31.3 C
Guwahati
Tuesday, November 11, 2025
More

    শেহতীয়া আপডেটঃ

    ‘কেৰিয়াৰ হাতপুথি’ৰ উন্মোচন অনুষ্ঠান প্ৰসংগত

    ‘কেৰিয়াৰ হাতপুথি’কিতাপখন মূলত হাইস্কুল শিক্ষান্ত আৰু উচ্চতৰ মাধ্যমিক উত্তীৰ্ণ শিক্ষাৰ্থীসকলৰ বাবে প্ৰস্তুত কৰা হৈছে, যাৰ জৰিয়তে তেওঁলোকে বিভিন্ন শাখা আৰু বিষয়সমূহৰ প্ৰাসংগিকতা তথা ভবিষ্যৎ কেৰিয়াৰ সম্ভাৱনাৰ বিষয়ে এটা স্পষ্ট, সংগঠিত আৰু বাস্তৱমুখী ধাৰণা লাভ কৰিব পাৰে।

    মাননীয় সম্পাদক মহোদয়,

    বহু পাঠকে মোক প্ৰশ্ন কৰে—‘কেৰিয়াৰ হাতপুথি’নামৰ কিতাপখনৰ উন্মোচন অনুষ্ঠান কিয় আয়োজন কৰা নহ’ল? এই প্ৰশ্নৰ প্ৰেক্ষাপটত, মুকলি চিঠিৰ জৰিয়তে উত্তৰ দিব বিচাৰিছোঁ। এই কিতাপখন প্ৰথমবাৰৰ বাবে ২০১৫ চনত অনিল বৰুৱাই প্ৰকাশ কৰিছিল, আৰু ২০১৮ চনলৈকে ইয়াৰ মুঠ চাৰিটা সংস্কৰণ প্ৰকাশ হয় । তাৰ পিছত বনলতা প্ৰকাশনে গ্ৰন্থখন প্ৰকাশ কৰাৰ দায়িত্ব গ্ৰহণ কৰে। বনলতাৰ পৰা ২০২৩ চনৰ জুনত প্ৰথম সংস্কৰণ, ২০২৪ চনৰ এপ্ৰিলত দ্বিতীয় সংস্কৰণ আৰু ডিচেম্বৰ ২০২৪ত তৃতীয় সংস্কৰণ প্ৰকাশ পাইছে। কিতাপখনৰ বেটুপাতৰ শিল্পী হ’ল সুমন দাস, অসীম চুতীয়াই অংগসজ্জা কৰিছে, কেৰিয়াৰ হাতপুথিখনত মুঠ ৫০৯ পৃষ্ঠা আছে আৰু ইয়াৰ মূল্য ৩৫০ টকা।
    সাধাৰণতে কিতাপ উন্মোচন অনুষ্ঠান সংবাদমেল বা সভাৰ জৰিয়তে কৰা হয় যাতে ৰাইজৰ মাজত কিতাপখনৰ বিষয়ে সচেতনতা সৃষ্টি হয়। কিন্তু এটা কথা লক্ষ্য কৰা যায়, এনে উন্মোচন অনুষ্ঠানৰ বাতৰি কাকতৰ মহানগৰ বা স্থানীয় সংস্কৰণত প্ৰকাশ পায়। যদি ফটোসহ সংবাদ প্ৰকাশ হয়ও, তাত কিতাপখন বা লেখকৰ নাম উল্লেখ নকৰাকৈ, কিতাপ উন্মোচন কৰা ব্যক্তিসকলকহে প্ৰাধান্য দিয়া হয়। ফলস্বৰূপে, যি উদ্দেশ্য আগত ৰাখি সময়-ধন ব্যয় কৰি অনুষ্ঠান আয়োজন কৰা হয়, সেই উদ্দেশ্য সফল নহয়। এই সকলো কথা বিবেচনা কৰি ‘কেৰিয়াৰ হাতপুথি’কিতাপখনৰ ক্ষেত্ৰত পৰম্পৰাগত সংবাদমেল বা সভাৰ মাধ্যমত উন্মোচন অনুষ্ঠান নকৰিবলৈ সিদ্ধান্ত ললোঁ। ইয়াৰ বিপৰীতে ফেচবুক, ৱাটচআপ, টুইটাৰ, ই-মেইল, ইউটিউব , লিংকডইন , ইনষ্টাগ্ৰাম আদি মাধ্যমেৰে ৰাইজক কিতাপখনৰ বিষয়ে অৱগত কৰিছোঁ।
    এই কিতাপখনত বিভিন্ন বাতৰি কাকত আৰু আলোচনীত প্ৰকাশ পোৱা কেৰিয়াৰ-সম্পৰ্কীয় লেখা সংকলন কৰা হৈছে। যিসকল সম্পাদকে লেখা প্ৰকাশৰ বাবে এখন মঞ্চ দিছে, তেওঁলোকক এই চিঠিৰ জৰিয়তে আন্তৰিক কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ।
    ‘কেৰিয়াৰ হাতপুথি’কিতাপখন মূলত হাইস্কুল শিক্ষান্ত আৰু উচ্চতৰ মাধ্যমিক উত্তীৰ্ণ শিক্ষাৰ্থীসকলৰ বাবে প্ৰস্তুত কৰা হৈছে, যাৰ জৰিয়তে তেওঁলোকে বিভিন্ন শাখা আৰু বিষয়সমূহৰ প্ৰাসংগিকতা তথা ভবিষ্যৎ কেৰিয়াৰ সম্ভাৱনাৰ বিষয়ে এটা স্পষ্ট, সংগঠিত আৰু বাস্তৱমুখী ধাৰণা লাভ কৰিব পাৰে। “কেৰিয়াৰ হাতপুথি” কিতাপখন বিদ্যালয়-কলেজৰ সপ্তাহৰ অনুষ্ঠানত অনুষ্ঠিত বিভিন্ন প্ৰতিযোগিতাৰ পুৰস্কাৰ হিচাপে, শিক্ষানুষ্ঠানৰ পুথিভঁৰালত সংগ্ৰহৰূপে, লগতে হাইস্কুল শিক্ষান্ত আৰু উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত উত্তীৰ্ণ শিক্ষাৰ্থীসকলক উপহাৰ হিচাপে বিভিন্ন ব্যক্তি, প্ৰতিষ্ঠান আৰু সংগঠনে আগবঢ়াইছে বুলি জানিব পাৰিছোঁ। এই আন্তৰিক সহায়-সহযোগিতা আৰু গ্ৰহণযোগ্যতাৰ বাবে সকলো পাঠক, ব্যক্তি আৰু প্ৰতিষ্ঠানলৈ গভীৰ কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। কেৰিয়াৰ হাতপুথি’ৰ পৰৱৰ্তী সংস্কৰণত শিক্ষাৰ্থীৰ বাবে অধিক উপযোগী কৰাৰ উদ্দেশ্যে নতুন কোন কোন বিষয় অন্তর্ভুক্ত কৰা উচিত, সেই বিষয়ে পাঠকসকলৰ পৰা জানিব বিচাৰিছোঁ।

    ড° বুলজিৎ বুঢ়াগোহাঁই
    কেৰিয়াৰ পৰামৰ্শদাতা তথা
    মুৰব্বী, যান্ত্রিক অভিযান্ত্রিক বিভাগ,
    অসম ডন বস্ক’ বিশ্ববিদ্যালয়
    ফোন: ৯৪৩৫১৮৮৬৩০
    ই-মেইল: buljit@gmail.com
    www.buljit.com

    album-art
    Roi Roi Binale A Zubeen Garg Musical
    00:00
    Sorry, no results.
    Please try another keyword
    • Mur Mon (Roi Roi Binale) · Zubeen Garg Mur Mon (Roi Roi Binale) ℗ Zeal Creations Released on: 2025-10-07 Producer: Zubeen Garg Composer: Zubeen Garg Lyricist: Zubeen Garg
    • Xopun Xopun | Roi Roi Binale | Zubeen Garg | Eye Creations | Zeal Creations | Saregama Song Name: Xopun Xopun Film: Roi Roi Binale Label: Eye Creations & Zeal Creations
    • JUN JWOLI-(ROI ROI BINALE) |ZUBEEN GARG |EYE CREATIONS |ZEAL CREATIONS
    • FILM- ROI ROI BINALE SONG-চকুলোৰে ৰৈ ৰৈ বিনালে(The Last Song) LABEL- ZEAL CREATIONS & EYE CREATIONS AUDIO CREDITS- COMPOSITION- ZUBEEN GARG LYRICS-ZUBEEN GARG MUSIC PRODUCER- ZUBEEN GARG CO-PRODUCER- NILOTPAL BORA & GAURI SHANKAR LAHON VOCALS- ZUBEEN GARG, ACHURJYA BORPATRA ACOUSTIC GUITAR- ISHANU NYLON & ELECTRIC GUITAR- PRITOM GOHAIN BARUAH BASS GUITAR- BISWAJIT CHAKRABORTY CHORUS VOICES-[...]

    Latest Posts

    বিশেষঃ

    Stay in touch

    To be updated with all the latest news, offers and special announcements.

    NOTICE ROI ROI BINALE Film

    •   আবেগ-অনুভূতিত কোনেও যাতে চিনেমাখনৰ ভিডিঅ' ১ ছেকেণ্ডো যাতে আপলোড নকৰে। আনকি ফটোও।  

    •   ট্ৰেলাৰটো ইতিমধ্যে দেখিছেই সকলোৱে। এই কাম নকৰিব। কিয়নো যি কাম তেওঁ বেয়া পাইছিল। সকলোলৈকে আহ্বান।  

    This will close in 30 seconds