31.3 C
Guwahati
Monday, October 20, 2025
More

    শেহতীয়া আপডেটঃ

    অনিয়মীয়া বিদ্যুৎ যোগান, আছুৰ প্ৰতিবাদত কপি উঠিল শিৱসাগৰ নাজিৰাৰ বিদ্যুৎ উপসংমণ্ডলৰ কাৰ্য্যালয়

    ■ উৎকট গৰমে দহিছে ৰাজ্য,উৎকট গৰমৰ পৰা ৰক্ষা পাবলৈ বিজুলী পাংখাৰ বতাহ লৈছো আপুনি আৰু মই। ইয়াৰ উপৰিও নিৰ্বাচনী সভাত বৰ্তমানৰ ৰাজ্য চৰকাৰে আশ্বাস দিছিল ২৪ঘণ্টাই অসমত উপলব্ধ হ’ব বিদ্যুৎ সেৱা।

    কিন্তু সেইয়া সকলো ফুটুকাৰ ফেন, এজাক বতাহ,বৰষুণতেই যেন গড়গাঁৱত অৱস্থিত নাজিৰা বিদ্যুৎ উপসংমণ্ডলে ২৪ঘণ্টাই নিয়মিত ভাৱে বিদ্যুৎ যোগান দিয়াত ব্যৰ্থ হয়।

    গড়গাঁৱত অৱস্থিত নাজিৰা বিদ্যুৎ উপসংমণ্ডলৰ নিয়মিতভাৱে বিদ্যুৎ যোগানত ব্যৰ্থতাৰ বাবেই আজি সদৌ শিৱসাগৰ জিলাৰ ছাত্ৰ সন্থাৰ আহ্বানত নাজিৰা মহকুমা ছাত্ৰ সন্থাই সাব্যস্ত কৰে তীব্ৰ প্ৰতিবাদ।

    শক্তি মন্ত্ৰী বিমল বৰা মুৰ্দাবাদ হায় হায়, শক্তি বিভাগ হায় হায়,বিজেপি চৰকাৰ মুৰ্দাবাদ ধ্বনিৰে উত্তাল কৰি তোলে গড়গাঁৱত অৱস্থিত নাজিৰাৰ বিদ্যুৎ উপসংমণ্ডলৰ কাৰ্য্যালয়।

    অন্যহাতে গড়গাঁৱত অৱস্থিত নাজিৰাৰ বিদ্যুৎ উপসংমণ্ডলৰ কাৰ্য্যবাহী অভিযন্তাক নিয়মিতভাৱে বিদ্যুৎ যোগান ব্যৰ্থ হোৱা প্ৰশ্ন সাংবাদিকে সোধাত কাৰ্য্যবাহী অভিযন্তাইও সংবাদ মাধ্যমৰ আগত প্ৰদান কৰে দায় হৰা মন্তব্য।

    album-art
    Roi Roi Binale A Zubeen Garg Musical
    00:00
    Sorry, no results.
    Please try another keyword
    • Mur Mon (Roi Roi Binale) · Zubeen Garg Mur Mon (Roi Roi Binale) ℗ Zeal Creations Released on: 2025-10-07 Producer: Zubeen Garg Composer: Zubeen Garg Lyricist: Zubeen Garg

    Latest Posts

    বিশেষঃ

    Stay in touch

    To be updated with all the latest news, offers and special announcements.

    This will close in 0 seconds