31.3 C
Guwahati
Tuesday, October 21, 2025
More

    শেহতীয়া আপডেটঃ

    গুৱাহাটী সংকুলৰ ‘শিশু মেলা’ সম্পন্ন

    বেতকুছিঃ আজি গুৱাহাটী সংকুলৰ শিশু বাটিকা বিভাগৰ ‘শিশু মেলা’ খন শংকৰদেৱ শিশু নিকেতন, বেতকুছিত উলহ মালহেৰে এক আনন্দ মুখৰ পৰিৱেশত সম্পন্ন হৈ যায়। পুৱা বন্তি প্ৰজ্বলন আৰু বন্দনাৰে আৰম্ভ হোৱা এই মেলা উদ্বোধন কৰে বিশিষ্ট শিক্ষাবিদ অমূল্য চৰণ চৌধুৰীয়ে।

    প্ৰাস্তৱিক ভাষণ প্ৰদান কৰে সংকুল প্ৰমুখ তপন শৰ্মাই। বন্তি প্ৰজ্বলন কৰে বেতকুছি নিকেতনৰ সম্পাদক নিৰঞ্জন কলিতাই। শিশু বাটিকাৰ কণ কণ ছাত্ৰ-ছাত্ৰী সকলে বন্দনা পৰিৱেশন কৰে। উদ্বোধনী সভাৰ পিছত শিশু মেলাৰ বিপনী সমূহ মুকলি কৰে শিশু শিক্ষা সমিতি, অসমৰ সাংগঠনিক সম্পাদক নিৰৱ ঘিলানীয়ে আৰু শিশু বাটিকাৰ ১২ শৈক্ষিক ব্যৱস্থা মুকলি কৰে শিশু শিক্ষা সমিতি, অসমৰ সাধাৰণ সম্পাদক জগন্নাথ ৰাজবংশীয়ে।


    শিশু মেলাত শিশু সকলে বিপনীত বস্তু কিনা-বেচা কৰা, বাৰ শৈক্ষিক ব্যৱস্থাত ক্ৰিয়া-কলাপ কৰা ৰংগমঞ্চীয় কাৰ্যক্ৰমত নৃত্য-গীত, সাধুকোৱা, কবিতা আবৃত্তি কৰা আদি কাৰ্যক্ৰম সমূহে উপস্থিত সকলোকে অভিভূত কৰে। সংকুলৰ শিশু বাটিকা প্ৰমুখ আৰু সহ: শিশু বাটিকা প্ৰমুখৰ তত্ত্বাৱধানত ৰংগমঞ্চীয় কাৰ্যক্ৰম সঞ্চালন কৰে শংকৰদেৱ শিশু কুঞ্জ, অম্বিকাগিৰী নগৰৰ দুগৰাকী ছাত্ৰ-ছাত্ৰীয়ে।

    শিশু শিক্ষা সমিতি উত্তৰ অসম প্ৰান্তৰ প্ৰচাৰ প্ৰমুখ মুকুটেশ্বৰ গোস্বামীয়ে জানিবলৈ দিয়া মতে সহস্ৰাধিক শিশু আৰু মাতৃৰ উপস্থিতিত দেৱ শিশু সকলৰ এক আনন্দ মুখৰ কোলাহলৰ মাজেৰে সফলতাৰে সম্পন্ন হোৱা এই শিশু মেলা খনত ৰাতিপুৱাৰে পৰা সম্পূৰ্ণ সময় উপস্থিত থাকি সংকুলৰ নিকেতন সমূহৰ সন্মানীয় প্ৰধানাচাৰ্য সকলে সকলোকে প্ৰেৰণা যোগায়। শেষত অসম সংগীতেৰে এই শিশু মেলাৰ অন্ত পৰে।

    album-art
    Roi Roi Binale A Zubeen Garg Musical
    00:00
    Sorry, no results.
    Please try another keyword
    • Mur Mon (Roi Roi Binale) · Zubeen Garg Mur Mon (Roi Roi Binale) ℗ Zeal Creations Released on: 2025-10-07 Producer: Zubeen Garg Composer: Zubeen Garg Lyricist: Zubeen Garg

    Latest Posts

    বিশেষঃ

    Stay in touch

    To be updated with all the latest news, offers and special announcements.

    This will close in 0 seconds