31.3 C
Guwahati
Saturday, January 17, 2026
More

    Trending Now:

    প্ৰতিথযথা সাংবাদিক, বিশিষ্ট লেখক, প্রান্তিক আলোচনীৰ সম্পাদক প্রদীপ বৰুৱাৰ দেহাৱসান

    অসমৰ প্ৰতিথযথা সাংবাদিক, বিশিষ্ট লেখক, প্রান্তিক আলোচনীৰ সম্পাদক প্রদীপ বৰুৱাৰ আজি গুৱাহাটীৰ ডাউন টাউন হাস্পতালত বার্ধক্যজনিত কাৰণত মৃত্যু হয়। তেওঁৰ বয়স হৈছিল ৮৭ বছৰ।...

    শেহতীয়া আপডেটঃ

    জনপ্ৰিয় কণ্ঠশিল্পী এল.ডি হাসঁদাৰ আন এক এলবাম “ফাগুন চান্দ” শীঘ্ৰেই মুক্তিৰ পথত

    জনপ্ৰিয় কণ্ঠশিল্পী এল.ডি হাসঁদাৰ আন এক এলবাম “ফাগুন চান্দ” শীঘ্ৰেই মুক্তিৰ পথত

    অসম খবৰ বিশ্বনাথৰ পৰা ৰমেশ চন্দ্ৰ চৰেণ , শ১০ ডিচেম্বৰ ঃ

    অসমৰ জনপ্ৰিয় কণ্ঠশিল্পী এল.ডি হাসঁদাই ধাৰাবাহিক ভাবে ভিডিঅ এলবাম নিৰ্মাণ কৰি অসমকে ধৰি অন্যান্য ৰাজ্যতো খলকনিৰ সৃষ্টি কৰিছে ৷

    সুৰৰ মায়াজালেৰে মোহিত কৰি ৰাখিছে সকলো শ্ৰেণীৰ লোকক ৷

    কেৱল চাওঁতাল সকলৰে নহয় আদিবাসী জনগোষ্ঠীৰো গীত গাই জনপ্ৰিয়তা অৰ্জন কৰিছে এল.ডি হাঁসদাই ৷ তিনিকুৰিৰো অধিক এলবাম শুভমুক্তিৰ পিছত সম্প্ৰতি “ফাগুন চান্দ” নামৰ ভিডিঅ এলবাম নিৰ্মাণৰ বাবে প্ৰস্তুতি চলাই আছে ৷

    হাসঁদাই জানিব দিয়া অনুসৰি চাওঁতালী সকলৰ হেৰাই যাব ধৰা গীতসমুহ দৃশ্যশ্ৰব্যৰ মাধ্যমত সংৰক্ষণৰ বাবে দিহা কৰিছে ৷

    ইতিমধ্যে এশৰো অধিক হেৰাই যাব ধৰা চাওঁতালী গীতসমুহ সংগ্ৰহ কৰিছে ৷

    এই গীত সমুহৰ আধাৰতেই পৰ্যায় ক্ৰমে দৃশ্যশ্ৰব্যৰ ভিডিঅ এলবাম নিৰ্মাণ কৰি চাওঁতালী গীতৰ এক সুকীয়া মাত্ৰা প্ৰদান কৰাৰ প্ৰয়াস অব্যাহত ৰাখিছে ৷

    শেহতীয়াকৈ সকলোৰে দৃষ্টি আকৰ্ষণ কৰিব পৰাকৈ “ফাগুন চান্দ ” নামৰ সদ্যনিৰ্মিত ভিডিঅ এলবামত চাওঁতালী পুৰণি লাগড়ে গীতৰ অপুৰ্ব সমাহাৰ ঘটিব ৷

    কেৱল প্ৰথম প্ৰয়াস স্বৰূপ ফাগুন মাহৰ লগত সংগতি ৰখা উৎসৱ বিশেষ ৰং খেলাৰ বিপৰীতে পানী আৰু বোকা খেলাৰ ঐতিহাসিক পৰম্পৰাৰ উল্লেখ থকা গীত সমুহৰ লগতে হেৰাই যাব ধৰা গীতৰ কিছু অংশ উপলব্ধ হব ৷ বাতৰি লিখাৰ পৰলৈকে ষ্টীফান ষ্টুডিঅ’ত গীতসমুহ সফল ৰূপে বাণীবদ্ধ হয় ৷

    সমান্তৰালকৈ অসমৰ বিভিন্ন স্থানত এই গীতৰ ভিডিঅ এলবামৰ শ্বুটিঙো চলি আছে ৷

    জানিব পৰা মতে এলবামটিত এল.ডি হাসঁদা আৰু ঝাড়খণ্ডৰ জনপ্ৰিয় গায়িকা মঞ্জু মুৰ্মুয়ে গীত সমুহ পৰিবেশন কৰিছে ৷

    এলবামটিৰ প্ৰযোজক বাসন্তী হাসদাৰ ৷পৰিছালনা কৰিছে তপন চৰেণে ৷সংগীত পৰিছালক ষ্টিফান টুডু আৰু পৰিতোষ মুৰ্মুৰ ৷

    এলবামটিৰ মুখ্য চৰিত্ৰত এল.ডি হাসঁদাই অভিনয় কৰাৰ বিপৰীতে নায়িকাৰ চৰিত্ৰত নবাগতা শিল্পী সবিতা চৰেণে অভিনয় কৰে ৷

    সমাগত জানুৱাৰীৰ প্ৰথম সপ্তাহত মুক্তি লাভ কৰিব বহু প্ৰত্যাশিত এলবামটি ৷

    সেয়েহে অসমৰ সমুহ ৰাইজে LD HASDA নামৰ ইউটিউব চেনেলত মুক্তি পাবলগা ভিডিঅ এলবামটি Subscribe লাইক কমেণ্ট আৰু চেয়াৰ কৰি সকলোকে উপভোগ কৰাৰ আহ্বান জনাইছে কণ্ঠশিল্পী এল.ডি হাঁসদাই ৷

    album-art
    Roi Roi Binale A Zubeen Garg Musical
    00:00
    Sorry, no results.
    Please try another keyword
    • Mur Mon (Roi Roi Binale) · Zubeen Garg Mur Mon (Roi Roi Binale) ℗ Zeal Creations Released on: 2025-10-07 Producer: Zubeen Garg Composer: Zubeen Garg Lyricist: Zubeen Garg
    • Xopun Xopun | Roi Roi Binale | Zubeen Garg | Eye Creations | Zeal Creations | Saregama Song Name: Xopun Xopun Film: Roi Roi Binale Label: Eye Creations & Zeal Creations
    • JUN JWOLI-(ROI ROI BINALE) |ZUBEEN GARG |EYE CREATIONS |ZEAL CREATIONS
    • FILM- ROI ROI BINALE SONG-চকুলোৰে ৰৈ ৰৈ বিনালে(The Last Song) LABEL- ZEAL CREATIONS & EYE CREATIONS
    • ROI ROI BINALE- TITTLE TRACK |ZUBEEN GARG |GEOCONDA VESSICHELLI |
    • Tumar Nilim Kothar Dore | Zubeen Garg | RGS | Roi Roi Binale |
    • Dusokur Kajolere | Zubeen Garg | SABITA SHARMA GOSWAMI, ARUNDHATI BHANU PRIYA | Zeal Creations |
    • Mon Gole-Roi Roi Binale | Zubeen Garg | Achurjya Borpatra | Fency Rajkumari | Zeal Creations" by Zeal Creations.
    • ROI ROI BINALE JUKEBOX | ZUBEEN GARG |
    • FREE BIRD | ZUBEEN GARG |
    • Herowa Chanda- Trailer

    Latest Posts

    বিশেষঃ

    Stay in touch

    To be updated with all the latest news, offers and special announcements.