Thursday, June 12, 2025
32.8 C
Guwahati
TOP NEWS:

বিশিষ্ট নিবন্ধকাৰ ড॰ সব্যসাচী মহন্তলৈ আগবঢ়ালে ‘শিক্ষা পদ্ম’ বঁটা- ২০২৪

- Advertisement -
- Advertisement -
- Advertisement -
- Advertisement -

‘আকৌ এবাৰ জাতীয় জীৱনৰে সংপৃক্ত হৈ পুনৰ এবাৰ সেৱাৰ মনোভাৱ আৰু সমৰ্পিত মনোভাৱেৰে নতুন উদ্যমেৰে আগবাঢ়ি যোৱাৰ শক্তি প্ৰদান কৰিছে’– ড॰ মহন্ত

শিৱসাগৰঃ অসমৰ অন্যতম জাতীয় অনুষ্ঠান অসমীয়া যুৱ মঞ্চ আৰু অসমীয়া মহিলা মঞ্চই কালি বিশিষ্ট গড়গাঁও মহাবিদ্যালয়ৰ অধ্যক্ষ, বিশিষ্ট নিবন্ধকাৰ, কবি তথা শিৱসাগৰ প্ৰেছ ক্লাবৰ সভাপতি ড॰ সব্যসাচী মহন্তলৈ তেওঁৰ কৰ্মৰাজিৰ দীৰ্ঘদিনীয়া স্বীকৃতি হিচাপে প্ৰদান কৰে ‘শিক্ষা পদ্ম’ বঁটা-২০২৪৷ সংগঠনটোৰ চৰাইদেউ জিলা সমিতিৰ উদ্যোগত, সাপেখাটী আঞ্চলিক সমিতি আৰু চৰাইদেউবাসী ৰাইজৰ সহযোগত সাপেখাটী চাৰিআলি ৰাজহুৱা প্ৰেক্ষাগৃহৰ প্ৰাংগণত আয়োজিত অসমীয়া যুৱ মঞ্চ আৰু অসমীয়া মহিলা মঞ্চৰ ১৯ সংখ্যক কেন্দ্ৰীয় প্ৰতিষ্ঠা দিৱসৰ মুকলি সভাত তেওঁক এই সন্মান প্ৰদান কৰে৷

বঁটাটি গ্ৰহণ কৰি সংগঠনটোৰ প্ৰতি কৃতজ্ঞতা প্ৰকাশেৰে ড॰ সব্যসাচী মহন্তই কয় যে, ‘সামাজিক, শৈক্ষিক, বৌদ্ধিকভাৱে অধিক দায়িত্বশীল, দায়বদ্ধ কৰি তুলিলে৷ আকৌ এবাৰ জাতীয় জীৱনৰে সংপৃক্ত হৈ পুনৰ এবাৰ সেৱাৰ মনোভাৱ আৰু সমৰ্পিত মনোভাৱেৰে নতুন উদ্যম, নতুন উৎসাহেৰে এক নতুন জীৱন পৰিকল্পনাৰে আগবাঢ়ি যোৱাৰ শক্তি-উদ্দীপনা প্ৰদান কৰিছে৷’ আনহাতে ‘স্বাভিমান’ শীৰ্ষক স্মৃতিগ্ৰন্থ উন্মোচন কৰে ডাঃ প্ৰকাশ বৰগোহাঁইয়ে৷ অনুষ্ঠানত অসমীয়া যুৱ মঞ্চৰ কেন্দ্ৰীয় সমিতিৰ সভাপতি যাদৱ গগৈ, প্ৰাক্তন সভাপতি ধৰ্মকান্ত গগৈ, প্ৰাক্তন সম্পাদক মণ্টু দাস, সংগ্ৰামী যুৱ ছাত্ৰ পৰিষদৰ সভাপতি দেৱজিৎ দত্তৰ লগতে অসমীয়া যুৱ মঞ্চৰ কেন্দ্ৰীয় নেতৃবৰ্গ উপস্থিত থাকে৷ জাগৃত মহিলা মঞ্চ চৰাইদেউ সমিতিয়ে বঁটা প্ৰদান অনুষ্ঠানৰ পূৰ্বে সমবেত সংগীত পৰিৱেশন কৰে৷ ইফালে পুৱা অনুষ্ঠানৰ আৰম্ভণিতে বিভিন্ন জাতি- জনগোষ্ঠীৰ সমন্বয়েৰে উলিওৱা বৰ্ণিল শোভাযাত্ৰা মুকলি কৰে বিশিষ্ট অভিনেত্ৰী প্ৰিয়ম পল্লৱীয়ে৷ নিশালৈ দেৱজিৎ বৰাৰ সংগীতানুষ্ঠানে অনুষ্ঠানত উপস্থিত থকা ৰাইজক মুগ্ধ কৰে৷

- Advertisement -

Hot this week

বিজ্ঞাপনৰ বাবদ পাবলগীয়া ধন সময়মতে আদায় দিবলৈ অসম চৰকাৰক অনুৰোধ আসাম ট্রিবিউন এমপ্লইজ ইউনিয়নৰ

আসাম ট্রিবিউন এমপ্লইজ ইউনিয়নে ট্রিবিউন গোষ্ঠীৰ বৰ্তমানৰ বিত্তীয় সংকটৰ...

ৰাজা ৰঘুবংশীৰ হত্যাৰ অভিযোগঃ পত্নী সোনম ৰঘুবংশীসহ ৩ অভিযুক্তক গ্ৰেপ্তাৰ

ইন্দোৰৰ ৰাজা ৰঘুবংশীৰ হত্যাৰ অভিযোগত পত্নী সোনম ৰঘুবংশীসহ ৩...

ASSAM RIFLES AND DRI RECOVER HEROINE WORTH ₹22.73 CRORE FROM KABUGANJ, ASSAM

In a major breakthrough Assam Rifles, in coordination with...

Topics

মোদী চৰকাৰৰ ১১ বছৰ সম্পূৰ্ণ

নৰেন্দ্ৰ মোদী চৰকাৰৰ ১১ বছৰ সম্পূৰ্ণ হোৱা উপলক্ষে নৰেন্দ্ৰ...

বিজ্ঞাপনৰ বাবদ পাবলগীয়া ধন সময়মতে আদায় দিবলৈ অসম চৰকাৰক অনুৰোধ আসাম ট্রিবিউন এমপ্লইজ ইউনিয়নৰ

আসাম ট্রিবিউন এমপ্লইজ ইউনিয়নে ট্রিবিউন গোষ্ঠীৰ বৰ্তমানৰ বিত্তীয় সংকটৰ...

উৎকট গৰমঃ কামৰূপ মহানগৰ জিলাৰ বিদ্যালয়সমূহৰ পাঠদানৰ সময়সূচীত সাল-সলনি

উৎকট গৰমৰ পৰিপ্ৰেক্ষিতত কামৰূপ মহানগৰ জিলাৰ বিদ্যালয়সমূহৰ পাঠদানৰ সময়...

ASSAM RIFLES AND DRI RECOVER HEROINE WORTH ₹22.73 CRORE FROM KABUGANJ, ASSAM

In a major breakthrough Assam Rifles, in coordination with...

অসমৰ আপুৰুগীয়া সত্ৰসমূহ অসমৰ বাবে চিনাকিৰ এক অন্য নাম

‘অসমৰ আপুৰুগীয়া সত্ৰসমূহ অসমৰ বাবে চিনাকিৰ এক অন্য নাম৷...

Related Articles

Popular Categories

Assam
clear sky
31.4 ° C
31.4 °
31.4 °
64 %
1.8kmh
0 %
Thu
32 °
Fri
35 °
Sat
33 °
Sun
34 °
Mon
33 °