31.3 C
Guwahati
Sunday, October 19, 2025
More

    শেহতীয়া আপডেটঃ

    কামৰূপ জিলা সাহিত্য সভাৰ সিদ্ধান্ত এক পক্ষীয়

    গুৱাহাটীঃ যোৱা ২ জানুৱাৰী তাৰিখে আমিনগাঁওত অনুষ্ঠিত কামৰূপ জিলা সাহিত্য সভাৰ কাৰ্য্যনিৰ্বাহক সভাই যোৱা ২৯ ডিচেম্বৰত দদৰাত অনুষ্ঠিত অসম সাহিত্য সভাৰ সপ্তম পূৰ্ণাংগ কাৰ্য্যনিৰ্বাহক সভাত অসভ্য আচৰণ কৰাৰ লগতে অসম সাহিত্য সভাৰ প্ৰধান সম্পাদক উপেন্দ্ৰজিৎ শৰ্মা আৰু অসম সাহিত্য সভাৰ ৰামধেনু উপ সমিতিৰ আহ্বায়ক অজিত প্ৰসাদ শৰ্মাৰ বিৰুদ্ধে সংবাদ মাধ্যমৰ আগত মিছা অভিযোগ দিয়া বুলি গৰিহণাৰ প্ৰস্তাৱ ৰাখে আৰু বৰ্তমান সাংগঠনিক সম্পাদকৰ পদ খাৰিজ কৰে। কাৰণ দৰ্শোৱা জাননী প্ৰেৰণ কৰিবলৈ সভাই সিদ্ধান্ত গ্ৰহণ কৰে। এই সিদ্ধান্ত একপক্ষীয় হোৱা বুলি দাবী কৰে সুশীল চন্দ্ৰ ডেকাই। সুশীল চন্দ্ৰ ডেকাৰ মতে যিদৰে সাংগঠনিক সম্পাদকৰ পদ খাৰিজ কৰিছে ঠিক তেনেদৰে অজিত প্ৰসাদ শৰ্মাৰ কামৰূপ জিলা সাহিত্য সভাৰ কৰ্ণাধাৰ সমিতিৰ সদস্য খাৰিজ কৰাটো বাঞ্চনীয় আছিল। সাংবাদিকে সদায় সত্যৰ ওপৰত প্ৰাধান্য দি বাৰ্তা সমূহ প্ৰেৰণ কৰে। সাংবাদিকে কাৰো পক্ষ্যপাতী নলৈ নিৰপেক্ষ ভাবে সংবাদ প্ৰেৰণ কৰে। এজন সাহিত্য সভাৰ সদস্য হিচাপে প্ৰধান সম্পাদকক অসম সাহিত্য সভাৰ কাৰ্য্যনিৰ্বাহক সভাৰ নিমন্ত্ৰণ নোপোৱা সন্দৰ্ভত প্ৰশ্ন কৰিলে অপমান কৰা নুবুজায়। এই ক্ষেত্ৰত কাৰোবাৰ কথা শুনি মিছা অভিযোগ প্ৰচাৰ কৰা বুলি লোৱা সিদ্ধান্তক সাংবাদ মাধ্যমক লজ্জ্বিত কৰা বুলি কয়। বৰ্তমান পৰ্যায়লৈকে সুশীল চন্দ্ৰ ডেকাই কামৰূপ জিলা সাহিত্য সভাৰ পৰা পত্ৰ নোপোৱাত প্ৰচাৰ কৰাত ধিক্কাৰ দিয়ে। প্ৰাপ্য খৱৰ অনুযায়ী উক্ত সভাত কোনো পদ খাৰিজ আৰু সংবাদ মাধ্যমত প্ৰচাৰ কৰাৰ কোনো সিদ্ধান্ত লোৱা নাছিল কাৰ্য্যনিৰ্বাহক সভাই। কামৰূপ জিলা সাহিত্য সভাৰ হোৱাটচপ গ্ৰুপলৈ প্ৰেৰণ কৰা প্ৰেছ বিজ্ঞপ্তি খনত পেইডত দুই জন সহঃ সম্পাদকৰ নাম কৰ্তন কৰা দেখা পাই উদ্বেগ প্ৰকাশ কৰে। ইয়াৰোপৰি উল্লেখ কৰা তিনিজন সহঃ সম্পাদকৰ এজনৰ উপাধি ভূলকৈ উল্লেখ কৰা পাই গৰিহণাৰ যোগ্য বুলি কয়। প্ৰেছ বিজ্ঞপ্তিত কামৰূপ জিলা সাহিত্য সভাৰ সম্পাদক ৰজনী শালৈৰ স্বাক্ষৰ দেখা নগল। এনেধৰণৰ কাৰ্য্য পুনৰ নকৰে তাৰ বাবে সকীয়াই দিয়ে। সুশীল চন্দ্ৰ ডেকাৰ মতে উক্ত ঘটনাত অজিত প্ৰসাদ শৰ্মাহে প্ৰধান দোষী বুলি স্পষ্ট কৰি দিয়ে।

    album-art
    Roi Roi Binale A Zubeen Garg Musical
    00:00
    Sorry, no results.
    Please try another keyword
    • Mur Mon (Roi Roi Binale) · Zubeen Garg Mur Mon (Roi Roi Binale) ℗ Zeal Creations Released on: 2025-10-07 Producer: Zubeen Garg Composer: Zubeen Garg Lyricist: Zubeen Garg

    Latest Posts

    বিশেষঃ

    Stay in touch

    To be updated with all the latest news, offers and special announcements.

    This will close in 0 seconds