31.3 C
Guwahati
Friday, October 24, 2025
More

    শেহতীয়া আপডেটঃ

    কেক প্ৰশিক্ষনেৰে স্বাৱলম্বীতাৰ নিদৰ্শন নলবাৰীৰ মহিলাৰ উপকৃত হৈছে শতাধিক যুৱক-যুৱতী

    ফইজুল হক চৌধুৰী

    নলবাৰী গোপাল বজাৰ নিবাসী ৰূপালী শৰ্মা হৈছে উচ্চ শিক্ষাৰে শিক্ষিত এগৰাকী মহিলা এই গৰাকী মহিলাই শতাধিক মহিলা যুৱক-যুৱতীক দেখুৱাইছে স্বাৱলম্বীতাৰ সুন্দৰ নিদৰ্শন।

    উচ্চ শিক্ষাৰে শিক্ষিত হৈ ও চাকৰিৰ পিছত অনাই বনাই ঘুৰি নাথাকি নিজে নিজৰ সংস্থাপনৰ পথ বিচাৰি লৈছে এইগৰাকী মহিলাই।

    কেক প্ৰস্তুত কৰি নিজে নিজৰ কৰ্ম-সংস্থাপনৰ পথ বিচাৰি উলিয়াইছে ৰূপালী শৰ্মাই।

    তেওঁ কেক প্ৰস্তুত কৰাৰ লগতে এখন কেক মাৰ্ট নামেৰে কেক আৰু কেক প্ৰস্তুত কৰাৰ সকলো ধৰণৰ সামগ্ৰীৰ দোকান চলাই আছে এইগৰাকী মহিলাই।

    প্ৰায় ২ বছৰ ধৰি তেওঁ ৰূপালিছ ড্ৰিম কীটচেন নামেৰে এটি কেক প্ৰশিক্ষণ কেন্দ্ৰ খুলি ইতিমধ্যে প্ৰায় শতাধিক মহিলা যুৱক যুৱতীক আত্ম নিৰ্ভৰশীলতাৰ পথ দেখুৱাইছে ।

    যোৱা ১৩ আৰু ১৪ নৱেম্বৰত ৰূপালিছ ড্ৰিম কীটচেনৰ তৰফৰ পৰা এটি কেক বনোৱা প্ৰশিক্ষণ হৈ যায় ।
    য’ত প্ৰশিক্ষণৰ প্ৰশিক্ষাৰ্থী বোৰক প্ৰশিক্ষণৰ অন্তত অৰ্থাৎ ১৪ নৱেম্বৰ তাৰিখে চৰকাৰী স্বীকৃতি প্ৰাপ্ত প্ৰমানপত্ৰ প্ৰদান কৰে ।
    ৰূপালী শৰ্মাৰ এনে প্রচেষ্টাক সচেতন মহলে প্ৰশংসা কৰিছে।

    album-art
    Roi Roi Binale A Zubeen Garg Musical
    00:00
    Sorry, no results.
    Please try another keyword
    • Mur Mon (Roi Roi Binale) · Zubeen Garg Mur Mon (Roi Roi Binale) ℗ Zeal Creations Released on: 2025-10-07 Producer: Zubeen Garg Composer: Zubeen Garg Lyricist: Zubeen Garg
    • Xopun Xopun | Roi Roi Binale | Zubeen Garg | Eye Creations | Zeal Creations | Saregama Song Name: Xopun Xopun Film: Roi Roi Binale Label: Eye Creations & Zeal Creations

    Latest Posts

    বিশেষঃ

    Stay in touch

    To be updated with all the latest news, offers and special announcements.

    This will close in 0 seconds