31.3 C
Guwahati
Tuesday, November 11, 2025
More

    শেহতীয়া আপডেটঃ

    ৱাৰিয়ৰ্ছ” : নাৰী সমাজৰ হিতে কাম কৰা এটি সৰ্ববৃহৎ ৰাজ্যিক সংগঠন

    ৱাৰিয়ৰ্ছ” : নাৰী সমাজৰ হিতে কাম কৰা এটি সৰ্ববৃহৎ ৰাজ্যিক সংগঠন
    মধুস্মিতা বৰা, মাজুলী

    ২০২০ বৰ্ষৰ ৩ অক্টোবৰ তাৰিখে নাৰী সমাজ সুৰক্ষাৰ ব্যতিক্ৰমী সংগ্ৰামৰ স্বাৰ্থত বিশ্বনাথ জিলাৰ বিশিষ্ট কবি, নাৰীবাদী লেখক,শিক্ষক তথা সমাজকৰ্মী উৎপল শিৱম ডাঙৰীয়াৰ নেতৃত্বত জন্ম হয় অৰাজনৈতিক,ধৰ্ম নিৰপেক্ষ, অহিংস তথা সাংবিধানিক সংগঠন ৱাৰিয়ৰ্ছ : নাৰী অধিকাৰ, নাৰী সুৰক্ষা সমাজ সেৱাৰ সৰ্ববৃহৎ ৰাজ্যিক সংগঠন।


    নাৰী এগৰাকী পত্নী, কন্যা, ভগ্নী,মাতৃ । নাৰীকেই সমাজৰ এচাম দুষ্ট লোকে ডাইনী সন্দেহত, ধৰ্ষণ, অপহৰণ, হত্যা, শাৰীৰিক মানসিকভাৱে অত্যাচাৰ চলাই আহিছে আৰু ইয়াৰ প্ৰকোপ দিনে দিনে অসমতো যথেষ্ট পৰিমাণে বৃদ্ধি পাইছে।
    এনেধৰণৰ বহুতো নাৰী জনিত সমস্যাৰ সমাধানৰ বাবে ৱাৰিয়ৰ্ছ গঠন কৰা হৈছে।

    ৱাৰিয়ৰ্ছৰ মূল লক্ষ্য আৰু উদ্দেশ্য সমূহৰ ভিতৰত:১/ নাৰীৰ সৰ্বাংগীন উন্নতি আৰু সৱলীকৰণৰ বাবে কাম কৰা , ২/নাৰী সুৰক্ষা তথা যুৱতী কিশোৰীক আত্মৰক্ষাৰ কৌশলৰ প্ৰশিক্ষণ দিয়া,৩/ কন্যা শিশুৰ উন্নয়ন আৰু বৌদ্ধিক বিকাশৰ বাবে কাম কৰা,৪/নাৰী স্বাৱলম্বন , অবিবাহিতা তথা বিধৱা নাৰীক আৰ্থিক সংস্থাপন ও নিৰাপত্তা প্ৰদান,৫/নাৰী অধিকাৰ, নাৰী জাগৰণ আৰু নাৰীৰ শৈক্ষিক বিপ্লৱৰ সূচনা কৰা,৬/নাৰী নিৰ্য্যাতনৰ বিপক্ষে আইনগত ব্যবস্থা গ্ৰহণ কৰা লগতে নিৰ্য্যাতিতাক ন্যায় প্ৰদান কৰা,ডাইনী হত্যা,যৌতুক, ভ্ৰুণ হত্যাৰ আদিৰ বিপক্ষে বিজ্ঞান সন্মত আৰু আইনী প্ৰক্ৰিয়াৰে ব্যৱস্থা গ্ৰহণ কৰা, ৭/শাৰীৰিক, মানসিক পাৰিবাৰিক আদি যিকোনো ধৰণে নিৰ্য্যাতিতাৰ বিপক্ষে নাৰী এগৰাকীক যুঁজিবলৈ সাহায্য প্ৰদান কৰা ,৮/ধৰ্ষণ কাৰী মাত্ৰাই ফাঁচীৰ দাবী জনোৱাৰ লগতে , ধৰ্ষণৰ বিচাৰ প্ৰক্ৰিয়া ক্ষিপ্ৰতৰ কৰিবলৈ ন্যায় পালিকাৰ ওচৰত জনমত গঠন কৰা। সকলো ক্ষেত্ৰতে নাৰীৰ সুৰক্ষা সুনিশ্চিত কৰা ,৯/দৰিদ্ৰ সীমাৰেখাত বাস কৰা মেধাবী ছাত্ৰীক শিক্ষাৰ সুবিধা প্ৰদান তথা উচ্চ শিক্ষাৰ বাবে সৰ্বতোপ্ৰকাৰে সহায় আগবঢ়োৱা ,১০/ নাৰীক বৃত্তিগত , কাৰিকৰী , কুটিৰ শিল্প,বয়ন , পশুপালন, দুগ্ধপালন আদিৰ প্ৰশিক্ষণ প্ৰদান আৰু চৰকাৰী সুবিধা পোৱাৰ ব্যৱস্থা কৰি দিয়া।

    ৱাৰিয়ৰ্ছে ২০২১ চনৰ মে’ মাহত ধৰ্ষণ কাৰীক ফাঁচি, নাৰী নিৰ্যাতনৰ কেছ সমূহ ফাষ্ট ট্ৰেক আদালতত বিচাৰ, ভাৰতৰ প্ৰধানমন্ত্ৰী, ৰাষ্ট্ৰপতি, উচ্চতম ন্যায়ালয়লৈ এক গণ স্বাক্ষৰ অভিযান আৰম্ভ কৰে।

    এই গণস্বাক্ষৰত প্ৰায় ২৫,০০০ লোকে স্বাক্ষৰ কৰি অভিলেখ গঢ়ি সৰ্বোত্তম ভূমিকা পালন কৰিছে।


    ধৰ্ষণকাৰী জন যিমান দোষী আমি চাই,দেখি থকা জনো কিন্তু সিমানেই দোষী। তাকেই ভাবি আমি জনসাধাৰণ সজাগ হৈ সমাজৰ পৰা ধৰ্ষণ,অত্যাচাৰ সমস্যা বোৰৰ হৈ মাত মাতি এগৰাকী ধৰ্ষিতাৰ কাষত থিয় হৈ দোষীয়ে উচিত শাস্তি প্ৰদানৰ ক্ষেত্ৰত নাৰী গৰাকীক সাহস দিব পৰাটো আমাৰ কৰ্তব্য ।


    Wariors ৰ জিলা সমিতি সমূহ গঠন হোৱাৰ পাছতেই প্ৰত্যেক জিলাৰ ফালৰ পৰা ২০২১চনত”MeetyourMLA” কাৰ্যসূচী ৰ যোগেদি প্ৰত্যেক জন বিধায়ক সকলক ধৰ্ষণ কাৰীৰ ফাঁচীৰ এক বিশেষ আইন প্ৰণয়ন , ধৰ্ষণ, অত্যাচাৰ সম্পৰ্কীয় নিৰ্যাতনৰ অভিযোগ সমূহ ফাষ্ট ট্ৰেক আদালতত বিচাৰ কৰা, নাৰী সম্পৰ্কীয় অভিযোগ সমূহ লওঁতে গাফিলতি কৰা আৰক্ষী বিষয়া সকলৰ বিপক্ষে গোচৰ দিবলৈ এটা টোল ফ্ৰী নম্বৰৰ ব্যৱস্থা কৰা আদিৰ দাবী জনাই এখনি স্মাৰক পত্ৰ প্ৰদান কৰা হৈছে।
    অসমত বৰ্তমানলৈকে তিনিচুকীয়া ৰ পৰা আৰম্ভ কৰি ধুবুৰীলৈকে ৩০ খন জিলা সমিতি আৰু জিলা সমিতিৰ অন্তৰ্গত শতাধিক আঞ্চলিক সমিতি গঠন হৈ ৱাৰিয়ৰ্ছৰ লক্ষ্য আৰু উদ্দেশ্য আগত ৰাখি সমাজ, বিদ্যালয় সমূহত সজাগতা সভা অনুস্থিত কৰি ৰাইজক সজাগ কৰাৰ লগতে বিভিন্ন ধৰণৰ কাৰ্যসূচী/পদক্ষেপ গ্ৰহণ কৰি নিষ্ঠাৰে সেৱা আগবঢ়াই আহিছে।

    ৰক্ত দান মহান দান। মানৱ সেৱা শ্ৰেষ্ঠ ধৰ্ম এই বাক্যষাৰ সাৰোগত কৰি ২৫ এপ্ৰিল,২০২১ তাৰিখে মানৱ সমাজৰ স্বাস্থ্য ৰক্ষাৰ সৰ্ববৃহৎ স্বাৰ্থ আগত ৰাখি নিষ্ঠা আৰু সততাৰে যি সেৱাৰ মনোভাৱেৰে Wariors: মহিলা সজাগতা আৰু গ্ৰামোন্নয়ন সংস্থা তথা জ্যোতিৰ্ময় সমাজ (অসম)ৰেই এটা অংগ Wariors: ব্লাড ডনাৰচ অসম নামেৰে ৰক্তদানেৰে আৰ্তজনক সহায়ৰ অৰ্থে অসমৰ চুকে কোণে প্ৰচেষ্টা চলাই আহিছে।


    ২০২২ চনৰ ৮ মাৰ্চত সমগ্ৰ বিশ্বতে নাৰী দিৱসৰ উদযাপন কৰাৰ লগতে ৱাৰিয়ৰ্ছ ৰ সমগ্ৰ অসমতে বিয়পি থকা জিলা সমিতি , শতাধিক আঞ্চলিকে নাৰী দিৱস উদযাপন কৰিছে ।

    বিভিন্ন ধৰণৰ কাৰ্যসূচী যেনে স্বাৱলম্বী নাৰী সকলক সম্বৰ্ধনা,নাৰী সকলক লৈ প্ৰতিযোগিতা, নাৰী সকলৰ বৌদ্ধিক বিকাশৰ বিভিন্ন ধৰণৰ কাৰ্যসূচী পালন কৰি এই বৰ্ষত নাৰী দিৱসটি সুন্দৰ ভাৱে পালন কৰি সমগ্ৰ অসমতে এক অভিলেখৰ সৃষ্টি কৰিছে।

    album-art
    Roi Roi Binale A Zubeen Garg Musical
    00:00
    Sorry, no results.
    Please try another keyword
    • Mur Mon (Roi Roi Binale) · Zubeen Garg Mur Mon (Roi Roi Binale) ℗ Zeal Creations Released on: 2025-10-07 Producer: Zubeen Garg Composer: Zubeen Garg Lyricist: Zubeen Garg
    • Xopun Xopun | Roi Roi Binale | Zubeen Garg | Eye Creations | Zeal Creations | Saregama Song Name: Xopun Xopun Film: Roi Roi Binale Label: Eye Creations & Zeal Creations
    • JUN JWOLI-(ROI ROI BINALE) |ZUBEEN GARG |EYE CREATIONS |ZEAL CREATIONS
    • FILM- ROI ROI BINALE SONG-চকুলোৰে ৰৈ ৰৈ বিনালে(The Last Song) LABEL- ZEAL CREATIONS & EYE CREATIONS AUDIO CREDITS- COMPOSITION- ZUBEEN GARG LYRICS-ZUBEEN GARG MUSIC PRODUCER- ZUBEEN GARG CO-PRODUCER- NILOTPAL BORA & GAURI SHANKAR LAHON VOCALS- ZUBEEN GARG, ACHURJYA BORPATRA ACOUSTIC GUITAR- ISHANU NYLON & ELECTRIC GUITAR- PRITOM GOHAIN BARUAH BASS GUITAR- BISWAJIT CHAKRABORTY CHORUS VOICES-[...]

    Latest Posts

    বিশেষঃ

    Stay in touch

    To be updated with all the latest news, offers and special announcements.

    NOTICE ROI ROI BINALE Film

    •   আবেগ-অনুভূতিত কোনেও যাতে চিনেমাখনৰ ভিডিঅ' ১ ছেকেণ্ডো যাতে আপলোড নকৰে। আনকি ফটোও।  

    •   ট্ৰেলাৰটো ইতিমধ্যে দেখিছেই সকলোৱে। এই কাম নকৰিব। কিয়নো যি কাম তেওঁ বেয়া পাইছিল। সকলোলৈকে আহ্বান।  

    This will close in 30 seconds