লাগে সেয়া সন্তোষ জনক নহয়। এই ক্ষেত্ৰত ড০ পাঠক সকলোৰে আদৰ্শ হ’বলৈ সক্ষম হৈছে। তেওঁ গ্ৰন্থ অধ্যয়ন প্ৰীতি বৃদ্ধিৰ ওপৰতো গুৰুত্ব আৰোপ কৰে। ডেকাই অসমৰ কৰ্মচাৰী সমাজক মাহেকত কমেও এখনকৈ গ্ৰন্থ ক্ৰয় কৰিবলৈ আহ্বান জনায়। আৰম্ভণিতে অনুষ্ঠানৰ উদ্দেশ্যে বাখ্যা কৰি লেখক সাংবাদিক পৰেশ বৈশ্যই কয় যে ইয়াৰ পূৰ্বে ড০ পাঠকে উইলিয়াম শ্বেইকছপীয়েৰৰ পাঁচখন, মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ ৬ খন আৰু মাধৱদেৱৰ ৯ খন নাটক ইংৰাজীলৈ অনুবাদ কৰি এক মহৎ কাৰ্য কৰিছে।

উল্লেখযোগ্য যে ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ প্ৰথমখন নাটক শোণিত কুঁৱৰীখন ১৯২৪ চনত পোনপ্ৰথমবাৰৰ বাবে বাণ থিয়েটাৰত মঞ্চস্থ হৈছিল। ড০ পাঠকে জ্যোতিপ্ৰসাদৰ প্ৰথমখন নাটক মঞ্চস্থৰ শতবৰ্ষত অসমীয়া সাহিত্যৰ ভঁৰাললৈ এক অমূল্য উপহাৰ দিলে। উল্লেখযোগ্য যে জ্যোতিপ্ৰসাদ আগৰৱালাই কাৰেঙৰ লিগিৰী খন ১৯৩০ চনত, ৰূপালীমখন ১৯৩৮ চনত আৰু লভিতাখন ১৯৪৫ চনত ৰচনা কৰিছিল। কিন্তু এই নাট কেইখন আজিকোপতি ইংৰাজী বা আন বিদেশী ভাষালৈ অনুবাদ হোৱা নাছিল। অনুষ্ঠানত গ্ৰন্থখনৰ অনুবাদক ড০ পাঠকে কয় যে জ্যোতিপ্ৰসাদৰ সৃষ্টিৰাজিৰ প্ৰতি তেওঁৰ এক দুৰ্বলতা আছে। তেওঁ জ্যোতিপ্ৰসাদ আগৰৱালাক আধুনিক অসমীয়া নাটকৰ প্ৰথম স্ৰষ্টা বুলি অভিহিত কৰে। ড০ পাঠকে জ্যোতিপ্ৰসাদৰ নাটকত প্ৰাশ্চাত্যৰ প্ৰভাৱ পৰা বুলি মন্তব্য কৰে। তেওঁ কোভিডকালীন সময়ছোৱাত এই অনুবাদ কাৰ্য সম্পন্ন কৰা বুলি কয়। অনুষ্ঠানত শ্ৰমিক নেতা উদ্ধৱ কাকতি, সু-লেখক থানেশ্বৰ মালাকাৰ, অৱনী ৰঞ্জন পাঠক,ডা০ লক্ষী দাস পাঠক, সাহিত্যিক ধীৰেন শৰ্মা, প্ৰাক্তন IAS তথা অমৃত নিউজৰ উপদেষ্টা দেৱজ্যোতি হাজৰিকা, শিক্ষাবিদ ড০ ৰূপা ডেকা পাটৰ, অমৃত নিউজৰ উপদেষ্টা ৰাজ কুমাৰ আগৰৱালা, অমৰ কাশ্যপ প্ৰমুখ্যে ভালেকেইজন বিশিষ্ট ব্যক্তিয়ে ভাষণ দি ড০ পাঠকৰ এই মহৎ কামৰ শলাগ লয়।অমৃত নিউজৰ হৈ পৰিচালন সম্পাদক হীৰেন চন্দ্ৰ কলিতাই শলাগৰ শৰাই আগবঢ়ায়।

- Advertisement -

Hot this week

গ্ৰন্থ আলোচনাঃ ‘নৈ বৈ যায়’ – ✒️ৰিতুপৰ্ণা

নদীমাতৃক ৰাজ্য অসমৰ সভ্যতা, সাহিত্য, সংস্কৃতিৰ ক্ৰমবিকাশৰ সাক্ষী হৈ...

চৰাইদেউৰ বিষয়ে একলম

চৰাইদেউৰ বিষয়ে একলম লিখিলোঁ, ভাল পালে মতামত জনাব। কৃতজ্ঞ...

Britain’s Got Talent শীৰ্ষক ৰিয়েলিটী শ্ব’ত অসমৰ জীয়ৰী বিনীতা চেত্ৰীৰ চূড়ান্ত পৰ্যায়ত প্ৰৱেশ

Britain’s Got Talent শীৰ্ষক ৰিয়েলিটী শ্ব’ত নৃত্য প্ৰদৰ্শনেৰে আকৰ্ষণৰ...

Topics

যশস্বী নৃত্যশিল্পী, নৃত্যাচার্য যতীন গোস্বামীক ৰাষ্ট্ৰপতি ভৱনত ‘পদ্মভূষণ’ সন্মান প্ৰদান

▶️ ৰাষ্ট্ৰপতি ভৱনত আয়োজিত দ্বিতীয় পৰ্যায়ৰ পদ্ম সন্মান প্রদান...

আকাশবাণীৰ লগত জড়িত কেৰিয়াৰ ● ড° বুলজিৎ বুঢ়াগোহাঁই

আকাশবাণীৰ লগত জড়িত কেৰিয়াৰ ● ড° বুলজিৎ বুঢ়াগোহাঁই ডাইৰেক্টৰ জেনেৰেল (Director...

লক্ষ্মী চাহ কোম্পানীৰ দ্বাৰা আন্তঃৰাষ্ট্ৰীয় চাহ দিৱস উদযাপন—

গুৱাহাটী, 27 মে’ 2025 — আন্তঃৰাষ্ট্ৰীয় চাহ দিৱস উপলক্ষে,...

Press Update:

জেন জীৰ উন্মেষণ জাগৃত কৰি: ছেমছাং ইণ্ডিয়াই  ‘ছ’লভ ফৰ...

Facebook: আজিৰ পৃথিৱীৰ ,জনপ্রিয় এক চচিয়েল নেটৱৰ্কিং সেৱা

ফেচবুক ইনকৰ্পৰেটেড নামৰ ব্যক্তিগত কোম্পানিয়ে  ০৪ ফেব্রুৱাৰী ২০০৪ চনত...

‘ব্লুটুথ’ শব্দটোৰ বিষয়ে থূলমুলকৈ

আজিৰ বিশ্বত ব্লুটুথ(Bluetooth) বোলা শব্দটো চিনি নোপোৱা মানুহৰ সংখ্যা...

Related Articles

Popular Categories

Assam
overcast clouds
24.5 ° C
24.5 °
24.5 °
95 %
0.7kmh
100 %
Thu
25 °
Fri
24 °
Sat
30 °
Sun
27 °
Mon
32 °

Warning: Undefined variable $ays_pb_show_scrollbar in /home/jigyasac/asomkhobor.com/wp-content/plugins/ays-popup-box/public/partials/ays-pb-public-templates.php on line 2528

Warning: Undefined variable $ays_pb_show_scrollbar in /home/jigyasac/asomkhobor.com/wp-content/plugins/ays-popup-box/public/partials/ays-pb-public-templates.php on line 2534

Warning: Undefined variable $ays_pb_show_scrollbar in /home/jigyasac/asomkhobor.com/wp-content/plugins/ays-popup-box/public/partials/ays-pb-public-templates.php on line 2537

লেখনি বিচৰা হৈছেঃ


Follow the Khobor Media Group channel on WhatsApp: https://whatsapp.com/channel/0029Va7zdb21SWswKyHYlX11

লেখনি বিচৰা হৈছেঃ
অসম খবৰ ডিজিটেল সংবাদ গোষ্ঠীৰ বাৰ্ষিক আলোচনী ‘জনকণ্ঠ’ৰ বাবে সৃষ্টিশীল লেখনি বিচৰা হৈছেঃ
প্ৰতিগৰাকী লেখক/লেখিকাৰ বাবে অনুৰোধঃ

📌 লেখাবোৰ সৃজনীমূলক লেখা, যেনে- স্বৰচিত গল্প, প্ৰৱন্ধ, কবিতা, ধাৰাবাহিক উপন্যাস, অনুবাদ সাহিত্য, ভৌতিক গল্প, বিশেষ ব্যক্তিৰ সাক্ষাৎকাৰ, ভ্ৰমণ কাহিনী, ক্ৰীড়া বাৰ্তা, নীলাখামৰ চিঠি, কৌতুক, সাঁথৰ, মহৎ লোকৰ বাণী, কুইজ, সাংবাদিকতাৰ অভিজ্ঞতা, সংবাদ ক্ষেত্ৰৰ ভৱিষ্যত, বুৰঞ্জীমূলক লেখা, স্বাস্থ্য সজাগতা,
ৰাজনীতিৰ ওপৰত লেখা, সৃষ্টিশীল বাতৰি, ছবি, কাৰ্টুন, ফটোগ্ৰাফী ইত্যাদি সামৰি লোৱা হৈছে।
📌 একেজন লিখকৰ একাধিক সৃষ্টিও ইয়াত প্ৰকাশ পাব। চৰ্ত কেৱল প্ৰকাৰ ভিন্ন হোৱাটো বাঞ্চনীয়।
📌আলোচনীত যিকোনো ধৰণৰ লেখা প্ৰকাশ পাবৰ বাবে আপোনাৰ সৃষ্টিৰাজিক স্পষ্টকৈ মোবাইলত বা কম্পিউটাৰ DTP কৰি  asomkhobor@gmail.com অথবা 8404052898 নম্বৰত প্ৰেৰণ কৰিবলৈ অনুৰোধ জনালোঁ।
ইতি-
অসম খবৰ’ পৰিয়ালৰ হৈ
মুখ্য সম্পাদক অশ্বিনী কুমাৰ গগৈ
মুখপাত্ৰ সম্পাদক শ্ৰীমন্ত দাস


This will close in 15 seconds