31.3 C
Guwahati
Monday, October 20, 2025
More

    শেহতীয়া আপডেটঃ

    কংগ্ৰেছ, অসম জাতীয় পৰিষদ, বিজেপি, এ আই ইউ ডি এফ, অগপকে ধৰি বিভিন্ন ৰাজনৈতিক দলৰ তিনি শতাধিক নেতা-কৰ্মীৰ তৃণমূল কংগ্ৰেছত যোগদান

    সৰ্বভাৰতীয় তৃণমূল কংগ্ৰেছ দলৰ, অসম প্ৰদেশ কমিটিৰ উদ্যোগত আজি দিছপুৰস্থিত লোকনিৰ্মাণ বিভাগৰ প্ৰশিক্ষণ আৰু সন্মিলন ভৱনত দলটোৰ এক বিশাল যোগদান কার্য্যসূচী আৰু কর্মীসভা অনুষ্ঠিত হয়। কাৰ্য্যসূচীত অসম জাতীয় পৰিষদ কংগ্ৰেছ, বিজেপি, আপ, এ আই ইউ ডি এফ, অগপ দলৰ ৪২ জন ৰাজ্যিক আৰু জিলা পৰ্যায়ৰ নেতাকে ধৰি তিনি শতাধিক কৰ্মীয়ে তৃণমূল কংগ্ৰেছৰ নীতি আৰু আদৰ্শৰ প্ৰতি আস্থা স্থাপন কৰি দলটোত যোগদান কৰে।

    ৰাজ্যিক সভাপতি ৰমেন চন্দ্ৰ বৰঠাকুৰৰ সভাপতিত্বত অনুষ্ঠিত যোগদান কার্য্যসূচীত অসম জাতীয় পৰিষদ দলৰ উপ-সভাপতি ক্রমে ইজৰাইল নন্দ, মিল্টন কুৱে, এ আই ইউ ডি এফৰ মহিলা মৰ্চাৰ ৰাজ্যিক সভানেত্রী বীণা দৈমাৰী, ৰাইজৰ দলৰ কেন্দ্ৰীয় উপদেষ্টা ৰাজেক আহমেদ, প্রদেশ কংগ্ৰেছৰ নেতা ক্ৰমে-মৃগৰাজ দাস, ৰবি দত্ত, আবুল কালাম আজাদ, সহদেৱ দাস, জিয়াবুৰ ৰহমান খান, অনিলেশ গগৈ, লাৱণ্য বড়ো ইত্যাদি প্ৰমুখ্যে বহুকেইগৰাকী শীর্ষ ৰাজ্যিক তথা জিলা পৰ্য্যায়ৰ নেতৃবৃন্দই সৰ্বভাৰতীয় তৃণমূল কংগ্ৰেছত যোগদান কৰে। যোগদান কাৰ্যসূচীত ৰাজ্যসভাৰ সাংসদ তথা দলটোৰ ৰাষ্ট্ৰীয় নেত্ৰী সুস্মিতা দেৱ , ৰাজ্যিক মুখ্য সমনয়ক দুলু আহমেদ, মুখপাত্ৰ শ্যামল হাজৰিকাকে ধৰি কেবাজনো নেতা উপস্থিত থাকে। ইফালে যোগদান কাৰ্যসূচীত দলটোৰ নেতা তথা পশ্চিমবঙ্গ চৰকাৰৰ আইন আৰু শ্ৰমমন্ত্ৰী মলয় ঘটকে ভাৰ্চুৱেলী ভাগ লৈ দলত নতুনকৈ যোগদান কৰা সকলোকে অভিনন্দন জ্ঞাপন কৰে। আনহাতে কাৰ্যসূচীত ভাগ লৈ নতুনকৈ যোগদান কৰা সকলোকে অভিনন্দন জ্ঞাপন কৰি ৰাজ্যিক সভাপতি ৰমেন চন্দ্ৰ বৰঠাকুৰে কয় “এয়া মাত্ৰ আৰম্ভণিহে। এতিয়াও ৰাজ্যৰ বিভিন্ন দলৰ বহু সংখ্যক নেতা কর্মীয়ে তৃণমূল কংগ্ৰেছত যোগদান কৰিবলৈ মন মেলি আছে। অসমত যদি বিজেপিৰ স্বৈৰতান্ত্রিক শাসনক কোনোৱে যদি ওফৰাব পাৰে এয়া কেৱল মমতা বেনাৰ্জীৰ সৱল নেতৃত্ব আৰু তৃণমূল কংগ্ৰেছে পাৰিব। আমি মা-মাটি-মানুহ আৰু সমন্বয়ত বিশ্বাসী, মা-মাটি-মানুহ আৰু সমন্বয়েই আমাৰ মূলমন্ত্র। আমি বৰাক, ব্ৰহ্মপুত্ৰ , পাহাৰ, ভৈয়াম সকলোকে একত্রিতভাৱে লৈ আগবাঢ়িব খোজো আৰু আগবাঢ়িম। বিজেপিৰ সাম্প্রদায়িক আৰু বিভাজনৰ দৰে ৰাজনীতি তৃণমূল কংগ্ৰেছে নকৰে।

    আমি সকলোকে একেলগে লৈ আগবাঢ়িম। আমাৰ বিশ্বাস অনাগত পঞ্চায়ত, বি টি আৰ আৰু ২০২৬ চনৰ বিধানসভা নিৰ্বাচনত সৰ্বভাৰতীয় তৃণমূল কংগ্ৰেছে অসমৰ ৰাইজৰ হৈ যুজঁ দিব। কাৰ্যসূচীত ভাগ লৈ সাংসদ সুস্মিতা দেৱে কয় যে, “আমাৰ নেত্ৰী মমতা বেনাৰ্জী দেশৰ এগৰাকী অন্যতম জননেত্রী। বছৰ বছৰ ধৰি তেওঁ পশ্চিমবংগত অকলেই বিজেপিক পৰাভূত কৰি আহিছে। অকল বিজেপিয়ে নহয় কংগ্ৰেছকে ধৰি যিমান দল আছিল সকলোৱে পশ্চিমবংগত মমতা বেনাৰ্জীৰ নেতৃত্বৰ ওচৰত হাৰ মানিছে। তৃণমূল কংগ্ৰেছ কোনো জাতীয় দল নহয়, এইটো দেশৰ দ্বিতীয় সৰ্ববৃহৎ দল, সৰ্বভাৰতীয় তৃণমূল কংগ্ৰেছ ৰাষ্ট্ৰীয় দল। কাৰ্যসূচীত দলৰ মুখ্য সমন্বয়ক দুলু আহমেদে কয় যে,” বিগত সময়ত দলৰ প্ৰাক্তন নেতাসকলে তৃণমূল কংগ্ৰেছৰ বিষয়ে নানান ধৰণৰ উৰাবাতৰি প্ৰকাশ কৰিছে আৰু আজিৰ যোগদান কাৰ্যসূচীটোৱে ইয়াৰ প্ৰত্যুত্তৰ। আৰম্ভণিতে সদ্যপ্রয়াত ভাৰতৰ প্ৰাক্তন প্রধানমন্ত্রী তথা বিশ্ব বিখ্যাত অর্থনীতিবিদ ডঃ মনমোহন সিঙৰ প্ৰতিচ্ছবিত শ্রদ্ধাঞ্জলি অর্পণ কৰা হয়।

    album-art
    Roi Roi Binale A Zubeen Garg Musical
    00:00
    Sorry, no results.
    Please try another keyword
    • Mur Mon (Roi Roi Binale) · Zubeen Garg Mur Mon (Roi Roi Binale) ℗ Zeal Creations Released on: 2025-10-07 Producer: Zubeen Garg Composer: Zubeen Garg Lyricist: Zubeen Garg

    Latest Posts

    বিশেষঃ

    Stay in touch

    To be updated with all the latest news, offers and special announcements.

    This will close in 0 seconds