Wednesday, July 30, 2025
27.5 C
Guwahati
TOP NEWS:

১৩১৬ গৰাকী স্নাতকক ডিগ্ৰী প্ৰদানেৰে অসম ডন বস্ক’ বিশ্ববিদ্যালয়ৰ ত্ৰয়োদশ সমাৱৰ্তন

- Advertisement -

■ গুৱাহাটী: উচ্চমানৰ শিক্ষাৰ জৰিয়তে একোজন সচেতন নাগৰিক গঢ় দিয়াৰ লক্ষ্য আগত লৈ নিৰৱচ্ছিন্ন প্ৰয়াসেৰে শিক্ষাজগতত প্ৰৱেশ কৰা অসম ডন বস্ক’ বিশ্ববিদ্যালয়ৰ ত্ৰয়োদশ সমাৱৰ্তন ১৪ ছেপ্টেম্বৰত বিশ্ববিদ্যালয়ৰ টেপেচিয়া  প্ৰাংগনত অনুষ্ঠিত হয় । সমাৱৰ্তনখনত মূখ্য অতিথিৰ আসন শুৱনি কৰে সৰ্বভাৰতীয় ফাৰ্মাচী পৰিষদৰ সভাপতি  ড° মন্টুকুমাৰ এম পেটেলে ।

ইয়াৰ লগতে বিশ্ববিদ্যালয়খনৰ আচাৰ্য ফাডাৰ চেবাষ্টিয়ান মেথিউ, উপাচাৰ্য ফাডাৰ ( ড°) জ’চ পেলেলি, সম উপাচাৰ্য ফাডাৰ জোচেফ নেল্লানাট, বিশ্ববিদ্যালয়ৰ অন্তৰ্গত বিভিন্ন বিদ্যালয়ৰ সঞ্চালকসকল, বিভিন্ন বিভাগৰ মুৰব্বীসকল, শিক্ষকবৃন্দ, শিক্ষাৰ্থীসকল আৰু সমাজৰ বিভিন্ন ক্ষেত্ৰৰ বিশিষ্ট তথা গণ্যমান্য ব্যক্তিসকলে সমাৱৰ্তনখনত অংশগ্ৰহণ কৰে ।

সমাৱৰ্তনখনিত ৩২ জন গৱেষকক ডক্টৰেট উপাধি প্ৰদান কৰাৰ লগতে বিজ্ঞান, কলা, বাণিজ্য, প্ৰযুক্তিবিদ্যা, মানৱীয় বিজ্ঞান, ব্যৱস্থাপনাৰ বিভিন্ন বিষয়ত সৰ্বমুঠ ১৩১৬ জন শিক্ষাৰ্থীক স্নাতক আৰু স্নাতকোত্তৰ উপাধি প্ৰদান কৰা হয় । ইয়াৰে ভিতৰত  ৫৮১ জনক স্নাতক আৰু ৬১৩ জনক স্নাতকোত্তৰ উপাধি প্ৰদান কৰা হয় ।  ইয়াৰ উপৰিও বিশ্ববিদ্যালয়ৰ অন্তৰ্গত ডন বস্ক’ গোলকীয় কেন্দ্ৰৰদ্বাৰা পৰিচালিত সতাঁৰ আৰু দূৰশিক্ষা পাঠ্যক্ৰমৰ (Online and Distance Education) জৰিয়তে  সৰ্বমুঠ ৮৭ জন শিক্ষাৰ্থীক বিভিন্ন বিষয়ত স্নাতক উপাধি প্ৰদান কৰাৰ লগতে ৩ জন শিক্ষাৰ্থীক স্নাতকোত্তৰ ডিপ্লমা আৰু প্ৰমাণপত্ৰ প্ৰদান কৰা হয়।  বিশ্বৰ বিভিন্ন প্ৰান্তৰপৰা ২০ জন শিক্ষাৰ্থীয়ে সমাৱৰ্তনখনত অনলাইনযোগে অংশগ্ৰহণ কৰে । প্ৰতিটো বিভাগতে সৰ্ব্বোচ্চ নম্বৰপ্ৰাপ্ত মুঠ ৩৯ জন শিক্ষাৰ্থীক সোণৰ পদক প্ৰদান কৰা হয় ।

স্নাতকোত্তৰ পাঠ্যক্ৰমত সৰ্ব্বোচ্চ নম্বৰপ্ৰাপ্ত ৰসায়ন বিদ্যা বিভাগৰ প্ৰত্যাশী চেতিয়াক শ্ৰেষ্ঠ স্নাতকোত্তৰ শিক্ষাৰ্থীৰ বাবে আাচাৰ্য পদক আৰু স্নাতক পাঠ্যক্ৰমত সৰ্ব্বোচ্চ নম্বৰপ্ৰাপ্ত গণিত বিভাগৰ দীক্ষা মজুমদাৰক শ্ৰেষ্ঠ স্নাতক শিক্ষাৰ্থীৰ বাবে উপাচাৰ্যৰ পদক প্ৰদান কৰা হয়। বিশেষভাৱে প্ৰদান কৰা বঁটাসমূহৰ ভিতৰত, শিক্ষা, সামাজিক দায়বদ্ধতা, নেতৃত্বৰ ভূমিকা আৰু পাঠ্যক্ৰম আৰু পাঠ্যক্ৰমৰ বহিৰ্ভূত কাৰ্যকলাপত ব্যতিক্ৰমী প্ৰতিভাৰ বাবে স্নাতক শাখাৰ পৰা কম্পিউটাৰ বিজ্ঞান আৰু অভিযান্ত্ৰিক বিভাগৰ আকাশ বেনাৰ্জীক ‘ফাদাৰ ষ্টিফেন মাভেলী সোণৰ পদক’ প্ৰদান কৰা হয় আৰু স্নাতকোত্তৰ শাখাৰ পৰা মনোবিজ্ঞান বিভাগৰ মন্টেৰিঅ এমব্ৰছ বস্ক’ জ’নক ‘জে এন বাউৰী ব্যতিক্ৰমী পদক’ প্ৰদান কৰা হয় । মনস্তাত্ত্বিক দিশত পৰামৰ্শৰ জৰিয়তে সমাজলৈ আগবঢ়োৱা অৱদানৰ বাবে মনোবিজ্ঞান বিভাগৰ মেৰাচেন না জামিৰক পাৰ্থ ডে সোণৰ পদক প্ৰদান কৰা হয়। অসম ডনবস্ক’ বিশ্ববিদ্যালয়ৰ সামাজিক দায়বদ্ধতাৰ দিশৰ সৈতে সংগতি ৰাখি বিশ্ববিদ্যালয়খনে মানসিক স্বাস্থ্য আৰু পৰামৰ্শৰ প্ৰতি নিজৰ জীৱন উৎসৰ্গা কৰাৰ প্ৰতি আগ্ৰহী ছাত্ৰ-ছাত্ৰীসকলক উৎসাহ যোগোৱাৰ বাবে পাৰ্থ ডে বৃত্তিৰ প্ৰৱৰ্তন কৰিছে । এইবাৰ নফিছা আৰা বেগমক এই বৃত্তি প্ৰদান কৰা হৈছে । মনস্তাত্ত্বিক পৰামৰ্শৰ দিশত তেওঁৰ  ভূমিকা, ইয়াৰ প্ৰতি থকা আকৰ্ষণ, মানসিক স্বাস্থ্যৰ দিশত স্বেচ্ছামূলক কাম আৰু পৰামৰ্শৰ জৰিয়তে শিশু আৰু পৰিয়ালক সহায় কৰাৰ বাবে তেওঁক এই বৃত্তি প্ৰদান কৰা হৈছে।

সমাৱৰ্তনখনৰ আদৰণি ভাষণ প্ৰদান কৰি উপাচাৰ্য ফাডাৰ ( ড°) জ’চ পেলেলিয়ে শিক্ষাৰ্থীসকলক অভিনন্দন জনায় আৰু তেওঁ তেওঁলোকক তেওঁলোকে কৰা কামৰ প্ৰতি উৎসাহী হ’বলৈ, তেওঁলোকৰ লক্ষ্যস্থানত উপনীত হোৱাত গুৰুত্ব দিবলৈ, সকলোকে সন্মান আৰু সহানুভূতিৰে ব্যৱহাৰ কৰিবলৈ, বিশ্ববিদ্যালয়ত তেওঁলোকে শিকা মূল্যবোধৰ সৈতে তেওঁলোকৰ সিদ্ধান্তবোৰ সঠিকভাৱে ল’বলৈ উৎসাহিত কৰে । সমাৱৰ্তনখনৰ সমগ্ৰ কাৰ্য্যসূচী ৱেবছাইট www.dbuniversity.ac.in যোগে পোনপটীয়া সম্প্ৰচাৰ কৰা হয় । ৰাষ্ট্ৰীয় সংগীত পৰিৱেশনৰ জৰিয়তে সমাৱৰ্তনখনৰ সামৰণি পৰে ।

Hot this week

Bajaj Finance’s Financial Literacy initiative ‘Arthsutra Samvad’ Reaches Assam’s Heartland

  The Pan-India Financial Literacy programme aims to promote...

কোন হ’ব বিহালীত পৰৱৰ্তী বিধায়ক ? দিগন্ত ঘাটোৱালৰ আসন কোনে দখল কৰিব :

কোন হ’ব বিহালীত পৰৱৰ্তী বিধায়ক ? দিগন্ত ঘাটোৱালৰ আসন...

Let’s Break It Down this World Hepatitis Day

Guwahati, July 28, 2025: Marking World Hepatitis Day on...

Poor family availing PMJAY benefits in SSB Composite Hospital...

Topics

Poor family availing PMJAY benefits in SSB Composite Hospital...

Let’s Break It Down this World Hepatitis Day

Guwahati, July 28, 2025: Marking World Hepatitis Day on...

কোন হ’ব বিহালীত পৰৱৰ্তী বিধায়ক ? দিগন্ত ঘাটোৱালৰ আসন কোনে দখল কৰিব :

কোন হ’ব বিহালীত পৰৱৰ্তী বিধায়ক ? দিগন্ত ঘাটোৱালৰ আসন...

সুভাংশু শুক্লাসহ অন্য ৩ গৰাকী মহাকাশচাৰীৰ পৃথিৱী অভিমুখে ওভতনি যাত্রা

AXIOM-4 অভিযানৰ সুভাংশু শুক্লাসহ অন্য ৩ গৰাকী মহাকাশচাৰীৰ পৃথিৱী...

Related Articles

Popular Categories

Assam
clear sky
27.4 ° C
27.4 °
27.4 °
84 %
0.8kmh
6 %
Wed
27 °
Thu
34 °
Fri
33 °
Sat
33 °
Sun
30 °